--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলীয় বিসম্বাদে ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ কৰাৰ পিছতে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেপন্থী নেতা তথা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে বিসম্বাদী নেতাসকলৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। দলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা এই নেতাসকল ইডি- ৰ নজৰত আছে বুলি দাবী কৰিছে ৰাউটে। সেইবাবেই এই সকল নেতাই বিজেপিৰ হেঁচাত শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সৃষ্টি কৰিছে বুলি ৰাউটে অভিযোগ কৰিছে।

সাংসদ গৰাকীৰ ভাষ্য অনুসৰি বিসম্বাদত লিপ্ত হোৱা অধিকাংশ বিধায়কেই ইডিৰ জাননী লাভ কৰিছে। বিজেপিয়ে ইডি- ৰ জৰিয়তে এই বিধায়ক সকলক হেঁচা প্ৰদান কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাউটে। লগতে এই সন্দৰ্ভত তেওঁৰ ওচৰত তথ্য মজুত আছে বুলিও ৰাউটে দাবী কৰে।

এই অভিযোগ তুলি ৰাউটে লগতে মন্তব্য কৰে যে কেৱল বালাচাহেব ঠাকৰেৰ প্ৰকৃত অনুগামীসকলেহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত বিশ্বাস ৰাখিব। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ হেঁচাত দল ত্যাগ কৰা লোক কেতিয়াও প্ৰকৃত বালাচাহেব অনুগামী নহয় বুলি কটাক্ষ কৰে ৰাউটে। 

তেওঁ কয়, “আমি প্ৰকৃত বালাচাহেব ভক্ত। আনকি আমিও ইডিৰ চাপৰ সন্মুখীন হৈছো। কিন্তু আমি উদ্ধৱ ঠাকৰেৰ পক্ষত থিয় হৈ থাকিম। মই মোৰ শেষ নিশ্বাসলৈকে ঠাকৰে পৰিয়াল আৰু শিৱসেনাৰ সৈতে থাকিম।" 

আনহাতে বিসম্বাদী নেতা একনাথ সিন্দেৰ সৈতে থকা ২০ জন বিধায়কে উদ্ধৰ ঠাকৰেৰ সমৰ্থনত তেওঁৰ সৈতে যোগাযোগত আছে বুলিও দাবী কৰিছে ৰাউটে। ৰাউটৰ এই দাবীয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিক আন এক দিশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ