--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিছৰ বয়স আছিল মাত্ৰ ২৬ বছৰ। তেওঁ প্ৰায়ে নিজৰ ৰক্তদান কৰি মানুহৰ জীৱন ৰক্ষাত অৰিহণা যোগাইছিল। এদিন পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৷তেওঁক চিকিৎসাৰ বাবে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ জেপিএনএ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হয়, কিন্তু চিকিৎসাৰ পিছতো তেওঁক ৰক্ষা কৰিব পৰা নগ’ল আৰু ২৯ আগষ্টত চিকিৎসকসকলে তেওঁৰ ব্ৰেইন ডেড বুলি ঘোষণা কৰিলে ৷

দিল্লীত সংঘটিত এক পথ দুৰ্ঘটনাত অনিছৰ মৃত্যুৰ পিছত গভীৰভাৱে স্তম্ভিত হৈ পৰা তেওঁৰ পিতৃয়ে মৃত্যুৰ পিছত পুত্ৰৰ শৰীৰৰ অংগ দান কৰে। পুত্ৰৰ সপোন আৰু নম্ৰ স্বভাৱক বিবেচনা কৰি তেওঁ এই সাহসী সিদ্ধান্ত লয়। পুত্ৰৰ বৃক্ক, যকৃত আৰু হৃদযন্ত্ৰ দুয়োটা দান কৰি তেওঁ চাৰিজন লোকক নতুন জীৱন প্ৰদান কৰি মানৱতাৰ প্ৰতি নিজৰ উদাৰ কাম আগবঢ়াই নিলে, যিটো অনিছে নিজে জীয়াই থকাৰ সময়ত কৰিছিল।

পুত্ৰৰ মৃত্যুৱে পিতৃ-মাতৃৰ বাবে অতি দুখ কঢ়িয়াই আনিলে। এনে পৰিস্থিতিত অনিছৰ পিতৃ অভিজিত বেনাৰ্জী আৰু তেওঁৰ পত্নীক অংগদানৰ কথা কোৱা আৰু বুজাই দিয়াটো চিকিৎসকসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল যদিও যেতিয়া এইমছৰ অৰ্গেন ৰিট্ৰিভাল বেংকিং অৰ্গেনাইজেশ্যন (ORBO)ৰ সমন্বয়কজনে সংবেদনশীলভাৱে অংগদান আৰু তেওঁৰ ট্ৰান্সপ্লাণ্টৰ বিষয়ে বুজাই দিলে তেতিয়া অনিছৰ পিতৃয়ে অংগ দান কৰিবলৈ সন্মত হয়।


অৰ্গান ৰিট্ৰিভেল বেংকিং অৰ্গেনাইজেশ্যনৰ সমন্বয়কজনৰ কথা আৰু পুত্ৰই ৰক্তদান কৰি জীৱন ৰক্ষা কৰাৰ স্বভাৱৰ পৰাই এই কাম কৰিবলৈ অনুপ্ৰাণিত হ’ল আনিছৰ পিতৃয়ে। ইয়াৰ পিছত গুৰুতৰ ৰোগত মৃত্যুৰ লগত যুঁজি থকা মানুহক জীৱন দিয়াৰ এই পদক্ষেপ উপলব্ধি কৰি অনিছৰ অংগ দানৰ সাহসী সিদ্ধান্ত ল’লে।

পুত্ৰক শ্ৰদ্ধাঞ্জলি জনাই অনিছৰ পিতৃ অবিজিত বেনাৰ্জীয়ে কয় যে তেওঁৰ পুত্ৰ অতি সহযোগিতামূলক স্বভাৱৰ। ৰক্তদানৰ উপৰিও তেওঁ প্ৰায়ে আন উপায়েৰেও মানুহক সহায় কৰিছিল। পুত্ৰৰ এই সহযোগিতামূলক স্বভাৱেই তেওঁক নিজৰ অংগ দান কৰিবলৈ অনুপ্ৰাণিত কৰিল।

অনিছৰ পিতৃ-মাতৃৰ সন্মতিৰ পিছত তেওঁৰ মৃতদেহৰ পৰা বৃক্ক, যকৃত আৰু হৃদযন্ত্ৰ দুয়োটা নিৰাপদে আঁতৰাই পেলোৱা হয়, যিবোৰ ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থা (NOTO)ৰ দ্বাৰা বিভিন্ন চিকিৎসালয়ত আবণ্টন দিয়া হয়। অনিশৰ হৃদযন্ত্ৰ আৰু এটা বৃক্ক এইমছ হাস্পতালত দিয়াৰ বিপৰীতে লিভাৰ আৰ্মি হস্পিতাল ৰিচাৰ্চ এণ্ড ৰেফাৰেল আৰু আনটো কিডনী চফদৰজং হাস্পতাললৈ দিয়া হয়।

অনিছৰ পিতৃ-মাতৃৰ এই সাহসী পদক্ষেপৰ ওপৰত অৰ্গেন ৰিট্ৰিভাল বেংকিং অৰ্গেনাইজেশ্যনৰ অধ্যাপক আৰতি বিজে অংগ দানৰ সাহস আৰু সদয়তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে কয় যে ‘অনিছৰ এই অংগসমূহে জীৱন সংকটজনক ৰোগত আক্ৰান্ত আন চাৰিজন লোকক জীৱন প্ৰদান কৰিব। এই পদক্ষেপটো আন মানুহৰ বাবেও এক প্ৰেৰণা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু