--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সাংবাদিতা আৰু সাংবাদিক এতিয়া কি পৰ্যায়লৈ নামিছে তাৰ চৰ্চা সচেতন মহলৰ মুখে মুখে। সংবাদসেৱাৰ দৰে পবিত্ৰ আৰু অতি দায়িত্বশীল বৃত্তি এটাৰ সৈতে জড়িত লোকসকলৰ আপোচকামী মনোবৃত্তি আৰু অসাধুতাই এতিয়া দেশৰ গণতান্ত্ৰিক গাঁঠনিটোকে কৰি তুলিছে থৰক-বৰক। এনে নহয় যে, এইসকল সাংবাদিকে নিজৰ অজ্ঞাতে এই সকলো কাম কৰিছে। শাসকৰ হৈ কাম কৰাৰ প্ৰৱণতাই দেশ-দুনিয়াৰ প্ৰতি সকলো দায়িত্ব পাহৰোৱা সাংবাদিকৰ স্খলিত ৰূপটো এতিয়া সমাজৰ সন্মুখত জলজল-পটপটকৈ ধৰা পৰিছে।

এতিয়া সচেতন মহলে দেশৰ সাংবাদিকতাৰ আপোচকামী ৰূপটোৰ সৈতে মুখামুখি হৈ একপ্ৰকাৰ বিতৃষ্ণাত ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু এইকথাও ঠিক যে, এইসকল সাংবাদিকে তেওঁলোকৰ এই দুষ্কাৰ্য এতিয়া লুকুৱাই ৰাখিব পৰা অৱস্থাত নাই। সেইকথা তেওঁলোকেও অনুভৱ কৰে। সেইবাবে নিজৰ মুখাৰ আঁৰৰ মুখখন খোল খাই পৰাৰ ভয়ে তেওঁলোকক যেন খেদি ফুৰে। যিখন মুখা পিন্ধি তেওঁলোকে দেশৰ জনগণক আঁভুৱা ভাৰাৰ লগতে শাসকৰ স্বাৰ্থ সিদ্ধিৰ চেষ্টা কৰি আহিছে। এনে এগৰাকী সাংবাদিকৰ শেহতীয়া এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ উঠাৰ সময়তে এতিয়া সংবাদ মাধ্যমৰ ভূমিকাক লৈও প্ৰশ্নৰ উত্থাপন কৰিছে এই ভাইৰেল ভিডিঅ’টোৱে।

https://twitter.com/091Rajeshkumar/status/1480613168548245506


উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী তৎপৰ হৈ উঠাৰ সময়তে সংবাদ মাধ্যমৰো তৎপৰতা পৰিলক্ষিত হৈছে। দেশৰ এটা চৰ্চিত ‘নিউজ চেনেল’ ‘আজ টক’-এ আয়োজন কৰা এটা নিৰ্বাচন সম্পৰ্কীয় অনুষ্ঠানত অংশ লৈছিল সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। এগৰাকী পৰিচিত টিভি এংকৰ অঞ্জনা ওম কাশ্যপে তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সাক্ষাৎকাৰৰ মাজতে অখিলেশ যাদৱে অঞ্জনা ওম কাশ্যপ ‘সৎ’ বুলি কোৱাক লৈয়েই সৃষ্টি হ’ল একপ্ৰকাৰ লংকাকাণ্ডৰ। অখিলেশে কৈছিল, ‘মই সৎ সাংবাদিকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছোঁ, তাত আপোনাৰ নামো আছে। মই সঁচাকৈয়ে কৈছোঁ। এতিয়া যিহেতু ৰথ চলাটো বন্ধ হৈ পৰিল, ভাৰ্চুৱেল ৰেলী আৰম্ভ হৈছে। গতিকে মই দেশৰ সৎ সাংবাদিকসকলৰ তালিকা প্ৰস্তুত কৰিছোঁ।’ অখিলেশৰ এই মন্তব্যক সহজভাৱে গ্ৰহণ নকৰিলে অঞ্জনা ওম কাশ্যপে। তেওঁ কিয় ‘সৎ’ বুলিব তাকে লৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিলে এংকৰগৰাকীয়ে। চাবলৈ গ’লে এগৰাকী সাংবাদিকক সৎ বোলাটো নিশ্চয় কটাক্ষ হ’ব নোৱাৰে। কিন্তু কাৰোবাৰ কাৰণে ‘সৎ’ বুলি কোৱাটো কটাক্ষ হৈ পৰিছে তেন্তে এইকথা ঠিক যে নিশ্চয় কৰ’বাত কিবা এটা বিজুতি আছে। হয়তো তেওঁ নিজৰ অসততাক লৈ সচেষ্ট আৰু সতৰ্ক আৰু সেইবাবেই আনে সৎ বোলাটো তেওঁৰ সহ্য হোৱা নাই আৰু সেই বাবে তেওঁ ইয়াক কটাক্ষ বুলি গ্ৰহণ কৰিছে। অখিলেশে অঞ্জনা ওম কাশ্যপৰ প্ৰতিক্ৰিয়া দেখি স্বভাৱসুলভ ভংগিমাৰে কৈ উঠে, এতিয়া প্ৰশংসাও যদিহে কোনোবাই ঠাট্টা বুলি ভাবে মইনো কি কৰিম?


কথাটো দেখাত সৰু যেন লাগিলেও ই কিন্তু দেশৰ সংবাদ মাধ্যমৰ প্ৰকৃত স্বৰূপটোকে এতিয়া প্ৰকট কৰি তুলিছে। শাসকৰ পক্ষত কথা ক’বলৈ গৈ, শাসকৰ সৰ্বদিশৰ পৰা সুৰক্ষা দিবলৈ গৈ এচাম সাংবাদিকে যিবোৰ কাৰ্য কৰি গৈছে তাৰ স্বৰূপ সাধাৰণ জনতাইটো বুজি পাইছে তদুপৰি তেওঁলোক নিজেও যেন মুখ লুকুৱাই চলিব নোৱৰা অৱস্থা হৈছে। বালিত মুখ গুঁজি লুকাই থাকিব বুলি ভবা ভ্ৰম ভঙাৰ পাছত সেইবাবেই এতিয়া তেওঁলোকৰ বাবে ‘সৎ’, ‘সাহসী’, ‘নিষ্ঠাৱান’, ‘নিৰপেক্ষ’, ‘ন্যায়নিষ্ঠ’ আদি শব্দবোৰ যেন হৈ পৰিছে অসহনীয় একো একোটা বোজা। তেওঁলোকে যেন এতিয়া নিজেই স্পষ্ট কৰি দিব বিচাৰিছে, মই ‘সৎ’ নহয়েই ‘সৎ’ বুলি কৈ মোক কটাক্ষ কৰিব কিয়? ভাৰতৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক দেশৰ চতুৰ্থ স্তম্ভ আখ্যা পোৱা সংবাদ মাধ্যমৰ বাবে ইয়াতকৈ লজ্জাজনক কিবা থাকিব পাৰেনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ