--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বেংক সম্বন্ধীয় কাম-কাজ এইকেইদিনত কৰিবলৈ বাকী ৰাখিছে নেকি? ১৬ ডিচেম্বৰৰ পূৰ্বেই সম্পন্ন কৰক আপোনাৰ কাম৷ ১৬ ডিচেম্বৰ আৰু ১৮ ডিচেম্বৰত বেংকৰ কাম-কাজ বন্ধ ৰাখিব বুলি জানিবলৈ দিয়ে ‘ইউনাইটেড ফ’ৰাম অব্ বেংক ইউনিয়নছ’-এ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা সিদ্ধান্তৰ পাছতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে, বেংকিং আইন সংশোধনী বিল-২০২১ গৃহীত কৰিবলৈ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নছ (UFBU) জাঙুৰ খাই উঠিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।

সংস্থাটোৱে ঘোষণা কৰা মতে ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। ইফালে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানসমূহৰ সংগঠনৰ প্ৰতিবাদক আওকান কৰি সংসদত বেংকিং আইন সংশোধনী বিধেয়ক গৃহীত কৰিলে পৰৱৰ্তী সময়ত প্ৰায় ৯টা সংগঠনে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি সকীয়নি প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক