--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৮ আগষ্টত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ অধীনস্থ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা৷ এই লিখিত পৰীক্ষাৰ বাবে সাজু কৰি তুলিব পৰাকৈ সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই আয়োজন কৰিছে এটা প্ৰশিক্ষণ শিবিৰ৷ 

সদৌ বাকসা জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২ জুলাইৰ পৰা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা , তামুলপুৰ, গান্ধীবাৰী, নাওকাটা , মহৰীপাৰাত সংশ্লিষ্ট আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ 

২৮ আগষ্টত অনুষ্ঠিতব্য অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে তামুলপুৰ মহকুমাৰ যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে মহকুমাটোৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব৷

ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ লগত বা আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ সভাপতি/সম্পাদকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ পাটোৱাৰী আৰু সম্পাদক অনুপ কলিতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ