--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উদযাপন কৰা হয় লোকবিশ্বাসৰ মহান উৎসৱ ষঠ পূজা। ষঠ পূজাৰ ৰঙেৰে ভক্তিময় হৈ পৰে সমগ্ৰ বিহাৰ। বিহাৰৰ বৃহৎ সংখ্যক মুছলমান পৰিয়ালেও পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে ষঠ ব্ৰত পালন কৰি আছে। মুছলমান পৰিয়ালৰ মহিলাসকলে ষঠগীত গাই পূজা-অৰ্চনাত নিয়োজিত হয়। এই মহিলাসকলে বিশ্বাস কৰে যে ষঠ ব্ৰতৰ ফলত সন্তান জন্ম হৈছে।

সংগ্ৰামপুৰ ৰাইমল কলনীৰ মহিলাসকলে বছৰ বছৰ ধৰি পৰিয়াল আৰু শিশুৰ মংগলৰ বাবে ষঠ পূজা কৰি আহিছে। ইয়াৰ মুছলমান মহিলাসকলে বিগত ২০ বছৰ ধৰি ষঠ উৎসৱ পালন কৰি আহিছে। সংগ্ৰামপুৰ ৰাইমল কলনী গাঁৱৰ গুড়িয়া খাতুন, ফুলবিভি নেছা, চাবৰা খাতুন, হাছিনা খাতুন, চাইমুন নেছা, শবনম খাতুন, সন্তৰা খাতুন আৰু নূৰজাহান খাতুন আদি ঘৰৰ চোতালত শিশুৰ খিলখিলনি শুনিবলৈ পোৱা গৈছে, তেওঁলোকে বিশ্বাস কৰে যে ষঠ পূজা পালন কৰা বাবেই তেওঁলোকৰ সংসাৰলৈ সন্তানৰ আগমন ঘটিছে।

গুড়িয়া খাতুনে কয় যে তেওঁ ১৫-১৬ বছৰ ধৰি ষঠ পূজাৰ ব্ৰত পালন কৰি আহিছে। তেওঁৰ সকলো কামনা পূৰণ হৈছে। সৰিতা নামৰ এগৰাকী মহিলাই কয় যে তেওঁ তিনি বছৰৰ পৰাই ষঠ পূজা কৰি আহিছে। পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছিল, যিটো পূৰণ হৈছে। লগতে লালী নামৰ এগৰাকী মহিলাই কয় যে তেওঁ সংগ্ৰামপুৰলৈ অহাৰ পৰাই ষঠ ব্ৰত পালন কৰি আহিছে। এই ক্ৰম ৩০ বছৰ ধৰি অবিৰতভাৱে চলি আছে। বহু মুছলমান পৰিয়ালৰ মহিলাসকলে এই ব্ৰত পালন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement