--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৮ আগষ্টত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ অধীনস্থ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা৷ এই লিখিত পৰীক্ষাৰ বাবে সাজু কৰি তুলিব পৰাকৈ সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই আয়োজন কৰিছে এটা প্ৰশিক্ষণ শিবিৰ৷ 

সদৌ বাকসা জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২ জুলাইৰ পৰা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা , তামুলপুৰ, গান্ধীবাৰী, নাওকাটা , মহৰীপাৰাত সংশ্লিষ্ট আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ 

২৮ আগষ্টত অনুষ্ঠিতব্য অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে তামুলপুৰ মহকুমাৰ যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে মহকুমাটোৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব৷

ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ লগত বা আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ সভাপতি/সম্পাদকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ পাটোৱাৰী আৰু সম্পাদক অনুপ কলিতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু