--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলীয় বিসম্বাদে ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ কৰাৰ পিছতে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেপন্থী নেতা তথা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে বিসম্বাদী নেতাসকলৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। দলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা এই নেতাসকল ইডি- ৰ নজৰত আছে বুলি দাবী কৰিছে ৰাউটে। সেইবাবেই এই সকল নেতাই বিজেপিৰ হেঁচাত শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সৃষ্টি কৰিছে বুলি ৰাউটে অভিযোগ কৰিছে।

সাংসদ গৰাকীৰ ভাষ্য অনুসৰি বিসম্বাদত লিপ্ত হোৱা অধিকাংশ বিধায়কেই ইডিৰ জাননী লাভ কৰিছে। বিজেপিয়ে ইডি- ৰ জৰিয়তে এই বিধায়ক সকলক হেঁচা প্ৰদান কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাউটে। লগতে এই সন্দৰ্ভত তেওঁৰ ওচৰত তথ্য মজুত আছে বুলিও ৰাউটে দাবী কৰে।

এই অভিযোগ তুলি ৰাউটে লগতে মন্তব্য কৰে যে কেৱল বালাচাহেব ঠাকৰেৰ প্ৰকৃত অনুগামীসকলেহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত বিশ্বাস ৰাখিব। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ হেঁচাত দল ত্যাগ কৰা লোক কেতিয়াও প্ৰকৃত বালাচাহেব অনুগামী নহয় বুলি কটাক্ষ কৰে ৰাউটে। 

তেওঁ কয়, “আমি প্ৰকৃত বালাচাহেব ভক্ত। আনকি আমিও ইডিৰ চাপৰ সন্মুখীন হৈছো। কিন্তু আমি উদ্ধৱ ঠাকৰেৰ পক্ষত থিয় হৈ থাকিম। মই মোৰ শেষ নিশ্বাসলৈকে ঠাকৰে পৰিয়াল আৰু শিৱসেনাৰ সৈতে থাকিম।" 

আনহাতে বিসম্বাদী নেতা একনাথ সিন্দেৰ সৈতে থকা ২০ জন বিধায়কে উদ্ধৰ ঠাকৰেৰ সমৰ্থনত তেওঁৰ সৈতে যোগাযোগত আছে বুলিও দাবী কৰিছে ৰাউটে। ৰাউটৰ এই দাবীয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিক আন এক দিশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি