--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজৱ পৃথিৱীত কিমান যে কি ঘটনা ঘটি থাকে। শেহতীয়াকৈ এজন ভাৰতীয় যুৱকৰ বিয়াৰ ছবিয়ে নেটিজেনৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ছবি খনত দেখা পোৱা যুৱক জনৰ নাম-ঠিকনা সঠিক ভাবে প্ৰকাশ কৰা হোৱা নাই যদিও কেৱল ছবি খনৰ বাবেই এতিয়া যুৱক জনক বহুতে তিৰস্কাৰ কৰা দেখা গৈছে।

পোহনীয়া কুকুৰটোক গৰাকীয়ে ভালপায়েই, সেইবুলি কুকুৰটোকে জীৱনসংগী কৰি ল’ব! সেয়া আকৌ কেনে কথা বুলিও বহুতে প্ৰশ্ন কৰা দেখা গৈছে। ছ'চিয়েল মিডিয়াত  ভাইৰেল হোৱা ছবি খনত দেখা গৈছে যে  এজন যুৱকে দৰাৰ সাজত বিয়া পাতিবলৈ মণ্ডপত বহি আছে।

যুৱক জনৰ পৰিধানত আছে   হালধীয়া পাঞ্জাৱী,  ডিঙিত মালা , মূৰত মুকুট। দৰাৰ কাষতে বহি আছে কইনাও। কিন্তু কইনা মানুহৰ সলনি এটি কুকুৰহে। ঠিক কইনাৰ দৰেই বহি থকা কুকুৰটোৰ ডিঙিত মালা, ৰঙা শাৰী, কপালত ৰঙা ফোট জিলিকি আছে। 


ভাইৰেল হোৱা  এখন ছবিত দৰাৰ বেশত থকা যুৱকজনে 'কইনা'ৰ গালত চুমা খাই থকাও দেখা গৈছে।  যুৱকজনে পোহনীয়া কুকুৰটোক বিয়া কৰাইছে পৰিয়ালৰ উপস্থিতিতে! বিয়াৰ স্থান হয়তো উত্তৰ ভাৰতৰে কোনো ৰাজ্যৰ হ’ব। স্থান যিয়েই নহওঁক, এই আচৰিত ধৰণৰ বিয়া খনে পিছে ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহা বোৱাইছে।

 সকলোৱে যুৱকজনৰ মানসিকতাক গৰিহণা দিছে। বহু নেটিজেনে লিখিছে " বিয়াতো কৰালাই, এতিয়া মধুচন্দ্রিমাৰ বাবে দিঘালৈ যোৱা", কোনোবাই লিখিছিল, "মাকে এই ল’ৰাজনক হয়তো  কুকুৰ বুলি কৈছিল, সেয়ে পুত্ৰই কুকুৰেই বিয়া পাতিলে" উল্লেখ্য ঝাৰখণ্ডতো কিছুদিন পূৰ্বে এগৰাকী যুৱতীৰ সৈতে এটা কুকুৰৰ বিয়া পাতি দিয়া হৈছিল। 

সেই ফটোখনো নিমিষতে ভাইৰেল হৈ পৰিছিল। অৱশ্যে, পিছত জনা গৈছিল  যে  গ্ৰহ দোষ দূৰ কৰিবলৈয়েই এনেদৰে যুৱতীগৰাকীক কুকুৰৰ সৈতে বিয়া পাতি দিয়া হৈছিল।শেহতীয়া বিয়া খনো হয়তো তেনে অন্ধবিশ্বাসৰে ফল হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ