--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ ৰাজ্যিক গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ অধীনস্থ চৰকাৰী সংস্থা জৈৱ-ইন্ধন কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেন্দ্ৰ সিং ৰাথোৰৰ বাসভৱনৰ পৰা গহনাকে ধৰি ১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে৷

বৃহস্পতিবাৰে ৫ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত ৰাথোৰক গ্ৰেপ্তাৰ কৰা হৈছিল। বৃহস্পতিবাৰে নিশালৈ অব্যাহত থকা অভিযানৰ সময়ত ৰাজস্থানৰ দুৰ্নীতি নিবাৰক সংস্থাৰ বিষয়াই ৰাথোৰৰ ঘৰৰ পৰা নথি-পত্ৰ আৰু ব্যয়বহুল সুৰাও জব্দ কৰিছিল৷ সেয়েহে জ্যোতিনগৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে আবকাৰী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। সঞ্চালকপ্ৰধান (এচিবি) বিএল চোনিয়ে কয়, যেতিয়া দলটোৱে বৃহস্পতিবাৰে তেওঁৰ বাসগৃহত অভিযান চলাবলৈ গৈছিল, তেতিয়া তেওঁ মুকলিকৈ আমাক ভাবুকি দি কৈছিল যে এচিবিয়ে কি কৰিব পাৰে? তেওঁ কৈছিল, মোৰ ১,০০০ কোটি টকাৰ লেনদেন আছে৷ 

অভিযুক্ত ৰাথোৰে বুধবাৰে অভিযোগকাৰীৰ পৰা তেওঁৰ ব্যৱসায় নিৰৱচ্ছিন্নভাৱে চলিবলৈ দিয়াৰ পৰিৱৰ্তে আৰু অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে ২০ লাখ টকা উৎকোচ দাবী কৰিছিল৷চোনীয়ে কয় যে, অভিযোগৰ ভিত্তিত কাম কৰা দলটোৱে ৰাথোৰ আৰু ঠিকা কৰ্মী দেৱেশ শৰ্মাক ৫ লাখ টকাৰ উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল। জয়পুৰ চহৰত তেওঁৰ বাসগৃহ, ফাৰ্ম হাউচ আৰু এপাৰ্টমেণ্টকে ধৰি চাৰিটা পৃথক স্থানত তালাচী চলোৱা হৈছিল৷ 

এচিবি দলটোৱে জব্দ কৰা বৃহৎ নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ গণনা যন্ত্ৰ ব্যৱহাৰ কৰিব লগা হৈছিল। দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে বুলি দুৰ্নীতি নিবাৰক সংস্থাটোৰ বিষয়াই মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন