--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। নিৰ্বাচনী প্ৰচাৰৰ কুচকাৱাজ উঠিছে তুংগত। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে। শাসক-বিৰোধী উভয় নেতাৰ মাজতে দেখিবলৈ পোৱা গৈছে বাকযুদ্ধ। প্ৰতিটো ৰাজনৈতিক দলৰে উদ্দেশ্য কেৱল সমাগত বিধানসভা নির্বাচনক লৈয়ে নহয়, আন এটি ডাঙৰ উদ্দেশ্য হ’ল ২০২৪ৰ লোকসভা নির্বাচন। উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত কেইদিনমান থকাৰ পূৰ্বে বিজেপিৰ বিধায়কে পদত্যাগ কৰা ঘটনাই ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। বিজেপিৰ সদ্যপদত্যাগী বিধায়ককেইজনে অখিলেশ যাদৱৰ উপস্থিতিত সমাজবাদী পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা আছে। বিগত কেইদিনত কমেও ৯জন বিজেপি বিধায়কে ৰাজ্যখনৰ লগতে দেশত পিছপৰা তথা অৱহেলিত সম্প্ৰদায়সমূহৰ বাবে দলে একো নকৰাৰ অভিযোগ তুলি বিজেপিৰ পৰা পদত্যাগ কৰিছে। বৃহস্পতিবাৰে মন্ত্ৰী আয়ুস ধৰম সিং ছাইনী, বিধায়ক মুকেশ বাৰ্মা আৰু অৱস্থি বালা প্ৰসাদে দলৰ পৰা পদত্যাগ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্রেছ দলটোৱে দেশত নতুন ৰূপত গঠন হোৱা বুলি প্ৰচাৰ চলাইছে উত্তৰ প্ৰদেশ কংগ্রেছে। প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা হিচাপে কংগ্রেছে ঘোষণা কৰিলে প্ৰথমখন তালিকা। ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা ঘোষণা কৰি উত্তৰ প্ৰদেশত কংগ্রেছে দেখুৱালে অন্য এক চমক। কাৰণ এই প্রথমখন তালিকাতেই কংগ্রেছে ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ ভিতৰত প্ৰাধান্য দিলে ৫০ গৰাকী মহিলা প্ৰাৰ্থীক। ৫০ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাধান্য দি উত্তৰ প্ৰদেশ কংগ্রেছে মন্তব্য কৰে যে, ‘যোগী আদিত্য নাথৰ শাসন কালত লাঞ্ছিত-বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ লোকসকলক বেছিভাগকে আমি প্ৰাৰ্থীত্ব দিম।’ নাৰী শক্তিক প্ৰাধান্য দি কংগ্রেছে অনাগত দিনত ন উদ্যমেৰে কাম কৰি যোৱাৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। ইফালে সমাজবাদী-ৰাষ্ট্ৰীয় লোকদল মৰ্চাই ২৯জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বিজেপিয়ে ১৭২জন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছে।    

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক