--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট্ৰ’লৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু খনিজজাত দ্ৰব্যৰ ওপৰত দেশৰ স্ব-নিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰ চৰকাৰে ‘ইথালন ব্লেণ্ডিং প্ৰগেম’ নামৰ প্ৰকল্পটো হাতত লৈছিল। ৪১ হাজাৰ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা এই প্ৰকল্পৰ দ্বাৰা পেট্ৰ’লৰ মূল্য নিয়ন্ত্ৰণ, তেলৰ আমদানি হ্ৰাস আৰু প্ৰদূষণ ৰোধ কৰিব পৰা যাব বুলি কেন্দ্ৰ চৰকাৰে জনসাধাৰণক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু ইথানল মিহলি পেট্ৰ’ল বজাৰত উপলব্ধ হোৱাৰ লগে লগেই ওলাই পৰিল চৰকাৰে গাপ দি ৰখা ‘জোলোঙাৰ মেকুৰী’।


চৰকাৰে তৈল কোম্পানীসমূহক দিয়া নিৰ্দেশনা অনুসৰিয়েই আজিৰে পৰা প্ৰতি লিটাৰ পেট্ৰ’লত মিহলোৱা হৈছে ১০ শতাংশ ইথানল। কিন্তু কথা দি কথা ৰাখিব পৰা নাই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে। ১০ শতাংশ ইথানল মিহলি হোৱা পাছতো আজিৰে পৰা কমা নাই পেট্ৰ’লৰ মূল্য। পূৰ্বে কোৱা হৈছিল যে প্ৰতি লিটাৰ পেট্ৰ’লত ইথানলৰ মাত্ৰা ২ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰিলে হ্ৰাস পাব পেট্ৰ’লৰ মূল্য। কিন্তু আজিও দেশৰ পেট্ৰ’ল পাম্পত অৱৰ্তিত পূৰ্বৰ মূল্যই। আজিৰ দিনটোত ১ লিটাৰ পেট্ৰলৰ মূল্য ৯৫.৫৩ টকা। তাৰ বিপৰীতে ১ লিটাৰ ইথানলৰ মূল্য ৪৬.৬৬ টকা। সেই অনুপাতে ১ লিটাৰ পেট্ৰ’লত ১০ শতাংশ ইথানল মিহলি কৰিলে পেট্ৰ’লৰ নতুন নিৰিখ হ’ব লাগে ৯০.৬৪ টকা। কিন্তু জনসাধাৰণক আভুৱাভাৰি আজিও পেট্ৰল পাম্পবোৰত ৯৫.৫৩ টকাতেই বিক্ৰী হৈ আছে প্ৰতি লিটাৰ পেট্ৰ’ল। অৰ্থাৎ পেট্ৰ’লৰ মূল্যত জনসাধাৰণে কিনিব লগা হৈছে ইথানল মিশ্ৰিত পেট্ৰ’ল।


অন্যহাতে, বিশেষজ্ঞসকলৰ মতে ইথানল পানীত মিহলি হ’লে সকলোবোৰ পানী হৈ যায় আৰু ই গাড়ীৰ ইঞ্জিনৰ বাবে ক্ষতিকাৰক। তদুপৰি এতিয়াও ইথানল মিহলি ইন্ধনেৰে গাড়ীৰ ইঞ্জিন চলাব পৰাকৈ কোনো ভাৰতীয় গাড়ী নিৰ্মাণ কোম্পানীয়ে প্ৰস্তুত কৰা নাই গাড়ী। এই কথা কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীখনক জনাইছিল গাড়ী নিৰ্মাণ কোম্পানীসমূহে। এনে কিছু দিশ বিবেচনা কৰি বিশেষজ্ঞ কমিটীখনে কেন্দ্ৰীয় চৰকাৰক ২০২৫ চনৰ ভিতৰত ১০ শতাংশ আৰু ২০৩০ চনৰ ভিতৰত ২০ শতাংশলৈ পৰ্যায়ক্ৰমে ইথানলৰ মাত্ৰা বৃদ্ধি কৰিব পৰা যাব বুলি জনাইছিল। কিন্তু বিশেষজ্ঞৰ কথালৈ কৰ্ণপাত নকৰি হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যাৰ পৰিণাম ভোগ কৰিবলৈ গৈ আছে সমগ্ৰ দেশৰ জনতাই। গাড়ীৰ ইঞ্জিনবোৰে ইথানল মিশ্ৰিত ইন্ধন গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহওঁতেই উত্তৰ-প্ৰদেশৰ নিৰ্বাচনৰ বাবে বনিক গোষ্ঠীক তুষ্ট কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অতিকে আত্মঘাটী আৰু অবিবেচক সিদ্ধান্ত বুলি গণ্য হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন