--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজু শ্ৰীবাস্তৱক ব্ৰেইন ডেড ঘোষণা কৰা হৈছে। চিকিৎসালয়ত সংকটজনক অৱস্থা হৈছে ৰাজু শ্ৰীবাস্তৱৰ।  চিকিৎসক সকলেও উত্তৰ দিছে যে কেৱল প্ৰাৰ্থনাইহে ৰাজুৰ মংগলৰ বাবে কাম কৰিব। এনে অৱস্থাত ৰাজু শ্ৰীবাস্তৱৰ জীৱনৰ সৈতে জড়িত তেওঁৰ বহু ব্যক্তিগত আৰু পেছাদাৰী লোকে একেলগে অভিনেতাগৰাকীৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আছে। এই বন্ধুসকলৰ ভিতৰত আছে কমেডিয়ান এহছান কুৰেশ্বী, ৰাজপাল যাদৱ, অশোক মিশ্ৰ আৰু তেওঁৰ বিজনেছ মেনেজাৰ ৰাজেশ শৰ্মা। ৰাজেশ শৰ্মা এইমছত ৰাজুৰ নামভৰ্তিৰ সময়ত ৬ দিন দিল্লীতে আছিল। 

এইমছৰ কাৰ্ডিঅ’লজি নিউৰ’ চাইন্স বিল্ডিঙৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৰাজু শ্ৰীবাস্তৱক। ৰাজুৰ পৰিয়ালে কয় যে তেওঁ এজন যুঁজাৰু আৰু ঘূৰি আহিব। অৱশ্যে এতিয়াও ভেন্টিলেটৰত আছে ৰাজু শ্ৰীবাস্তৱ। যোৱা ৮ দিনত ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ উন্নতি সামান্যতমো হোৱা নাই।

ৰাজুৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, আগন্তুক কেইঘণ্টামান ৰাজু শ্ৰীবাস্তৱৰ বাবে সংকটজনক বুলি কোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই। এতিয়াৰ বাবে তেওঁক লাইফ চাপৰ্টত ৰখা হৈছে। ভেন্টিলেটৰত আছে ৰাজু শ্ৰীবাস্তৱ। তেওঁক ব্ৰেইন ডেড ঘোষণা কৰা হৈছে। যোৱা ৯ দিন ধৰি চিকিৎসকে তেওঁক সুস্থ কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে। ইয়াৰ মাজতে তেওঁৰ স্বাস্থ্যৰো সামান্য উন্নতি হৈছিল। চিকিৎসাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ৰাজুৱে। কিন্তু এতিয়া দ্ৰুতগতিত উন্নত হোৱাৰ পৰিৱৰ্তে তেওঁৰ অৱস্থা সংকটজনক হৈয়েই আছে। এই মুহূৰ্তটো ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ বাবে অতি কঠিন আৰু প্ৰত্যাহ্বানজনক। ৰাজু শ্ৰীবাস্তৱৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

ৰাজপাল যাদৱৰ বন্ধুৰ প্ৰতি হৃদয়স্পৰ্শী  বাৰ্তা 

১০ আগষ্টত হাৰ্ট এটেকত আক্ৰান্ত হৈ নতুন দিল্লীৰ এইমছত জীৱনৰ বাবে যুঁজি আছে ৰাজু শ্ৰীবাস্তৱে। ভৰ্তি হোৱাৰ পাছৰে পৰা ৰাজুক ভেণ্টিলেটৰত লগোৱা হৈছে। কালি সন্ধিয়া তেওঁৰ মৃত্যুৰ খবৰত ছ’চিয়েল মিডিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ইফালে, ৰাজপাল যাদৱে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰা দেখা গৈছে, তেওঁ কৈছে "ভাই ৰাজু শ্ৰীবাস্তৱ, সোনকালে সুস্থ হওক। আমি সকলোৱে আপোনাৰ বাবে প্ৰাৰ্থনা কৰি আছো আৰু আপোনাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো। সকলোৱে আপোনাৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। সোনকালে ওলাই আহক যাতে আমি সকলোৱে ইজনে সিজনক সাৱটি ধৰিব পাৰো, আৰু আপুনি  সুখী হওক আৰু পৃথিৱীখনক মনোৰঞ্জন দি ৰাখিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ