--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি জন্মাষ্টমী।সমগ্ৰ দেশৰ মন্দিৰসমূহত কৃষ্ণ জন্মাষ্টমীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰালৈ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰাই ভক্তসকল আহিবলৈ আৰম্ভ কৰিছে। মন্দিৰ সমূহ ৰঙীন পোহৰেৰে সজাই তোলা হৈছে। সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছে ‘জয় শ্ৰী কৃষ্ণ’ৰ উল্লাস।

কৃষ্ণ ভক্তসকলে উলহ-মালহে উদযাপন কৰিছে জন্মাষ্টমী। কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্বাস অনুসৰি আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। ভাদ মাহৰ কৃষ্ণ পক্ষ অষ্টমীৰ দিনা ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়েহে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰা হয়।
 
অসমতো এই দিনটোৰ বিশেষ গুৰুত্ব আছে৷  বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সমাদৃত এই দিন অসমৰ প্ৰত্যেকটো নামঘৰতে আজি পুৱাৰে পৰা এক অনন্য ব্যস্ততাৰ দিন  ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত থকা বৈষ্ণৱ ধৰ্মাৱলম্বী নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব হৰি নামৰ ধ্বনিৰে৷ আকাশে বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া সুৰ৷

শ্ৰী কৃষ্ণৰ জন্ম দিন অৰ্থাৎ জন্মাষ্টমী অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে  অতি ধুমধামেৰে পালন কৰে। জনমাষ্টমীৰ দিনা অসমৰ প্ৰতিতো নামঘৰতে  মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষাৰে শ্ৰীকৃষ্ণক আৰাধনা কৰা হয় । ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱাৰ কল্পনা কৰি অলৌকিক শিলাবৃষ্টি কৰা প্ৰথা হয়তো সকলোৰে জ্ঞাত। এই নাম প্ৰসংগ কিছু কিছু নামঘৰত পাছৰ দিনৰ ৰাতিপুৱালৈকে চলে।  পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে। নামৰ শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ গ্ৰহণ কৰাতো আছে অন্য এক মাদকতা। 

উত্তৰ প্ৰদেশৰ মথুৰাৰ কংসৰ কাৰাগাৰত আজিৰ দিনটোতে মাজনিশা  শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হৈছে। হিন্দু পৌৰাণিক কাহিনীত তেওঁক প্ৰেমিক,বিশ্বজনীন পৰম সত্তা।ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ আখ্যান আৰু কাহিনীবোৰক কৃষ্ণ লীলা বুলি কোৱা হয়। কাহিনী অনুসৰি মথুৰাৰ যাদৱ বংশত দেৱকীৰ গৰ্ভত কৃষ্ণৰ জন্ম হৈছিল। কৃষ্ণৰ জন্মৰ নিশা কৃষ্ণৰ জন্মৰ লগে লগে এক উজ্জ্বল পোহৰে কাৰাগাৰখন ভৰি পৰিল আৰু বাসুদেৱক এক ঐশ্বৰিক কণ্ঠই জগাই তুলিলে যিয়ে তেওঁক কৃষ্ণক যমুণৰ সিপাৰে লৈ যাবলৈ পথ প্ৰদৰ্শন কৰিলে। 

মথুৰাত কৃষ্ণ জন্ম উৎসৱ বিশেষভাৱে পালন কৰা হয় কাৰণ পুৰাণ অনুসৰি মথুৰাত কৃষ্ণৰ জন্ম হৈছিল। ইয়াৰ পাছত তেওঁৰ শৈশৱ বৃন্দাবন আৰু গোকুলত পাৰ হয়। কৃষ্ণ জন্মোৎসৱ একান্তভাৱে মথুৰাত পালন কৰা হয়, য’ত এই উৎসৱৰ প্ৰস্তুতি কিছুদিনৰ বাবে চলি থাকে। মথুৰাৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত পাত্ৰ এটা ভাঙি দিয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, য’ত এটা পাত্ৰ তাঁৰত অতি ওখকৈ বান্ধি থোৱা হয় আৰু ঠিক যেনেকৈ ভগৱান কৃষ্ণই বন্ধু-বান্ধৱীৰ সৈতে পাত্ৰটোত উপস্থিত হৈছিল, একেদৰে, সেই  পাত্ৰ আৰু ইয়াক বনাই আৰু যিজন ব্যক্তিয়ে ভাঙে তেওঁক পুৰস্কৃত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ