--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাইলৈ অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বিজেপি প্ৰাৰ্থী সাহেন্দ্ৰ ৰামলাৰ কনভয়লৈ লক্ষ্য কৰি নিক্ষেপ কৰে গোবৰ আৰু শিল। বিজেপি প্ৰাৰ্থী তথা বিধায়ক সাহেন্দ্ৰ ৰামলাৰ কনভয়ত মঙলবাৰে বাগপটৰ ছপ্ৰাউলীত আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বিজেপি নেতাসকলে কয় যে, বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত উলিওৱা এটা শোভাযাত্ৰাৰ সময়তে বাহনসমূহত গোবৰ দলিয়াইছিল। অভিযোগ কৰামতে কনভয়টোলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰা হৈছিল৷ ইয়াৰ উপৰি ৰাষ্ট্ৰীয় লোক দলৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীসকলে পতাকা উৰুৱাই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ যাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কিৰো সূত্ৰপাত ঘটিছিল। এই কাণ্ডৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনা সন্দৰ্ভত এছএইচঅ' বিনোদ কুমাৰে কয় যে তেওঁ এতিয়ালৈকে বিষয়টোৰ বিতং প্ৰতিবেদন লাভ কৰা নাই। আৰক্ষীৰ জৰিয়তে, ফটোগ্ৰাফীৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি, অপৰাধীসকলক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?