--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানপুৰৰ গংগা নদীত ডুব যোৱাৰ ফলত উত্তৰ প্ৰদেশ স্বাস্থ্য বিভাগৰ উপ সঞ্চালকৰ মৃত্যু হয়। উপ-সঞ্চালকজন গংগাত ডুবি থাকোতে ডুবাৰুৱে তেওঁক বচাবলৈ ১০ হাজাৰ টকা দাবী কৰিলে, কিন্তু নগদ ধন নথকাৰ বাবে টকাখিনি অনলাইনত ট্ৰান্সফাৰ কৰিব লগা হয় ৷ট্ৰান্সফাৰ হোৱাৰ সময়লৈকে তেওঁ ডুব যায়। 

এনে পৰিস্থিতিত এই প্ৰশ্ন উত্থাপন হৈছে যে স্বাস্থ্য বিভাগৰ উপ-সঞ্চালক আৰু তেওঁৰ পত্নী ন্যায়াধীশ আৰু তেওঁৰ ভাতৃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পাদক হোৱাৰ সত্বেও তেওঁলোকৰ বন্ধুৰ হাতত ১০ হাজাৰ টকা নাছিলনে ? এই ঘটনা সন্দৰ্ভত প্ৰশাসনৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে যেতিয়া এনে এজন জ্যেষ্ঠ বিষয়াৰ সৈতে এনে ঘটনা সংঘটিত হয়, তেতিয়া সাধাৰণ জনতাৰ কি হ’ব? প্ৰশাসনে তাত ডুবাৰু নিয়োগ কৰিব লাগে। যাতে, অন্য কাৰোবাৰ লগত এনে ঘটনা ঘটিলে তেওঁক ৰক্ষা কৰিব পৰা যায়।


শনিবাৰে কানপুৰৰ নানা মৌ ঘাটত বন্ধু প্ৰদীপ তিৱাৰীৰ সৈতে গংগাত গা ধুবলৈ যায় উন্নাওৰ বাসিন্দা আদিত্য বৰ্ধন সিঙে। তেওঁৰ পত্নী শৈলজা মিশ্ৰ মহাৰাষ্ট্ৰৰ ন্যায়াধীশ, আনহাতে তেওঁৰ ভাতৃ অনুপম সিং বিহাৰৰ জ্যেষ্ঠ আইএএছ হোৱাৰ লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পাদক। তেওঁৰ বন্ধুসকলে কয় যে তেওঁ গা ধুওঁতে ফটো এখন তুলিবলৈ কৈছিল আৰু এই সময়ছোৱাত হঠাতে তেওঁৰ ভৰিখন নদীৰ তলত থকা গাঁতত সোমায় আৰু এই কাৰনে তেওঁ ডুব গংগাত ডুব যায়।


তেওঁক ডুব যোৱা দেখি তেওঁৰ বন্ধুসকলে লগে লগে ঘাটত থিয় হৈ থকা ডুবাৰুসকলক বচাবলৈ অনুৰোধ কৰে, কিন্তু ডুবাৰুসকলে প্ৰথমে ১০হাজাৰ টকা দাবী কৰে ৷ এই বিষয়ে উপ-সঞ্চালকৰ বন্ধুসকলে কয় যে ‘আমাৰ হাতত নগদ ১০হাজাৰ টকা নাই। আমি অনলাইন ট্ৰান্সফাৰ কৰিম। কিন্তু ডুবাৰুসকলে প্ৰথমে কাষৰ দোকানী শৈলেশ কাশ্যপৰ একাউণ্টলৈ অনলাইনযোগে ১০হাজাৰ টকা ট্ৰেন্সফাৰ কৰি তাৰ পিছত তেওঁক উদ্ধাৰৰ বাবে আগবাঢ়ি যায়। অৱশ্যে তেতিয়ালৈকে উপ-সঞ্চালকজন ডুব যায় ৷


তেওঁক বিচাৰিবলৈ আৰক্ষী প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হয়। কিন্তু নিশালৈকে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা নাছিল। এই সময়ছোৱাত অঞ্চলটোৰ মুৰব্বীজনো সেই ঠাইত উপস্থিত হৈছিল। একে সময়তে টকা লোৱা শৈলেশ গৌতমে কয় যে ‘ডুবাৰুৱে টকা বিচাৰিছিল। ডুবাৰুজনৰ একাউণ্ট নাছিল গতিকে টকাখিনি মোৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে। টকাখিনি ঘূৰাই দিছো।’


এই ক্ষেত্ৰত অঞ্চলটোৰ এডিচিপি বৃজেন্দ্ৰ দ্বিবেদীয়ে কয় যে ‘‘তেওঁৰ পানীত ডুব যোৱাৰ তথ্য পাই আৰক্ষীয়ে সেই স্থানলৈ গৈ পায়। আমি গভীৰ নিশালৈকে বিচাৰি থাকিলোঁ কিন্তু বিচাৰি নাপালোঁ। এই মুহূৰ্তত পুৱাৰে পৰা পুনৰ তেওঁৰ সন্ধানৰ অভিযান চলি আছে। এই অঞ্চলটোত এতিয়া চৰ্চা চলিছে যে গংগাৰ পাৰত যেতিয়া ডুবাৰুৱে ১০ হাজাৰ টকাৰ অভিযোগত এনে এজন জ্যেষ্ঠ বিষয়াক উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হ’ল। এনে পৰিস্থিতিত ৰাইজে আৰক্ষী প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে েয প্ৰশাসনে তাত ডুবাৰু কিয় ৰখা নাই?’’ 

আদিত্যৰ ভনীয়েক বিদেশত আছে আৰু মাক-দেউতাক ভনীয়েকৰ লগত আছে। আদিত্যৰ ভাতৃ, বিহাৰ চৰকাৰৰ সম্পাদক অনুপম সিঙে খবৰ পায় লগালগ ঘটনাস্থলীলৈ আহে । আদিত্য লক্ষ্ণৌৰ ইন্দিৰা নগৰত বাস কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ