--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গণতন্ত্ৰই মাৰিলে শেষ হাঁহি৷ বহু প্ৰতীক্ষাৰ অন্তত বাতিল হ’ল বিতৰ্কিত তিনিওখন কৃষক বিৰোধী আইন৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম ৷ ৰদ, বতাহ, ধুমুহা, বৰষুণ বা কোনো প্ৰাকৃতিক দুৰ্যোগেই বাধা দিব নোৱাৰা ভাৰতৰ ইতিহাসৰ এক সৰ্ববৃহৎ গণ আন্দোলন৷

চৰকাৰ যন্ত্ৰই আন্দোলনক হাজাৰ চেষ্টা কৰাৰ পাছতো এটা খোজো বিপথে পৰিচালিত কৰিব নোৱাৰিলে৷ তেওঁলোকৰ উদ্দেশ্য মাথো এটাই, যিকোনো মূল্যৰ বিনিময়ত বিৰ্তকিত এই তিনিখন কৃষি আইন বাতিল হ’বই লাগিব৷ কি দিন, কি ৰাতি, তেওঁলোকে কেৱল কৰি গ’ল আন্দোলন আৰু আন্দোলন৷ দিনৰ ভাগত যদি দিল্লীৰ আম্বলা, সিংঘু, টিকৰি সীমান্তত কৃষকৰ চৰকাৰ বিৰোধী তীব্ৰ আন্দোলন, নিশাৰ ভাগতো সেই একে উদ্যমেৰে কৃষকৰ তীব্ৰ আন্দোলন৷


২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হৈছিল ৷ সমান্তৰালভাৱে চলি গৈছিল তেওঁলোকৰ সংগ্ৰাম । আন্দোলনৰ হোৱাৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখন কৃষি আইনক লৈ৷ এই তিনিখন আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ভাৰতীয় কৃষকসকল। 'এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল এই আন্দোলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ এই আন্দোলনত প্ৰায় ৬০০ ৰ পৰা ৭০০ লোকে ইতিমধ্যে প্ৰাণ আহুতি দিলে৷

প্ৰতিবাদ-আন্দোলনৰ পিছৰে পৰা চৰকাৰে কৃষকসকলৰ সৈতে প্ৰায় ১৫ বাৰ আলোচনাত মিলিত হয়। কিন্তু এই আলোচনাত কৃষকসকলক এবাৰলৈ হ'লেও মান্তি কৰাবলৈ সক্ষম নহ'ল কেন্দ্ৰ চৰকাৰ। নিজ স্থিতিত আঁকোৰগোজ কৃষকসকলৰ এটাই দাবী যে বাতিল হ’ব লাগিব এই তিনিখন কৃষি আইন৷


অৱশেষত, বহু প্ৰতিক্ষাৰ অন্তত আজি বাতিল হ’ল কৃষকবিৰোধী এই তিনিখন কৃষি আইন৷ তিনিখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হ’লো। প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ বাবে আহ্বান জনায়। মোদীয়ে কয়,''আহক আমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰো।''

অৱশেষত কৃষকৰ জয় হ’ল৷ নিজৰ প্ৰাপ্য, অধিকাৰ যে ভাৰতীয়ই আন্দোলনৰ যোগেদি আজুৰি আনিব পাৰে সেইয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ কৃষকৰ এই জয় এক ঐতিহাসিক জয়। গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰাই যোৱা মানুহৰ বাবে এই আন্দোলনে গণতন্ত্ৰক পুনৰ বাৰ প্ৰতিষ্ঠা কৰিলে৷ কৃষকৰ এই সৰ্ববৃহৎ গণ আন্দোলন ভাৰতীয় ইতিহাসত সদায়েই সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement