--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰাৰ অভিযোগত কাশ্মীৰত চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে চাৰিজনকৈ কৰ্মচাৰীক। কৰ্মচাৰী কেইজনক সংবিধানৰ অনুচ্ছেদ ৩১১(২)(গ)ৰ অধীনত বৰ্খাস্ত কৰা হৈছে। সংবিধানৰ এই অনুচ্ছেদে   চৰকাৰক কৰ্মচাৰীক তেওঁলোকৰ আচৰণৰ তদন্তৰ নিৰ্দেশ নিদিয়াকৈ বা তেওঁলোকক তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ সুযোগ নিদিয়াকৈয়ে বৰ্খাস্ত কৰাৰ অনুমতি দিছে।  

জম্মু-কাশ্মীৰ চৰকাৰে ডক্টৰছ এছ'চিয়েশ্যন অৱ কাশ্মীৰৰ সভাপতি ড০ নিছাৰ-উল-হাছানকে ধৰি চাৰিজন চৰকাৰী কৰ্মচাৰীক "ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" হৈ পৰা  বুলি অনুভৱ কৰি বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। 
বুধবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে বৰ্খাস্ত কৰা কৰ্মচাৰীসকল  "ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" আৰু "ৰাজ্যৰ নিৰাপত্তাৰ স্বাৰ্থত, বিষয়টো তদন্ত কৰাটো সমীচীন নহয়"। চৰকাৰে একেধৰণৰ নিৰ্দেশ জাৰি কৰি কুপৱাৰাৰ আন  তিনিজন কৰ্মচাৰীকো বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। 

কুনান গাঁৱৰ এজন আৰক্ষী কনিষ্টবল আব্দুল মজিদ ভাট; কুপৱাৰাৰ এজন শিক্ষক ফাৰুক আহমেদ মীৰ; আৰু উচ্চ শিক্ষাৰ পৰীক্ষাগাৰৰ কৰ্মচাৰী তথা দক্ষিণ কাশ্মীৰৰ কুলগামৰ বাসিন্দা আব্দুল ছালাম ৰাথাৰকো বৰ্খাস্ত কৰা হৈছে।
শ্ৰীনগৰৰ  এছএমএইচএছ চিকিৎসালয় সহকাৰী অধ্যাপক (মেডিচিন) ড০ নিছাৰ-উল-হাছানৰ কাৰ্যকলাপ ৰাজ্য বিৰোধী।  সেয়েহে, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়া উচিত বুলি   সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য কাশ্মীৰৰ  চৰকাৰে ২০২১ চনৰ এপ্ৰিলৰ পৰা  এতিয়ালৈকে প্ৰায় ৫৫ জন কৰ্মচাৰীক "ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" সৃষ্টি কৰাৰ অভিযোগত বৰ্খাস্ত কৰিছে।উত্তৰ কাশ্মীৰৰ ছপৰেৰ আচাবাল গাঁৱৰ বাসিন্দা ড০ নিছাৰ-উল-হাছান, কাশ্মীৰৰ ডক্টৰএছ'চিয়েচনৰ সভাপতি । তেওঁ  চৰকাৰৰ বহু  নীতিৰ বিৰুদ্ধে মুকলিকৈয়ে মন্তব্য কৰি আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ