--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গণতন্ত্ৰই মাৰিলে শেষ হাঁহি৷ বহু প্ৰতীক্ষাৰ অন্তত বাতিল হ’ল বিতৰ্কিত তিনিওখন কৃষক বিৰোধী আইন৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম ৷ ৰদ, বতাহ, ধুমুহা, বৰষুণ বা কোনো প্ৰাকৃতিক দুৰ্যোগেই বাধা দিব নোৱাৰা ভাৰতৰ ইতিহাসৰ এক সৰ্ববৃহৎ গণ আন্দোলন৷

চৰকাৰ যন্ত্ৰই আন্দোলনক হাজাৰ চেষ্টা কৰাৰ পাছতো এটা খোজো বিপথে পৰিচালিত কৰিব নোৱাৰিলে৷ তেওঁলোকৰ উদ্দেশ্য মাথো এটাই, যিকোনো মূল্যৰ বিনিময়ত বিৰ্তকিত এই তিনিখন কৃষি আইন বাতিল হ’বই লাগিব৷ কি দিন, কি ৰাতি, তেওঁলোকে কেৱল কৰি গ’ল আন্দোলন আৰু আন্দোলন৷ দিনৰ ভাগত যদি দিল্লীৰ আম্বলা, সিংঘু, টিকৰি সীমান্তত কৃষকৰ চৰকাৰ বিৰোধী তীব্ৰ আন্দোলন, নিশাৰ ভাগতো সেই একে উদ্যমেৰে কৃষকৰ তীব্ৰ আন্দোলন৷


২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হৈছিল ৷ সমান্তৰালভাৱে চলি গৈছিল তেওঁলোকৰ সংগ্ৰাম । আন্দোলনৰ হোৱাৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখন কৃষি আইনক লৈ৷ এই তিনিখন আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ভাৰতীয় কৃষকসকল। 'এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল এই আন্দোলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ এই আন্দোলনত প্ৰায় ৬০০ ৰ পৰা ৭০০ লোকে ইতিমধ্যে প্ৰাণ আহুতি দিলে৷

প্ৰতিবাদ-আন্দোলনৰ পিছৰে পৰা চৰকাৰে কৃষকসকলৰ সৈতে প্ৰায় ১৫ বাৰ আলোচনাত মিলিত হয়। কিন্তু এই আলোচনাত কৃষকসকলক এবাৰলৈ হ'লেও মান্তি কৰাবলৈ সক্ষম নহ'ল কেন্দ্ৰ চৰকাৰ। নিজ স্থিতিত আঁকোৰগোজ কৃষকসকলৰ এটাই দাবী যে বাতিল হ’ব লাগিব এই তিনিখন কৃষি আইন৷


অৱশেষত, বহু প্ৰতিক্ষাৰ অন্তত আজি বাতিল হ’ল কৃষকবিৰোধী এই তিনিখন কৃষি আইন৷ তিনিখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হ’লো। প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ বাবে আহ্বান জনায়। মোদীয়ে কয়,''আহক আমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰো।''

অৱশেষত কৃষকৰ জয় হ’ল৷ নিজৰ প্ৰাপ্য, অধিকাৰ যে ভাৰতীয়ই আন্দোলনৰ যোগেদি আজুৰি আনিব পাৰে সেইয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ কৃষকৰ এই জয় এক ঐতিহাসিক জয়। গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰাই যোৱা মানুহৰ বাবে এই আন্দোলনে গণতন্ত্ৰক পুনৰ বাৰ প্ৰতিষ্ঠা কৰিলে৷ কৃষকৰ এই সৰ্ববৃহৎ গণ আন্দোলন ভাৰতীয় ইতিহাসত সদায়েই সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক