--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰাৰ অভিযোগত কাশ্মীৰত চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে চাৰিজনকৈ কৰ্মচাৰীক। কৰ্মচাৰী কেইজনক সংবিধানৰ অনুচ্ছেদ ৩১১(২)(গ)ৰ অধীনত বৰ্খাস্ত কৰা হৈছে। সংবিধানৰ এই অনুচ্ছেদে   চৰকাৰক কৰ্মচাৰীক তেওঁলোকৰ আচৰণৰ তদন্তৰ নিৰ্দেশ নিদিয়াকৈ বা তেওঁলোকক তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ সুযোগ নিদিয়াকৈয়ে বৰ্খাস্ত কৰাৰ অনুমতি দিছে।  

জম্মু-কাশ্মীৰ চৰকাৰে ডক্টৰছ এছ'চিয়েশ্যন অৱ কাশ্মীৰৰ সভাপতি ড০ নিছাৰ-উল-হাছানকে ধৰি চাৰিজন চৰকাৰী কৰ্মচাৰীক "ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" হৈ পৰা  বুলি অনুভৱ কৰি বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। 
বুধবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে বৰ্খাস্ত কৰা কৰ্মচাৰীসকল  "ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" আৰু "ৰাজ্যৰ নিৰাপত্তাৰ স্বাৰ্থত, বিষয়টো তদন্ত কৰাটো সমীচীন নহয়"। চৰকাৰে একেধৰণৰ নিৰ্দেশ জাৰি কৰি কুপৱাৰাৰ আন  তিনিজন কৰ্মচাৰীকো বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। 

কুনান গাঁৱৰ এজন আৰক্ষী কনিষ্টবল আব্দুল মজিদ ভাট; কুপৱাৰাৰ এজন শিক্ষক ফাৰুক আহমেদ মীৰ; আৰু উচ্চ শিক্ষাৰ পৰীক্ষাগাৰৰ কৰ্মচাৰী তথা দক্ষিণ কাশ্মীৰৰ কুলগামৰ বাসিন্দা আব্দুল ছালাম ৰাথাৰকো বৰ্খাস্ত কৰা হৈছে।
শ্ৰীনগৰৰ  এছএমএইচএছ চিকিৎসালয় সহকাৰী অধ্যাপক (মেডিচিন) ড০ নিছাৰ-উল-হাছানৰ কাৰ্যকলাপ ৰাজ্য বিৰোধী।  সেয়েহে, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়া উচিত বুলি   সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য কাশ্মীৰৰ  চৰকাৰে ২০২১ চনৰ এপ্ৰিলৰ পৰা  এতিয়ালৈকে প্ৰায় ৫৫ জন কৰ্মচাৰীক "ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি" সৃষ্টি কৰাৰ অভিযোগত বৰ্খাস্ত কৰিছে।উত্তৰ কাশ্মীৰৰ ছপৰেৰ আচাবাল গাঁৱৰ বাসিন্দা ড০ নিছাৰ-উল-হাছান, কাশ্মীৰৰ ডক্টৰএছ'চিয়েচনৰ সভাপতি । তেওঁ  চৰকাৰৰ বহু  নীতিৰ বিৰুদ্ধে মুকলিকৈয়ে মন্তব্য কৰি আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক