--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ মোষ্ট হেপ্পী দম্পতী বুলিলে ৰনবীৰ সিং আৰু দিপীকা পাডুকনৰ প্ৰতিচ্ছবিয়েই ভাহি উঠে! হিন্দী চলচ্চিত্ৰ জগতৰ এই তাৰকাদম্পতীক লৈ সকলো সময়তে গৰম হৈ থাকে বলীউডৰ পৃষ্ঠা। সময়ে সময়ে নানা মুখৰোচক কাহিনী পলকতে ভাইৰেল হৈ পৰাও পৰিলক্ষিত হৈছে। তেওঁলোকৰ ভালপোৱা, কৌতুক উপভোগ কৰি বিমল আনন্দ লাভ কৰে অনুৰাগীয়ে। গতিকে, যেতিয়া ৰণবীৰ-দীপিকাৰ এখন ছবি বা এটা ভিডিঅ' মুক্তিয় পায় সেইটো ভাইৰেল হ'বলৈ বেছি সময় নলগাতো তেনেই স্বাভাৱিক। শেহতীয়াকৈ পুনৰ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে বলীউড এৰিণাৰ জনপ্ৰিয় এই যুটি।

সামাজিক মাধ্যমত মুকলিকৈ প্ৰেমালাপ কৰি চৰ্চিত ৰণবীৰ-দিপীকা। উল্লেখ্য যে, ৰণবীৰে শেহতীীয়াকৈ ইনষ্টাগ্ৰামত ‘আস্ক মি এনিথিং’ বুলি এটা খণ্ড মুকলি কৰে। ৰণবীৰৰ পোষ্ট প্ৰকাশ হোৱাৰ লগে লগে অনুৰাগীৰ লাইক-কমেন্টেৰে ভৰি পৰে। সহস্ত্ৰ অনুৰাগীৰ মাজৰ পৰা দিপীকাৰ প্ৰশ্ন, ‘আপুনি কেতিয়া ঘৰলৈ আহিব?’ কাষত এটা হাঁহিৰ ইমোজী। ৰণবীৰে তেওঁৰ পত্নীৰ অনুভৱ বুজি পায়। ৰণবীৰৰ উত্তৰ, ‘খাদ্য গৰম কৰক, মই গৈ আছো।’ ৰণবীৰ সিঙে ইয়াতে ক্ষান্ত থকা নাছিল। সামাজিক মাধ্যমত এজন অনুৰাগীয়ে দীপিকাক উদ্দেশ্যি মাত্ৰ এটা শব্দ ক'বলৈ অনুৰোধ কৰিছিল। ৰণবীৰৰ স্পষ্ট প্ৰকাশ, ‘কুইন’ অৰ্থাত ‘ৰাণী’। ৰণবীৰে ইনষ্টাগ্ৰামৰ ‘আস্ক মি এনিথিং’ খণ্ডটোত পত্নী দীপিকাৰ সৈতে ৰং ধেমালি কৰাৰ সমান্তৰালকৈ তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ ‘গুণ্ডে’; ‘গালি বয়’ৰ বিষয়েও আলোকপাত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ