--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাইলৈ অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বিজেপি প্ৰাৰ্থী সাহেন্দ্ৰ ৰামলাৰ কনভয়লৈ লক্ষ্য কৰি নিক্ষেপ কৰে গোবৰ আৰু শিল। বিজেপি প্ৰাৰ্থী তথা বিধায়ক সাহেন্দ্ৰ ৰামলাৰ কনভয়ত মঙলবাৰে বাগপটৰ ছপ্ৰাউলীত আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বিজেপি নেতাসকলে কয় যে, বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত উলিওৱা এটা শোভাযাত্ৰাৰ সময়তে বাহনসমূহত গোবৰ দলিয়াইছিল। অভিযোগ কৰামতে কনভয়টোলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰা হৈছিল৷ ইয়াৰ উপৰি ৰাষ্ট্ৰীয় লোক দলৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীসকলে পতাকা উৰুৱাই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ যাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কিৰো সূত্ৰপাত ঘটিছিল। এই কাণ্ডৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনা সন্দৰ্ভত এছএইচঅ' বিনোদ কুমাৰে কয় যে তেওঁ এতিয়ালৈকে বিষয়টোৰ বিতং প্ৰতিবেদন লাভ কৰা নাই। আৰক্ষীৰ জৰিয়তে, ফটোগ্ৰাফীৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি, অপৰাধীসকলক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক