--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নুছৰত জাহানৰ শিৰত সেন্দুৰ! তেওঁৰ কাষত থিয় হৈ কেমেৰাৰ সন্মুখত হাঁহি হাঁহি পোজ দিছে মজনু যশ দাসগুপ্তাই! অভিনেত্ৰী তথা প্ৰযোজক এনা সাহৰ গৃহত এনেদৰেই উজ্জ্বল ৰূপত দেখা গ’ল দুয়োকে। ৰসতেই নাম থোৱাৰ দৰে কাম কৰিলে নেকি নুছৰতে? সম্প্ৰতি এই আলোকচিত্ৰখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাকে কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তুংগত আলোচনা। অভিনেত্ৰীগৰাকীয়ে গোপনে যশৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নেকি বুলিও প্ৰশ্ন একাংশৰ। কেইদিনমান আগতে নুছৰতৰ পুত্ৰ ঈশানৰ জন্মৰ প্ৰমাণ-পত্ৰত স্বেচ্ছাই তেওঁৰ পিতৃৰ পৰিচয় প্ৰকাশ কৰিছিল নুছৰতে। জন্মৰ প্ৰমাণ-পত্ৰত উল্লেখ থকা অনুসৰি ঈশানৰ পিতৃৰ নাম দেৱাশিস দাসগুপ্ত। অৰ্থাৎ যশ দাসগুপ্ত নুছৰতৰ স্বামী নহয়!

কিন্তু শেহতীয়াকৈ নুছৰতৰ শিৰত সেন্দুৰ দেখি হতবাক সাধাৰণ জনতা। নুছৰত-যশ যুটিয়ে গোপনে বিবাহপাশত আবদ্ধ হোৱা বুলি দাবী তেওঁলোকৰ। উল্লেখ্য যে, কেইদিনমান পূৰ্বে নুছৰতৰ বান্ধৱী নিখিল জৈনে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁ কয়, ‘দক্ষিণেশ্বৰী কালী মন্দিৰলৈ গৈ যশ-নুছৰতে বিবাহপাশত আবদ্ধ হৈছিল।’ নিখিল জৈনে কৰা মন্তব্যৰ সত্যসত্যতা কিমান? এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই তাৰকা দম্পতীয়ে। তেনেস্থলত যশ-নুছৰতৰ ছবি দেখি উত্তাল সামাজিক মাধ্যম।

বিবাহিত নাৰীৰ দৰে সাংসদ-অভিনেত্ৰীগৰাকীৰ শিৰত সেন্দুৰ দেখাৰ পাছত স্বাভাৱিকতে সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে নুছৰতক। ইফালে এনা সাহা প্ৰযোজিত ছবি ‘এছ.অ’.এছ. কোলকাটা’ৰ বাবে দৃশ্যগ্ৰহণ কৰাৰ সময়ৰ পৰাই নুছৰতৰ কাষ চাপে যশে। তেতিয়াৰ পৰাই ৰাজস্থান ট্যু’ৰ, আজমেৰ শ্বৰীফ দৰ্শনৰ পৰা চলচ্চিত্ৰ প্ৰিমিয়াৰলৈকে সকলোতে একেলগে পৰিলক্ষিত হৈছিল। বিগত কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ এই বিশৃংখল পৰিৱেশৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। সন্তানৰ বীৰ্য কাৰ আছিল, সেই বিতৰ্ক ম্লান নপৰোতেই এইবাৰ সেন্দুৰ বিতৰ্কই চুইছেহি নুছৰতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু