--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আবেলি পাটনাৰ পৰা গুৱাহাটীলৈ আহি থকা বিকানেৰ এক্সপ্ৰেছ ৰেলখন লাইনচ্যুত হয়। ৰে'ল ঘটনাটোত এতিয়ালৈকে তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ৰেলখনত থকা এজন যাত্ৰীয়ে ভয়ংকৰ দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ দিয়ে। ৰে'ল যাত্ৰীজনে কয় যে, "মই হঠাতে প্ৰচণ্ড জোৰত এটা শব্দ অনুভৱ কৰোঁ৷লগে-লগে বহুতো ৰেলৰ দবা ওলটি গৈছে।’’ খবৰ অনুসৰি ৰেলখনৰ বাৰটা ডবা ওলোটি গৈছে আৰু ইয়াৰে এটা কোঠা পানীৰ তললৈ গৈছে। আলিপুৰদুৱাৰত ঘটনাটোস্থলীৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈছে। দুৰ্ঘটনাটোৰ সময়ত ৰেলখনৰ গতি কিমান আছিল সেয়া এতিয়াও জনা হোৱা নাই। খবৰ অনুসৰি, ঘটনাটো নিউ মাইনাগুডি আৰু নিউ দোমোহনীৰ ওচৰত সংঘটিত হৈছিল আৰু ঘটনাস্থলীত এম্বুলেন্স আৰু ৰিলিফ ভেন উপস্থিত হৈছে। জলপাইগুৰি ষ্টেচনটো দোমোহনীৰ আটাইতকৈ ওচৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা আন এখন সাহায্য ৰেলৰ সৈতে এম্বুলেন্সও প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু স্থানীয় লোকসকল বৰ্তমান উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ৰে'ল দুৰ্ঘটনাত আহত সকলক মাইনাগুৰি চিকিৎসালয় আৰু জলপাইগুৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মমতা বেনাৰ্জীয়ে আজিৰ ঘটনাটোক লৈ শোক প্ৰকাশ কৰে৷ ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াই পৰ্যবেক্ষণ কৰি আছে উদ্ধাৰ অভিযান৷ । উল্লেখ্য যে, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেশৰ কৰো’না পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আছিল। বৈঠকৰ মাজতে মমতা বেনাৰ্জীয়ে এই দুৰ্ঘটনাটোৰ বিষয়ে সোধা-পোছা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মমতা বেনাৰ্জীৰ পৰা ঘটনাটোৰ তদন্ত কৰিছে বুলি জানিব পৰা গৈছে। জলপাইগুৰি জিলা উপায়ুক্তই জনোৱা অনুসৰি এতিয়ালৈকে ১০ ৰ পৰা ১২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোত ভাৰতীয় ৰেলৱেৰ দ্বাৰা হেল্প লাইন নম্বৰ মুকলি কৰিছে- নম্বৰটো হৈছে ০৩৬১২৭৩১৬২২, ০৩৬১২৭৩১৬২৩

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা