--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদিল্লীত শাসনাধিস্থিত আপৰ চৰকাৰ খনক এপিনৰ পৰা হেঁচা মাৰি ধৰিছে কেন্দ্ৰই। সৌসিদিনা ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চিবিআই-এ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত তালাচী চলাইছে। কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে শুক্ৰবাৰে পুৱা ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ২০ টা স্থানত তালাচী চলায়। চিবিআই-এ তালাচী চলোৱা এটা স্থান হৈছে  চিছোদিয়াৰ ঘৰ। 

জানিব পৰা মতে  মনীষ চিছোদিয়াৰ বিৰুদ্ধে  দিল্লীৰ আবকাৰী নীতি অনিয়ম সংঘটিত কৰাৰ  অভিযোগত তালাচী  চলোৱা হৈছে।

তালাচীৰ পিছতে মনীষ চিছোদিয়াই টুইট এইবুলি  কৰিছে, "চিবিআই আহিছে। তেওঁলোকক মই  স্বাগতম জনাইছো। মই তেওঁলোকে ভবাৰ দৰে অসৎ নহওঁ। আমি লাখ লাখ শিশুৰ ভৱিষ্যতৰ বাবে কাম কৰি আছো। এয়া অতি দুৰ্ভাগ্যজনক যে যিসকলে ভাল কাম কৰে তেওঁলোকক এনেদৰে বিচলিত কৰা হয়। সেইকাৰণে আমাৰ দেশ এক নম্বৰ হ'ব নোৱাৰিলে "।

 দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও চিবিআইক আদৰণি জনাইছে। কেজৰিৱালে কয় "যিদিনা আমেৰিকাৰ সৰ্ববৃহৎ বাতৰি কাকত নিউয়ৰ্ক টাইমছত  দিল্লীৰ শিক্ষা আৰ্হিৰ প্ৰশংসা কৰি মনীষ চিছোদিয়াৰ এখন ছবি প্ৰকাশ পাইছিল, সেই দিনাই বহুতে তেওঁক প্ৰশংসা কৰিছিল। আজি  চিবিআইক তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে । চিবিআইক স্বাগতম জনোৱা হৈছে। আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। আগতে বহুতো অনুসন্ধান হৈছিল। একো পোৱা নগ'ল। এইবাৰো একো পোৱা নাযায়। "

উল্লেখ্য  যোৱা বছৰৰ নৱেম্বৰ মাহত বিৰোধীয়ে দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ ভিত্তিত  চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সেই সম্পৰ্কীয় অনুসন্ধান আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে বিভিন্ন স্থানত তালাচী চলাবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু