--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজৱ পৃথিৱীত কিমান যে কি ঘটনা ঘটি থাকে। শেহতীয়াকৈ এজন ভাৰতীয় যুৱকৰ বিয়াৰ ছবিয়ে নেটিজেনৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ছবি খনত দেখা পোৱা যুৱক জনৰ নাম-ঠিকনা সঠিক ভাবে প্ৰকাশ কৰা হোৱা নাই যদিও কেৱল ছবি খনৰ বাবেই এতিয়া যুৱক জনক বহুতে তিৰস্কাৰ কৰা দেখা গৈছে।

পোহনীয়া কুকুৰটোক গৰাকীয়ে ভালপায়েই, সেইবুলি কুকুৰটোকে জীৱনসংগী কৰি ল’ব! সেয়া আকৌ কেনে কথা বুলিও বহুতে প্ৰশ্ন কৰা দেখা গৈছে। ছ'চিয়েল মিডিয়াত  ভাইৰেল হোৱা ছবি খনত দেখা গৈছে যে  এজন যুৱকে দৰাৰ সাজত বিয়া পাতিবলৈ মণ্ডপত বহি আছে।

যুৱক জনৰ পৰিধানত আছে   হালধীয়া পাঞ্জাৱী,  ডিঙিত মালা , মূৰত মুকুট। দৰাৰ কাষতে বহি আছে কইনাও। কিন্তু কইনা মানুহৰ সলনি এটি কুকুৰহে। ঠিক কইনাৰ দৰেই বহি থকা কুকুৰটোৰ ডিঙিত মালা, ৰঙা শাৰী, কপালত ৰঙা ফোট জিলিকি আছে। 


ভাইৰেল হোৱা  এখন ছবিত দৰাৰ বেশত থকা যুৱকজনে 'কইনা'ৰ গালত চুমা খাই থকাও দেখা গৈছে।  যুৱকজনে পোহনীয়া কুকুৰটোক বিয়া কৰাইছে পৰিয়ালৰ উপস্থিতিতে! বিয়াৰ স্থান হয়তো উত্তৰ ভাৰতৰে কোনো ৰাজ্যৰ হ’ব। স্থান যিয়েই নহওঁক, এই আচৰিত ধৰণৰ বিয়া খনে পিছে ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহা বোৱাইছে।

 সকলোৱে যুৱকজনৰ মানসিকতাক গৰিহণা দিছে। বহু নেটিজেনে লিখিছে " বিয়াতো কৰালাই, এতিয়া মধুচন্দ্রিমাৰ বাবে দিঘালৈ যোৱা", কোনোবাই লিখিছিল, "মাকে এই ল’ৰাজনক হয়তো  কুকুৰ বুলি কৈছিল, সেয়ে পুত্ৰই কুকুৰেই বিয়া পাতিলে" উল্লেখ্য ঝাৰখণ্ডতো কিছুদিন পূৰ্বে এগৰাকী যুৱতীৰ সৈতে এটা কুকুৰৰ বিয়া পাতি দিয়া হৈছিল। 

সেই ফটোখনো নিমিষতে ভাইৰেল হৈ পৰিছিল। অৱশ্যে, পিছত জনা গৈছিল  যে  গ্ৰহ দোষ দূৰ কৰিবলৈয়েই এনেদৰে যুৱতীগৰাকীক কুকুৰৰ সৈতে বিয়া পাতি দিয়া হৈছিল।শেহতীয়া বিয়া খনো হয়তো তেনে অন্ধবিশ্বাসৰে ফল হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে