--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নুছৰত জাহানৰ শিৰত সেন্দুৰ! তেওঁৰ কাষত থিয় হৈ কেমেৰাৰ সন্মুখত হাঁহি হাঁহি পোজ দিছে মজনু যশ দাসগুপ্তাই! অভিনেত্ৰী তথা প্ৰযোজক এনা সাহৰ গৃহত এনেদৰেই উজ্জ্বল ৰূপত দেখা গ’ল দুয়োকে। ৰসতেই নাম থোৱাৰ দৰে কাম কৰিলে নেকি নুছৰতে? সম্প্ৰতি এই আলোকচিত্ৰখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাকে কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তুংগত আলোচনা। অভিনেত্ৰীগৰাকীয়ে গোপনে যশৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নেকি বুলিও প্ৰশ্ন একাংশৰ। কেইদিনমান আগতে নুছৰতৰ পুত্ৰ ঈশানৰ জন্মৰ প্ৰমাণ-পত্ৰত স্বেচ্ছাই তেওঁৰ পিতৃৰ পৰিচয় প্ৰকাশ কৰিছিল নুছৰতে। জন্মৰ প্ৰমাণ-পত্ৰত উল্লেখ থকা অনুসৰি ঈশানৰ পিতৃৰ নাম দেৱাশিস দাসগুপ্ত। অৰ্থাৎ যশ দাসগুপ্ত নুছৰতৰ স্বামী নহয়!

কিন্তু শেহতীয়াকৈ নুছৰতৰ শিৰত সেন্দুৰ দেখি হতবাক সাধাৰণ জনতা। নুছৰত-যশ যুটিয়ে গোপনে বিবাহপাশত আবদ্ধ হোৱা বুলি দাবী তেওঁলোকৰ। উল্লেখ্য যে, কেইদিনমান পূৰ্বে নুছৰতৰ বান্ধৱী নিখিল জৈনে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁ কয়, ‘দক্ষিণেশ্বৰী কালী মন্দিৰলৈ গৈ যশ-নুছৰতে বিবাহপাশত আবদ্ধ হৈছিল।’ নিখিল জৈনে কৰা মন্তব্যৰ সত্যসত্যতা কিমান? এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই তাৰকা দম্পতীয়ে। তেনেস্থলত যশ-নুছৰতৰ ছবি দেখি উত্তাল সামাজিক মাধ্যম।

বিবাহিত নাৰীৰ দৰে সাংসদ-অভিনেত্ৰীগৰাকীৰ শিৰত সেন্দুৰ দেখাৰ পাছত স্বাভাৱিকতে সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে নুছৰতক। ইফালে এনা সাহা প্ৰযোজিত ছবি ‘এছ.অ’.এছ. কোলকাটা’ৰ বাবে দৃশ্যগ্ৰহণ কৰাৰ সময়ৰ পৰাই নুছৰতৰ কাষ চাপে যশে। তেতিয়াৰ পৰাই ৰাজস্থান ট্যু’ৰ, আজমেৰ শ্বৰীফ দৰ্শনৰ পৰা চলচ্চিত্ৰ প্ৰিমিয়াৰলৈকে সকলোতে একেলগে পৰিলক্ষিত হৈছিল। বিগত কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ এই বিশৃংখল পৰিৱেশৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। সন্তানৰ বীৰ্য কাৰ আছিল, সেই বিতৰ্ক ম্লান নপৰোতেই এইবাৰ সেন্দুৰ বিতৰ্কই চুইছেহি নুছৰতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ