--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিতৰ্কই এতিয়া দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই থকা দেশখনত পুনৰ এনে ধৰ্মকেন্দ্ৰিক বিতৰ্কই পোখা মেলাৰ পাছতে এই বিতৰ্কই এতিয়া ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে। আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছে বিভিন্ন ৰাজনৈতিক নেতাৰ মাজত। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই এই সন্দৰ্ভক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বুধবাৰে কৰ্ণাটকৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত হিজাব পিন্ধিবলৈ নিষিদ্ধ কৰা বিষয়টোক লৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, কি কাপোৰ পিন্ধিব লাগে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা আৰু এই অধিকাৰ দেশৰ সংবিধানে প্ৰদান কৰিছে। প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটত কয়, 'বিকিনি, ওৰণি, জিন্স বা হিজাব যিয়েই নহওক, কোনে কি পিন্ধিব বিচাৰে সেয়া সিদ্ধান্ত লোৱাটো এগৰাকী মহিলাৰ অধিকাৰ। এই অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা প্ৰদান কৰা হৈছে। মহিলাসকলক উৎপীড়ন কৰা বন্ধ কৰক৷' #ladkihoonladsaktihoon হেজটেগৰ সৈতে এই টুইট কৰাৰ পাছতে এই মন্তব্যক লৈ পুনৰ চৰ্চা হৈছে ছ'চিয়েল মিডিয়াত৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও তেওঁৰ ভগ্নীৰ টুইটৰ প্ৰতি সঁহাৰি জনায়। ইপিনে কাইলৈ আৰম্ভ হ'ব সাতটা পৰ্যায়ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন৷ কংগ্ৰেছে ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ অধিকাৰ আৰু সৱলীকৰণক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে নিৰ্বাচনী প্ৰচাৰত অন্তৰ্ভুক্ত কৰিছে৷ লগতে প্ৰিয়ংকা গান্ধীয়ে সেই বিশেষ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছিল। যোৱা সপ্তাহতো প্ৰিয়ংকাই শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ শিক্ষাৰ্থীসকলৰ অধিকাৰৰ সমৰ্থনত টুইট কৰিছিল৷ 'হিজাবক শিক্ষাৰ্থীসকলৰ শিক্ষাৰ পথত আনি আমি ভাৰতৰ কন্যাসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি আছোঁ। মা সৰস্বতীয়ে সকলোকে জ্ঞান দিয়ে। তেওঁ পোচাকৰ বাচ-বিচাৰ নকৰে।’ উল্লেখ্য যে যোৱা সপ্তাহত কৰ্ণাটকৰ উডুপি, চিক্কামাগালুৰু আৰু মাণ্ড্য জিলাৰ কেইবাখনো চহৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অধিকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছিল। এই প্ৰতিবাদে এতিয়া সাম্প্ৰদায়িক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিততে কৰ্ণাটক চৰকাৰে তিনিদিনলৈ ৰাজ্যখনৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, এগৰাকী বিজেপি নেতাই কংগ্ৰেছ শাসনলৈ আহিলে হিন্দুকো হিজাব পিন্ধিবলৈ বাধ্য কৰাব বুলি মন্তব্য কৰি এই বিতৰ্কক অধিক তীব্ৰতা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি