--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বাদশ্বাহ পুত্ৰ আৰিয়ান খান আৰু দুই ঘনিষ্ঠ সহযোগী আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচা এতিয়া ড্ৰাগছ ৰেকেটৰ অভিযোগত মুম্বাইৰ প্ৰমোদতৰীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত কাৰাগাৰেই হৈ পৰিছে ঠিকনা। অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত দ্বাৰস্ত হ’লেও আদালতে নাকচ কৰিছে জামিন আবেদন। ইফালে আদালতত মুখ খুলিছে বাহশ্বাহ পুত্ৰই।

আৰিয়ানে নিজকে আদালতত নিৰ্দোষ বুলি দাবী কৰিছে। আৰিয়ানে কয়, ‘মই ভাল ঘৰৰ সন্তান। ক'তো পলাই নাযাওঁ। আনকি তথ্য-প্ৰমাণবোৰো মচি নেপেলাওঁ।’ অকপট স্বীকাৰোক্তিৰ পাছতো জামিন আৱেদন মঞ্জুৰ কৰা নাই মুম্বাইৰ মেট্ৰ’পলিটান আদালতে। জামিন নোপোৱাৰ বাবে আদালতত ক্ৰোধান্বিত হৈ পৰে বাহশ্বাহ পুত্ৰ। শুকুৰবাৰে জামিনৰ শুনানিৰ সময়ত আদালতলৈ আৰিয়ানৰ প্ৰশ্ন,‘প্ৰমোদতৰীৰ পাৰ্টীত ১৩০০ লোক আছিল। কিন্তু কেবল ১৭ জন লোককহে কিয় গ্ৰেপ্তাৰ কৰা হৈছে? বাকীবোৰ কলৈ গ’ল?’

ইফালে অধিবক্তা সতীশ মানশিন্দে আৰিয়ানৰ পক্ষত আইনী যুঁজত অৱতীৰ্ণ হৈছে। নথিভুক্ত কৰিছে কেতবোৰ তথ্য। অৱশ্যে, আৰিয়ান আৰু তেওঁৰ অধিবক্তাৰ দাবী বা যুক্তিত এতিয়ালৈকে মন গলা নাই আদালতৰ। কি হ’ব আৰিয়ানৰ ভৱিষ্যত? আইনী সুৰুঙাৰে সৰকি যাবলৈ সক্ষম হ’ব জানো আৰিয়ান? সতীশে পাৰিব জানো বাদশ্বাহৰ ভাগ্যদশা সলাব? এনে কেতবোৰ প্ৰশ্নই সম্প্ৰতি চৰ্চিত হোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ