--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বাদশ্বাহ পুত্ৰ আৰিয়ান খান আৰু দুই ঘনিষ্ঠ সহযোগী আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচা এতিয়া ড্ৰাগছ ৰেকেটৰ অভিযোগত মুম্বাইৰ প্ৰমোদতৰীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত কাৰাগাৰেই হৈ পৰিছে ঠিকনা। অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত দ্বাৰস্ত হ’লেও আদালতে নাকচ কৰিছে জামিন আবেদন। ইফালে আদালতত মুখ খুলিছে বাহশ্বাহ পুত্ৰই।

আৰিয়ানে নিজকে আদালতত নিৰ্দোষ বুলি দাবী কৰিছে। আৰিয়ানে কয়, ‘মই ভাল ঘৰৰ সন্তান। ক'তো পলাই নাযাওঁ। আনকি তথ্য-প্ৰমাণবোৰো মচি নেপেলাওঁ।’ অকপট স্বীকাৰোক্তিৰ পাছতো জামিন আৱেদন মঞ্জুৰ কৰা নাই মুম্বাইৰ মেট্ৰ’পলিটান আদালতে। জামিন নোপোৱাৰ বাবে আদালতত ক্ৰোধান্বিত হৈ পৰে বাহশ্বাহ পুত্ৰ। শুকুৰবাৰে জামিনৰ শুনানিৰ সময়ত আদালতলৈ আৰিয়ানৰ প্ৰশ্ন,‘প্ৰমোদতৰীৰ পাৰ্টীত ১৩০০ লোক আছিল। কিন্তু কেবল ১৭ জন লোককহে কিয় গ্ৰেপ্তাৰ কৰা হৈছে? বাকীবোৰ কলৈ গ’ল?’

ইফালে অধিবক্তা সতীশ মানশিন্দে আৰিয়ানৰ পক্ষত আইনী যুঁজত অৱতীৰ্ণ হৈছে। নথিভুক্ত কৰিছে কেতবোৰ তথ্য। অৱশ্যে, আৰিয়ান আৰু তেওঁৰ অধিবক্তাৰ দাবী বা যুক্তিত এতিয়ালৈকে মন গলা নাই আদালতৰ। কি হ’ব আৰিয়ানৰ ভৱিষ্যত? আইনী সুৰুঙাৰে সৰকি যাবলৈ সক্ষম হ’ব জানো আৰিয়ান? সতীশে পাৰিব জানো বাদশ্বাহৰ ভাগ্যদশা সলাব? এনে কেতবোৰ প্ৰশ্নই সম্প্ৰতি চৰ্চিত হোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু