--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সাংবাদিতা আৰু সাংবাদিক এতিয়া কি পৰ্যায়লৈ নামিছে তাৰ চৰ্চা সচেতন মহলৰ মুখে মুখে। সংবাদসেৱাৰ দৰে পবিত্ৰ আৰু অতি দায়িত্বশীল বৃত্তি এটাৰ সৈতে জড়িত লোকসকলৰ আপোচকামী মনোবৃত্তি আৰু অসাধুতাই এতিয়া দেশৰ গণতান্ত্ৰিক গাঁঠনিটোকে কৰি তুলিছে থৰক-বৰক। এনে নহয় যে, এইসকল সাংবাদিকে নিজৰ অজ্ঞাতে এই সকলো কাম কৰিছে। শাসকৰ হৈ কাম কৰাৰ প্ৰৱণতাই দেশ-দুনিয়াৰ প্ৰতি সকলো দায়িত্ব পাহৰোৱা সাংবাদিকৰ স্খলিত ৰূপটো এতিয়া সমাজৰ সন্মুখত জলজল-পটপটকৈ ধৰা পৰিছে।

এতিয়া সচেতন মহলে দেশৰ সাংবাদিকতাৰ আপোচকামী ৰূপটোৰ সৈতে মুখামুখি হৈ একপ্ৰকাৰ বিতৃষ্ণাত ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু এইকথাও ঠিক যে, এইসকল সাংবাদিকে তেওঁলোকৰ এই দুষ্কাৰ্য এতিয়া লুকুৱাই ৰাখিব পৰা অৱস্থাত নাই। সেইকথা তেওঁলোকেও অনুভৱ কৰে। সেইবাবে নিজৰ মুখাৰ আঁৰৰ মুখখন খোল খাই পৰাৰ ভয়ে তেওঁলোকক যেন খেদি ফুৰে। যিখন মুখা পিন্ধি তেওঁলোকে দেশৰ জনগণক আঁভুৱা ভাৰাৰ লগতে শাসকৰ স্বাৰ্থ সিদ্ধিৰ চেষ্টা কৰি আহিছে। এনে এগৰাকী সাংবাদিকৰ শেহতীয়া এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ উঠাৰ সময়তে এতিয়া সংবাদ মাধ্যমৰ ভূমিকাক লৈও প্ৰশ্নৰ উত্থাপন কৰিছে এই ভাইৰেল ভিডিঅ’টোৱে।

https://twitter.com/091Rajeshkumar/status/1480613168548245506


উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী তৎপৰ হৈ উঠাৰ সময়তে সংবাদ মাধ্যমৰো তৎপৰতা পৰিলক্ষিত হৈছে। দেশৰ এটা চৰ্চিত ‘নিউজ চেনেল’ ‘আজ টক’-এ আয়োজন কৰা এটা নিৰ্বাচন সম্পৰ্কীয় অনুষ্ঠানত অংশ লৈছিল সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। এগৰাকী পৰিচিত টিভি এংকৰ অঞ্জনা ওম কাশ্যপে তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সাক্ষাৎকাৰৰ মাজতে অখিলেশ যাদৱে অঞ্জনা ওম কাশ্যপ ‘সৎ’ বুলি কোৱাক লৈয়েই সৃষ্টি হ’ল একপ্ৰকাৰ লংকাকাণ্ডৰ। অখিলেশে কৈছিল, ‘মই সৎ সাংবাদিকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছোঁ, তাত আপোনাৰ নামো আছে। মই সঁচাকৈয়ে কৈছোঁ। এতিয়া যিহেতু ৰথ চলাটো বন্ধ হৈ পৰিল, ভাৰ্চুৱেল ৰেলী আৰম্ভ হৈছে। গতিকে মই দেশৰ সৎ সাংবাদিকসকলৰ তালিকা প্ৰস্তুত কৰিছোঁ।’ অখিলেশৰ এই মন্তব্যক সহজভাৱে গ্ৰহণ নকৰিলে অঞ্জনা ওম কাশ্যপে। তেওঁ কিয় ‘সৎ’ বুলিব তাকে লৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিলে এংকৰগৰাকীয়ে। চাবলৈ গ’লে এগৰাকী সাংবাদিকক সৎ বোলাটো নিশ্চয় কটাক্ষ হ’ব নোৱাৰে। কিন্তু কাৰোবাৰ কাৰণে ‘সৎ’ বুলি কোৱাটো কটাক্ষ হৈ পৰিছে তেন্তে এইকথা ঠিক যে নিশ্চয় কৰ’বাত কিবা এটা বিজুতি আছে। হয়তো তেওঁ নিজৰ অসততাক লৈ সচেষ্ট আৰু সতৰ্ক আৰু সেইবাবেই আনে সৎ বোলাটো তেওঁৰ সহ্য হোৱা নাই আৰু সেই বাবে তেওঁ ইয়াক কটাক্ষ বুলি গ্ৰহণ কৰিছে। অখিলেশে অঞ্জনা ওম কাশ্যপৰ প্ৰতিক্ৰিয়া দেখি স্বভাৱসুলভ ভংগিমাৰে কৈ উঠে, এতিয়া প্ৰশংসাও যদিহে কোনোবাই ঠাট্টা বুলি ভাবে মইনো কি কৰিম?


কথাটো দেখাত সৰু যেন লাগিলেও ই কিন্তু দেশৰ সংবাদ মাধ্যমৰ প্ৰকৃত স্বৰূপটোকে এতিয়া প্ৰকট কৰি তুলিছে। শাসকৰ পক্ষত কথা ক’বলৈ গৈ, শাসকৰ সৰ্বদিশৰ পৰা সুৰক্ষা দিবলৈ গৈ এচাম সাংবাদিকে যিবোৰ কাৰ্য কৰি গৈছে তাৰ স্বৰূপ সাধাৰণ জনতাইটো বুজি পাইছে তদুপৰি তেওঁলোক নিজেও যেন মুখ লুকুৱাই চলিব নোৱৰা অৱস্থা হৈছে। বালিত মুখ গুঁজি লুকাই থাকিব বুলি ভবা ভ্ৰম ভঙাৰ পাছত সেইবাবেই এতিয়া তেওঁলোকৰ বাবে ‘সৎ’, ‘সাহসী’, ‘নিষ্ঠাৱান’, ‘নিৰপেক্ষ’, ‘ন্যায়নিষ্ঠ’ আদি শব্দবোৰ যেন হৈ পৰিছে অসহনীয় একো একোটা বোজা। তেওঁলোকে যেন এতিয়া নিজেই স্পষ্ট কৰি দিব বিচাৰিছে, মই ‘সৎ’ নহয়েই ‘সৎ’ বুলি কৈ মোক কটাক্ষ কৰিব কিয়? ভাৰতৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক দেশৰ চতুৰ্থ স্তম্ভ আখ্যা পোৱা সংবাদ মাধ্যমৰ বাবে ইয়াতকৈ লজ্জাজনক কিবা থাকিব পাৰেনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড
মাতৃহাৰা হ'ল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য
অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হাস্পাতালৰ বিছনাৰ পৰাই গীত জুৰিলে শিল্পী চৈয়দ চাদুল্লাই
এই ৫বিধ বীজ পেটৰ বাবে অতি উপকাৰী
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত