--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদিল্লীত শাসনাধিস্থিত আপৰ চৰকাৰ খনক এপিনৰ পৰা হেঁচা মাৰি ধৰিছে কেন্দ্ৰই। সৌসিদিনা ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চিবিআই-এ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত তালাচী চলাইছে। কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে শুক্ৰবাৰে পুৱা ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ২০ টা স্থানত তালাচী চলায়। চিবিআই-এ তালাচী চলোৱা এটা স্থান হৈছে  চিছোদিয়াৰ ঘৰ। 

জানিব পৰা মতে  মনীষ চিছোদিয়াৰ বিৰুদ্ধে  দিল্লীৰ আবকাৰী নীতি অনিয়ম সংঘটিত কৰাৰ  অভিযোগত তালাচী  চলোৱা হৈছে।

তালাচীৰ পিছতে মনীষ চিছোদিয়াই টুইট এইবুলি  কৰিছে, "চিবিআই আহিছে। তেওঁলোকক মই  স্বাগতম জনাইছো। মই তেওঁলোকে ভবাৰ দৰে অসৎ নহওঁ। আমি লাখ লাখ শিশুৰ ভৱিষ্যতৰ বাবে কাম কৰি আছো। এয়া অতি দুৰ্ভাগ্যজনক যে যিসকলে ভাল কাম কৰে তেওঁলোকক এনেদৰে বিচলিত কৰা হয়। সেইকাৰণে আমাৰ দেশ এক নম্বৰ হ'ব নোৱাৰিলে "।

 দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও চিবিআইক আদৰণি জনাইছে। কেজৰিৱালে কয় "যিদিনা আমেৰিকাৰ সৰ্ববৃহৎ বাতৰি কাকত নিউয়ৰ্ক টাইমছত  দিল্লীৰ শিক্ষা আৰ্হিৰ প্ৰশংসা কৰি মনীষ চিছোদিয়াৰ এখন ছবি প্ৰকাশ পাইছিল, সেই দিনাই বহুতে তেওঁক প্ৰশংসা কৰিছিল। আজি  চিবিআইক তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে । চিবিআইক স্বাগতম জনোৱা হৈছে। আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। আগতে বহুতো অনুসন্ধান হৈছিল। একো পোৱা নগ'ল। এইবাৰো একো পোৱা নাযায়। "

উল্লেখ্য  যোৱা বছৰৰ নৱেম্বৰ মাহত বিৰোধীয়ে দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ ভিত্তিত  চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সেই সম্পৰ্কীয় অনুসন্ধান আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে বিভিন্ন স্থানত তালাচী চলাবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ