--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাষিক-সাংস্কৃতিকভাৱে অতি বৈচিত্ৰ্যময় দেশ ভাৰত। নানা ভাষা উপভাষাই ভাৰতক বৈচিত্ৰ্য আৰু বিস্তৃতি দান কৰিছে। এই ভাষাসমূহৰ মাজৰে স্বীকৃত ২০টা ভাষাত আজি ঘোষণা কৰা হয় ২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাদেমি বঁটা৷ এইবাৰ আমাৰ চুবুৰীয়া বাংলা ভাষাত এই বঁটা লাভ কৰিছে প্ৰখ্যাত নাট্যকাৰ ব্ৰাত্য বসুৱে৷ পশ্চিমবংগৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিক্ষাবিদ, অভিনেতা তথা বিধায়ক হিচাপে পৰিচিত ব্ৰাত্য বসুক ‘মীরজাফর ও অন্যান্য নাট’ৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাদেমি বঁটা৷

ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কৰ দায়িত্বত থকা ব্রাত্য বসুৱে চিটি কলেজ কলকাতাত বাংলা সাহিত্যৰ অধ্যাপক হিচাপেও কৰ্মজীৱনৰ কিছুসময় পাৰ কৰিছিল। ইয়াৰ পাছতে তেওঁ নাট্যজগতৰ প্ৰতি থকা প্ৰৱল আগ্ৰহৰ বাবেই ‘গণকৃষ্টি’ নামেৰে এক থিয়েটাৰ দলৰ ছাউণ্ড অপাৰেটৰ হিচাপে নাট্যজীৱনৰ আৰম্ভণি কৰে৷ পাছলৈ সেই দলতে থাকি নাটক লিখাৰ লগতে পৰিচালনা কৰিবলৈ আৰম্ভ কৰে৷ তেওঁৰ নাটকত বিশেষকৈ ৰাজনৈতিক কল্পনা, প্ৰকৃতি-মানৱৰ সম্পৰ্ক, সংগীত আৰু জীৱনৰ কিছু যোগাযোগ, প্ৰেম আৰু বিদ্ৰোহকে ধৰি বহু বিষয়ে স্থান পাইছিল৷ তেখেতে ১৯৯৬তে লিখা প্রথম নাটক আছিল অশালীন৷ বাংলা নাট্য জগতত এক অনন্য স্থান দখল কৰা ব্ৰাত্য বসুৰ ‘অশালীন, ‘অরণ্যদেব’সহ ভালেমান নাটকে ইতিমধ্যে বিশেষ জনপ্রিয়তা লাভ কৰিছে। ‘উইঙ্কল টুইঙ্কল’, ‘রুদ্ধসংগীত, ‘কৃষ্ণগহ্বর’, ‘মুম্বই নাইটস’সহ বহু লেখা বহু নাটক বিভিন্ন সময়ত মঞ্চস্থ হৈছে৷

বৰ্তমানলৈকে ৫৬খন নাটক লিখি উলিয়াইছে বসুৱে৷ তদুপৰি ২৪খন নাটকৰ পৰিচালনা কৰিছে তেওঁ৷ অভিনেতা হিচাপে প্ৰায় ১৭খন নাটকত অভিনয়ৰ জৰিয়তে মোহিত কৰিছে নাট্যপ্ৰেমীক৷ ২০খন গ্ৰন্থ ৰচনা কৰাৰ উপৰি বিশিষ্ট লেখক বসুৱে বহুকেইখন গ্ৰন্থৰ অনুবাদো কৰি উলিয়াইছে৷ কেৱল সেয়াই নহয় বসুৰ ছবিজগততো আছিল অনন্য দখল৷ কেইবাখনো টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল বসুৱে৷ বাংলা নাট্যজগতৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ প্ৰতি সন্মান জনাই তেখেতক ২০০০ চনত আগবঢ়োৱা হৈছিল শ্যামল সেন স্মৃতি সন্মান৷ মুঠ ১৩ টা সন্মানেৰে সন্মানিত হৈছে বসু৷

ছবিজগতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেখেতে নেপালৰ আন্তঃৰাষ্ট্ৰীয় গৌতম বুদ্ধ বঁটা, ২০২১ শেহতীয়াকৈ লাভ কৰিছে৷ ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ লাভ কৰিছে মুঠ ৭টাকৈ বঁটা৷ ইয়াৰ পাছতে ২০১১ বৰ্ষত ব্রাত্য বসু নামি পৰিছিল সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰখনত৷ তৃণমূল কংগ্ৰেছ দলৰ হৈ ডুম ডুম বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয় লাভ কৰিছল৷ মমতা বেনাৰ্জীৰ কেবিনেট মন্ত্ৰীসভাত বিদ্যালয়, উচ্চ শিক্ষামন্ত্ৰীৰ দায়িত্বতো ন্যস্ত হৈ আছে ব্ৰাত্য বসু৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত