--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত ২৫ ডিচেম্বৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীয়ে দীঘলীপুখুৰী পাৰত আয়োজন কৰা ‘সুশাসন দিৱস’ত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আক্ষেপ প্ৰকাশ কৰি ‘আমাক পি এছ অ’ কিয় লাগে?’ বুলি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল, কোনে আমাক মাৰিব? অসমত তেনে পৰিৱেশ নাই৷ গতিকে আমাৰ পি এছ অ’ৰ প্ৰয়োজন কি? ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল, বিজেপিৰ একাংশ নেতা-কৰ্মীৰ কাম-কাজ কংগ্ৰেছী হৈছে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিক উদ্দেশ্যি ইয়াকো কৈছিল যে যদি দলৰ সভাপতিয়ে প্ৰস্তাৱ লৈ নেতা, কৰ্মীসকলৰ পি এছ অ’ আঁতৰাই দিবলৈ কয়, তেন্তে মই সকলো পি এছ অ’ক আঁতৰাই দিম৷ পি এছ অ’ সংস্কৃতি বিজেপিৰ সংস্কৃতি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ পাছতে কৰিমগঞ্জ জিলা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছিল৷ শেহতীয়াকৈ বিজেপিৰ আন দুগৰাকী নেতা ডাঃ নোমল মমিন আৰু মানৱ ডেকায়ো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷

মুখ্যমন্ত্ৰীয়ে কৰা পি এছ অ’ প্ৰত্যাহাৰৰ আহ্বানৰ পাছতে অসম কংগ্ৰেছ সমিতিয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীক৷ পি এছ অ’ প্ৰত্যাহাৰৰ প্ৰথম নিদৰ্শন মুখ্যমন্ত্ৰীকে দেখুৱাবলৈ কংগ্ৰেছে আহ্বান জনাইছিল৷ ব্যক্তিগত নিৰাপত্তাৰক্ষী সম্পৰ্কে এনে ৰাজনৈতিক মুখ চুপতি চলি থকাৰ মাজতে অসমৰ সচেতন মহলে চৰ্চা কৰিছে আন এটি বিষয়৷ কোনো এজন ৰাজনৈতিক নেতাই ব্যক্তিগত নিৰাপত্তাৰক্ষী লোৱা-নোলোৱা বিষয়টো সংশ্লিষ্ট নেতাৰ ব্যক্তিগত প্ৰসংগ৷ যিসময়ত মুখ্যমন্ত্ৰীয়ে অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষী ল’ব লগাকৈ অসম অশান্ত নহয় বুলি কৈছে, যিসময়ত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানে অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি সুস্থিৰ বুলি মন্তব্য কৰি আহিছে, সেই সময়ত প্ৰশ্ন উঠিছে- পি এছ অ’ প্ৰত্যাহাৰৰ সমান্তৰালভাৱে অসমৰ পৰা প্ৰত্যাহাৰ হ’ব নেকি ‘আফস্পা’ও?

কিয়নো, অসমৰ সামাজিক ইতিহাসত ‘আফস্পা’ৰ কোনো ভাল ইতিহাস নাই৷ যি আছে সেয়া ক’লা অধ্যায়৷ আফস্পাৰ গইনা লৈ অসমত ধৰ্ষিতা হৈছে গাভৰু-বোৱাৰী, আফস্পাৰ গইনা লৈ ঘূণীয়া হৈছে সহস্ৰ অসমীয়া৷ ১৯৯০ চনৰ নৱেম্বৰৰ পৰা অসমত কাৰ্যকৰী হৈ আছে আফস্পা৷ যিখন আইন অসমৰ পৰা প্ৰত্যাহাৰ হোৱাতো অসমৰ অধিকাংশ লোকৰেই দীৰ্ঘদিনীয়া দাবী৷ অথচ, বিগত কিছুদিনৰ পূৰ্বে অসমৰ পৰা আফস্পা প্ৰত্যাহাৰৰ প্ৰসংগ উত্থাপন হওঁতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আফস্পা প্ৰত্যাহাৰ কৰিব পৰাকৈ অসম সাজু নহয় আৰু অসমত উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকালৈ আফস্পা প্ৰত্যাহাৰ কৰিব পৰা নাযাব বুলি মন্তব্য কৰিছিল৷

আকৌ একেগৰাকী মুখ্যমন্ত্ৰীয়েই ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই স্ববিৰোধী মন্তব্যই এতিয়া দোমোজাত পেলাইছে অসমবাসীক৷ যিসময়ত নগালেণ্ডৰ শাসক-বিৰোধী, জনতা একলগ হৈছে আফস্পা প্ৰত্যাহাৰ কৰাৰ দাবীত, সেই সময়ত অসমত ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰক্ষী ৰখা-নৰখাকলৈহে আলোচনা চলিছে৷ অসমৰ সমাজ জীৱনৰ সুস্থিৰতাৰ বাবে ৰাজ্যৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাতোহে বেছি জৰুৰী৷ অথচ, ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা-নৰখা বিষয়টোৱে অসমৰ সমাজ জীৱনত কোনো প্ৰভাৱ নেপেলায়৷ সেয়ে এতিয়া ৰাজ্যবাসীয়ে অসমৰ পৰা আফস্পা প্ৰত্যাহাৰ হোৱা অন্তঃকৰণে কামনা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ