--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত শিল্পা ছেট্টী। পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা স্বামী ৰাজকুন্দ্ৰাৰ সৈতে বিবাহ-বিচ্ছেদৰ বাবে আগবাঢ়িছে শিল্পা ছেট্টী। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কালি এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই ইংগিত দিছে। সম্প্ৰতি শিল্পাৰ পোষ্টটো ভাইৰেল হৈ পৰিছে। শিল্পাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন কিতাপৰ ফটো পোষ্ট কৰিছিল। কিতাপখনৰ পৃষ্ঠাত লিখা কথাখিনিৰ সাৰাংশ হৈছে, ‘আমি প্ৰায়ে আচৰিত হওঁ যে, আমি অতীতত কি ভুল সিদ্ধান্ত লৈছো, কি কি ভুল কৰিছো, আমি আমাৰ বন্ধুবৰ্গক কি আঘাত কৰিছো! কিন্তু যিমানে নাভাৱো কিয় আমি অতীতক সলনি কৰিব নোৱাৰো। অৱশ্যে আমি নতুন পথে আগবাঢ়িব পাৰো, ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, পূৰ্বে কৰা ভুল এৰাই চলিব পাৰো। আমাৰ আশে-পাশে থকা সকলোকে ভাল ব্যৱহাৰ কৰিব পাৰো। নিজকে পুনৰ আৱিষ্কাৰ কৰাৰ বহুতো সুযোগ আছে আমাৰ ওচৰত। অতীতত কি কৰিছো সেয়াই আমাৰ পৰিচয় হ’ব নোৱাৰে। মই মোৰ ইচ্ছা অনুসৰি মোৰ নিজৰ ভৱিষ্যত গঢ়িব পাৰো।’

শিল্পাৰ এই পোষ্ট দেখাৰ পাছতে অনেকে ৰাজকুন্দ্ৰাৰ সৈতে বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণেৰে শিল্পাই নতুনকৈ জীৱনটো গঢ়িব বিচাৰিছে বুলি ভাবিছে। শিল্পাৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীয়ে জানিবলৈ দিয়া মতে, ‘পৰ্ণগ্ৰাফীৰ গোচৰত আটক হোৱাৰ পাছতে ৰাজকুন্দ্ৰাৰ সৈতে শিল্পাৰ সম্পৰ্কত ফাট মেলিবলৈ লয়। আনকি দুই সন্তানৰ সৈতে ৰাজকুন্দ্ৰাৰ গৃহত্যাগৰ সিদ্ধান্তও লৈছিল শিল্পাই।’ উল্লেখ্য যে, পৰ্ণগ্ৰাফী গোচৰত কৰায়ত্ত ৰাজকুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বিটখনক লৈয়ো উদাসীন শিল্পা। কাণ সৰালি দিয়া শিল্পাই কয়, ‘ৰাজকুন্দ্ৰাৰ কথা ভাবিবলৈ সময় নাই, মই নিজৰ কামত ব্যস্ত। তেওঁৰ গোপন কু-কৰ্মৰ বিষয়ে মই একো নাজানো।’ আনহাতে বিগত পষেকতো শিল্পাই নতুন সংগীৰ সৈতে নৱজীৱনৰ পাতনি মেলাৰ কথা সদৰী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ