--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিতৰ্কই এতিয়া দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই থকা দেশখনত পুনৰ এনে ধৰ্মকেন্দ্ৰিক বিতৰ্কই পোখা মেলাৰ পাছতে এই বিতৰ্কই এতিয়া ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে। আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছে বিভিন্ন ৰাজনৈতিক নেতাৰ মাজত। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই এই সন্দৰ্ভক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বুধবাৰে কৰ্ণাটকৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত হিজাব পিন্ধিবলৈ নিষিদ্ধ কৰা বিষয়টোক লৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, কি কাপোৰ পিন্ধিব লাগে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা আৰু এই অধিকাৰ দেশৰ সংবিধানে প্ৰদান কৰিছে। প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটত কয়, 'বিকিনি, ওৰণি, জিন্স বা হিজাব যিয়েই নহওক, কোনে কি পিন্ধিব বিচাৰে সেয়া সিদ্ধান্ত লোৱাটো এগৰাকী মহিলাৰ অধিকাৰ। এই অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা প্ৰদান কৰা হৈছে। মহিলাসকলক উৎপীড়ন কৰা বন্ধ কৰক৷' #ladkihoonladsaktihoon হেজটেগৰ সৈতে এই টুইট কৰাৰ পাছতে এই মন্তব্যক লৈ পুনৰ চৰ্চা হৈছে ছ'চিয়েল মিডিয়াত৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও তেওঁৰ ভগ্নীৰ টুইটৰ প্ৰতি সঁহাৰি জনায়। ইপিনে কাইলৈ আৰম্ভ হ'ব সাতটা পৰ্যায়ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন৷ কংগ্ৰেছে ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ অধিকাৰ আৰু সৱলীকৰণক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে নিৰ্বাচনী প্ৰচাৰত অন্তৰ্ভুক্ত কৰিছে৷ লগতে প্ৰিয়ংকা গান্ধীয়ে সেই বিশেষ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছিল। যোৱা সপ্তাহতো প্ৰিয়ংকাই শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ শিক্ষাৰ্থীসকলৰ অধিকাৰৰ সমৰ্থনত টুইট কৰিছিল৷ 'হিজাবক শিক্ষাৰ্থীসকলৰ শিক্ষাৰ পথত আনি আমি ভাৰতৰ কন্যাসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি আছোঁ। মা সৰস্বতীয়ে সকলোকে জ্ঞান দিয়ে। তেওঁ পোচাকৰ বাচ-বিচাৰ নকৰে।’ উল্লেখ্য যে যোৱা সপ্তাহত কৰ্ণাটকৰ উডুপি, চিক্কামাগালুৰু আৰু মাণ্ড্য জিলাৰ কেইবাখনো চহৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অধিকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছিল। এই প্ৰতিবাদে এতিয়া সাম্প্ৰদায়িক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিততে কৰ্ণাটক চৰকাৰে তিনিদিনলৈ ৰাজ্যখনৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, এগৰাকী বিজেপি নেতাই কংগ্ৰেছ শাসনলৈ আহিলে হিন্দুকো হিজাব পিন্ধিবলৈ বাধ্য কৰাব বুলি মন্তব্য কৰি এই বিতৰ্কক অধিক তীব্ৰতা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক