--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বহুৰূপী মোদীৰ বিবিধা আখ্যান। কেতিয়াবা যদি ৰবীন্দ্ৰনাথৰ ৰূপত কেতিয়াবা আকৌ চাহবেপাৰী মোদী। নিসংগতাৰ দুৱাৰখুলি কেতিয়াবা যদি গুহাত আশ্ৰয় লৈছে কেতিয়াবা আকৌ আমেৰিকাত বজাইছে মাদল! দেশে-বিদেশে বিভিন্ন ৰূপত মোদী ৰ এই অৱতাৰ দেখি সাধাৰণ নাগৰিকো এতিয়া হতবাক। কোন আচল, কোন নকল! মুঠৰ ওপৰত দোমোজা আৰু দোমোজা। ভাষণত দেশৰ আন্তঃগাঁথনিৰ কথা কোৱা, আঁচনিত যাৰ আন্তনিৰ্ভৰ ভাৰতৰ শ্ল’গান সেই একেগৰাকী মোদীৰে এইবাৰ নতুন আবিৰ্ভাৱ। এইবাৰ মোদীয়ে গ্ৰহণ কৰিছে নতুন পথ। উল্লেখ্য যে, কাশী বিশ্বনাথ মন্দিৰ আৰু মন্দিৰ চৌহদত চামৰাৰ জোতা পিন্ধা নিষিদ্ধ। মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলে খালি ভৰিৰে খোজ কাঢ়ে।

১৬ ডিচেম্বৰত কাশী বিশ্বনাথ ক’ৰিডৰ উদ্বোধন কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰিছে অনন্য পদক্ষেপ। মন্দিৰৰ কৰ্মকৰ্তালৈ আকৰ্ষণীয় উপহাৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ ধামৰ সেৱা আৰু কৰ্মচাৰীসকলৰ বাবে ১০০ যোৰ পাতৰ জোতা প্ৰেৰণ কৰিছে। এই ৰংবিৰঙৰ জোতাবোৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলৰ ওচৰলৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা উপহাৰ গ্ৰহণ কৰি মন্দিৰৰ কৰ্মচাৰী আৰু সেৱাকৰ্মীসকল স্বাভাৱিকতে সুখী। কিন্তু মোদী ৰ এনে কাৰ্যক লৈ এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম