--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিদ্যালয়ত হিজাব পৰিধান কৰাক লৈ উত্তাল হৈ পৰিছে দেশ। কৰ্ণাটকৰ এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বিবাদক লৈ শেহতীয়াকৈ আন ৰাজ্যসমূহতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ কৰ্ণাটকৰ হিজাব বিতৰ্কই এতিয়া মধ্যপ্ৰদেশ আৰু পুডুচেৰীত উত্তাল কৰি তুলিছে পৰিস্থিতি। উল্লেখ্য যে, হিজাবৰ বিৰোধিতা কৰা একাংশ ছাত্ৰই জাতীয় পতাকাৰ ঠাইত গেৰুৱা পতাকা উত্তোলন কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল কৰ্ণাটকত। এই ঘটনাই ইমান তীব্ৰ ৰূপ লৈছিল যে, এই ভিডিঅ'ই ছ'চিয়েল মিডিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ৰাজ্যখনৰ একাংশ সোপন্থী সংগঠনে বিদ্যালয়ত মুছলমান ছাত্ৰীয়ে হিজাব পৰিধান কৰাক লৈ আপত্তি দৰ্শোৱাৰ পাছতে বিভিন্ন শিক্ষানুষ্ঠানত হিজাব পৰিধান নিষিদ্ধ কৰা হৈছিল। তাৰ পাছতে ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত ঘটে। ইফালে, কৰ্ণাটকৰ পাছতে মধ্যপ্ৰদেশ চৰকাৰেও বিদ্যালয়ত হিজাব পৰিধান কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। ইপিনে পুডুচেৰীত, আৰিয়াংকুপ্পামৰ চৰকাৰী বিদ্যালয়খনত হিজাবপৰিধানক লৈ আপত্তি কৰিছিল এজন শিক্ষকে৷ যাৰ ফলত শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল বিদ্যালয়ৰ কৰ্তৃপক্ষই। উল্লেখ্য যে, কৰ্ণাটকৰ উডুপিত এখন মহাবিদ্যালয়ৰ কলেজৰ ইউনিফৰ্ম কেতিয়াও হিজাব হ'ব নোৱাৰে বুলি একাংশ ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়া হৈছিল৷ তাৰপাছৰে পৰা এই বিতৰ্কই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিছিল। এই গোচৰে খটখটাইছিল কৰ্ণাটক উচ্চ ন্যায়ালয় দুৱাৰ। আনকি এই হিজাব বিতৰ্কই পাকিস্তানটো সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ আনকি এই সন্দৰ্ভত শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজায়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ কয় যে, 'হিজাব পৰিধান কৰা যুৱতীক বিদ্যালয়ত সোমাব নিদিয়াটো এক ভয়ংকৰ কাণ্ড৷' শেহতীয়াকৈ বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক শুনানিৰ সময়তে আদালত চৌহদত সৃষ্টি হয় উত্তাল পৰিৱেশৰ৷ হিজাবপৰিধান কৰা আৰু গেৰুৱা শ্বল পৰিধান কৰা দুটা গোটৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু শিলাবৰ্ষণৰ ঘটনাও ঘটে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়। ইফালে, এই ঘটনাৰ মাজতে কৰ্ণাটকে তিনিদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। শান্তিৰ বাবে আবেদন কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজিও বিষয়টোৰ শুনানি অব্যাহত ৰাখিব। ইফালে, মধ্য প্ৰদেশৰ শিক্ষা মন্ত্ৰী ইন্দৰ সিং পাৰমাৰে কয় যে, হিজাববিদ্যালয়ৰ ইউনিফৰ্মৰ অংশ নহয়, সেয়েহে বিদ্যালয়ত পিন্ধাটো নিষিদ্ধ। মানুহে ঘৰত পৰম্পৰা অনুসৰণ কৰা উচিত, বিদ্যালয়ত নহয়। আমি পোছাক সংহিতাৰ কঠোৰ প্ৰৱৰ্তনৰ ওপৰত কাম কৰি আছোঁ বুলিও উল্লেখ কৰে তেওঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি