--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বহুৰূপী মোদীৰ বিবিধা আখ্যান। কেতিয়াবা যদি ৰবীন্দ্ৰনাথৰ ৰূপত কেতিয়াবা আকৌ চাহবেপাৰী মোদী। নিসংগতাৰ দুৱাৰখুলি কেতিয়াবা যদি গুহাত আশ্ৰয় লৈছে কেতিয়াবা আকৌ আমেৰিকাত বজাইছে মাদল! দেশে-বিদেশে বিভিন্ন ৰূপত মোদী ৰ এই অৱতাৰ দেখি সাধাৰণ নাগৰিকো এতিয়া হতবাক। কোন আচল, কোন নকল! মুঠৰ ওপৰত দোমোজা আৰু দোমোজা। ভাষণত দেশৰ আন্তঃগাঁথনিৰ কথা কোৱা, আঁচনিত যাৰ আন্তনিৰ্ভৰ ভাৰতৰ শ্ল’গান সেই একেগৰাকী মোদীৰে এইবাৰ নতুন আবিৰ্ভাৱ। এইবাৰ মোদীয়ে গ্ৰহণ কৰিছে নতুন পথ। উল্লেখ্য যে, কাশী বিশ্বনাথ মন্দিৰ আৰু মন্দিৰ চৌহদত চামৰাৰ জোতা পিন্ধা নিষিদ্ধ। মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলে খালি ভৰিৰে খোজ কাঢ়ে।

১৬ ডিচেম্বৰত কাশী বিশ্বনাথ ক’ৰিডৰ উদ্বোধন কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰিছে অনন্য পদক্ষেপ। মন্দিৰৰ কৰ্মকৰ্তালৈ আকৰ্ষণীয় উপহাৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ ধামৰ সেৱা আৰু কৰ্মচাৰীসকলৰ বাবে ১০০ যোৰ পাতৰ জোতা প্ৰেৰণ কৰিছে। এই ৰংবিৰঙৰ জোতাবোৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিৰৰ সেৱক আৰু কৰ্মচাৰীসকলৰ ওচৰলৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা উপহাৰ গ্ৰহণ কৰি মন্দিৰৰ কৰ্মচাৰী আৰু সেৱাকৰ্মীসকল স্বাভাৱিকতে সুখী। কিন্তু মোদী ৰ এনে কাৰ্যক লৈ এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ