--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়ালম চলচ্চিত্ৰ জগতত যৌন শোষণৰ অভিযোগৰ মাজতে কংগ্ৰেছ নেত্ৰী ছিমি ৰ’জবেল জনে দাবী কৰিছে যে মহিলাসকলে কেৱল চিনেমাতে নহয়, ৰাজনীতিকে ধৰি আন বহু ক্ষেত্ৰত ধূসৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয়। চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি ছিমি ৰ’জবেল জনে কেৰেলা কংগ্ৰেছৰ পৰিস্থিতিক ছবি জগতৰ কাষ্টিং কাউচৰ সৈতে তুলনা কৰিছে।

ছিমি ৰ’জবেলে দাবী কৰে যে কংগ্ৰেছ দলৰ বহু মহিলাই নিজেই তেওঁক একাংশ নেতাৰ বেয়া আচৰণৰ কথা কৈছে, যিটো তেওঁলোকে সহ্য কৰিবলগীয়া হৈছে। তেওঁ কয় যে মহিলা কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি নেতৃত্বৰ ঘনিষ্ঠ লোকেহে গম পায়।

ছিমি ৰ’জবেলে এক সংবাদ মাধম্যত কয় ‘‘কৰ্মক্ষেত্ৰ আৰু ৰাজনীতিত সকলো ক্ষেত্ৰতে নাৰীক শোষণ কৰা হৈছে। দলৰ বহু সহযোগী মহিলাই নিজৰ বেয়া অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিছে। মই সদায় তেওঁলোকক পৰামৰ্শ দিওঁ যে নেতা লগ কৰিবলৈ অকলে নাযাব। সদায় পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱীকো লগত লৈ যাব পাৰে।’’

অৱশ্যে ছিমি ৰ’জবেলে স্পষ্ট কৰি দিয়ে যে তেওঁৰ এনে কোনো অভিজ্ঞতা হোৱা নাই। অৱশ্যে বহু নেতাই তেওঁক ৰাজনৈতিকভাৱে একাষৰীয়া কৰি ৰাখিছে।


ছিমি ৰ’জবেলে দাবী কৰে যে চলচ্চিত্ৰ জগতত ‘কাষ্টিং কাউচ’ৰ দৰে পৰিস্থিতি কংগ্ৰেছ দলতো ঘটি আছে। তেওঁ কয় যে নেতিবাচক অভিজ্ঞতা থকা বহু মহিলাই তেওঁৰ সৈতে নিজৰ কাহিনী কৈছে আৰু তেওঁৰ হাতত প্ৰমাণ আছে যিবোৰ সময়ত সকলোৰে সন্মুখত ওলাই আহিব। তেওঁৰ ওচৰত অভিযোগ কৰাসকলক তেওঁ পৰামৰ্শ দিছে বুলিও কয়।

সাংসদ জে বি মাথেৰৰ নাম লৈ তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ একাংশ সদস্যই অযথা সন্মান লাভ কৰিছে। লগতে কয় যে মাথেৰক যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সম্পাদক হিচাপে নিযুক্তি দিয়াৰ সময়তো তেওঁ মৌন হৈ আছিল লগতে আঠ বছৰ আগতে মহিলা কংগ্ৰেছত যোগদান কৰাৰ সময়তো।

কেপিচিচিত কিমান মহিলাই একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ আঙুলিয়াই দিয়ে যে যিসকলে ব্যৱস্থা গ্ৰহণ কৰিছিল তেওঁলোকক এতিয়াও নিৰ্যাতন চলোৱা হৈছে, আনহাতে আন কিছুমানৰ শীৰ্ষ নেতাৰ সমৰ্থন আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ