--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বেংক সম্বন্ধীয় কাম-কাজ এইকেইদিনত কৰিবলৈ বাকী ৰাখিছে নেকি? ১৬ ডিচেম্বৰৰ পূৰ্বেই সম্পন্ন কৰক আপোনাৰ কাম৷ ১৬ ডিচেম্বৰ আৰু ১৮ ডিচেম্বৰত বেংকৰ কাম-কাজ বন্ধ ৰাখিব বুলি জানিবলৈ দিয়ে ‘ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নছ’-এ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা সিদ্ধান্তৰ পাছতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে, বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নছ (UFBU) জাঙুৰ খাই উঠিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।

সংস্থাটোৱে ঘোষণা কৰা মতে ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। ইফালে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানসমূহৰ সংগঠনৰ প্ৰতিবাদক আওকান কৰি সংসদত বেংকিং আইন সংশোধনী বিধেয়ক গৃহীত কৰিলে পৰৱৰ্তী সময়ত প্ৰায় ৯টা সংগঠনে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি সকীয়নি প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র