--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাষিক-সাংস্কৃতিকভাৱে অতি বৈচিত্ৰ্যময় দেশ ভাৰত। নানা ভাষা উপভাষাই ভাৰতক বৈচিত্ৰ্য আৰু বিস্তৃতি দান কৰিছে। এই ভাষাসমূহৰ মাজৰে স্বীকৃত ২০টা ভাষাত আজি ঘোষণা কৰা হয় ২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাদেমি বঁটা৷ এইবাৰ আমাৰ চুবুৰীয়া বাংলা ভাষাত এই বঁটা লাভ কৰিছে প্ৰখ্যাত নাট্যকাৰ ব্ৰাত্য বসুৱে৷ পশ্চিমবংগৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিক্ষাবিদ, অভিনেতা তথা বিধায়ক হিচাপে পৰিচিত ব্ৰাত্য বসুক ‘মীরজাফর ও অন্যান্য নাট’ৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাদেমি বঁটা৷

ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কৰ দায়িত্বত থকা ব্রাত্য বসুৱে চিটি কলেজ কলকাতাত বাংলা সাহিত্যৰ অধ্যাপক হিচাপেও কৰ্মজীৱনৰ কিছুসময় পাৰ কৰিছিল। ইয়াৰ পাছতে তেওঁ নাট্যজগতৰ প্ৰতি থকা প্ৰৱল আগ্ৰহৰ বাবেই ‘গণকৃষ্টি’ নামেৰে এক থিয়েটাৰ দলৰ ছাউণ্ড অপাৰেটৰ হিচাপে নাট্যজীৱনৰ আৰম্ভণি কৰে৷ পাছলৈ সেই দলতে থাকি নাটক লিখাৰ লগতে পৰিচালনা কৰিবলৈ আৰম্ভ কৰে৷ তেওঁৰ নাটকত বিশেষকৈ ৰাজনৈতিক কল্পনা, প্ৰকৃতি-মানৱৰ সম্পৰ্ক, সংগীত আৰু জীৱনৰ কিছু যোগাযোগ, প্ৰেম আৰু বিদ্ৰোহকে ধৰি বহু বিষয়ে স্থান পাইছিল৷ তেখেতে ১৯৯৬তে লিখা প্রথম নাটক আছিল অশালীন৷ বাংলা নাট্য জগতত এক অনন্য স্থান দখল কৰা ব্ৰাত্য বসুৰ ‘অশালীন, ‘অরণ্যদেব’সহ ভালেমান নাটকে ইতিমধ্যে বিশেষ জনপ্রিয়তা লাভ কৰিছে। ‘উইঙ্কল টুইঙ্কল’, ‘রুদ্ধসংগীত, ‘কৃষ্ণগহ্বর’, ‘মুম্বই নাইটস’সহ বহু লেখা বহু নাটক বিভিন্ন সময়ত মঞ্চস্থ হৈছে৷

বৰ্তমানলৈকে ৫৬খন নাটক লিখি উলিয়াইছে বসুৱে৷ তদুপৰি ২৪খন নাটকৰ পৰিচালনা কৰিছে তেওঁ৷ অভিনেতা হিচাপে প্ৰায় ১৭খন নাটকত অভিনয়ৰ জৰিয়তে মোহিত কৰিছে নাট্যপ্ৰেমীক৷ ২০খন গ্ৰন্থ ৰচনা কৰাৰ উপৰি বিশিষ্ট লেখক বসুৱে বহুকেইখন গ্ৰন্থৰ অনুবাদো কৰি উলিয়াইছে৷ কেৱল সেয়াই নহয় বসুৰ ছবিজগততো আছিল অনন্য দখল৷ কেইবাখনো টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল বসুৱে৷ বাংলা নাট্যজগতৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ প্ৰতি সন্মান জনাই তেখেতক ২০০০ চনত আগবঢ়োৱা হৈছিল শ্যামল সেন স্মৃতি সন্মান৷ মুঠ ১৩ টা সন্মানেৰে সন্মানিত হৈছে বসু৷

ছবিজগতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেখেতে নেপালৰ আন্তঃৰাষ্ট্ৰীয় গৌতম বুদ্ধ বঁটা, ২০২১ শেহতীয়াকৈ লাভ কৰিছে৷ ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ লাভ কৰিছে মুঠ ৭টাকৈ বঁটা৷ ইয়াৰ পাছতে ২০১১ বৰ্ষত ব্রাত্য বসু নামি পৰিছিল সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰখনত৷ তৃণমূল কংগ্ৰেছ দলৰ হৈ ডুম ডুম বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয় লাভ কৰিছল৷ মমতা বেনাৰ্জীৰ কেবিনেট মন্ত্ৰীসভাত বিদ্যালয়, উচ্চ শিক্ষামন্ত্ৰীৰ দায়িত্বতো ন্যস্ত হৈ আছে ব্ৰাত্য বসু৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য