--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ধুমুহাই সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰি উদ্ধৱ ঠাকৰেৰ চৰকাৰক থৰক-বৰক কৰি তোলা কেবিনেট মন্ত্ৰী তথা শিৱসেনাৰ জেষ্ঠ নেতা একনাথ সিন্দেসহ বিসম্বাদী শিবিৰৰ বিধায়ক সকলে এতিয়া আশ্ৰয় লৈ আছে গুৱাহাটীত। ৰাজ্যখনৰ এই জটিল ৰাজনৈতিক সংকটৰ মাজতে সম্প্ৰতি আন এক খবৰে লাভ কৰিছে বিশেষ চৰ্চা। 

বিসম্বাদে জুৰুলা কৰা ৰাজ্যখনৰ ৰাজনৈতিক স্থিতিত অতিষ্ঠ হৈ এইবাৰ ৰাজ্যখনৰ এজন সাধাৰণ নাগৰিকে এক অদ্ভুত আহ্বান জনাইছে। বিড জিলাৰ এই ব্যক্তি গৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ নিজকে মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাবলৈ ৰাজ্যপালগৰাকীক আহ্বান জনাইছে। 

নিজকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰা এই ব্যক্তিগৰাকীৰ নাম হৈছে শ্ৰীকান্ত গাদাল। বিড জিলাৰ কেজ তহচিলৰ অন্তৰ্গত দহিফাল অঞ্চলৰ বাসিন্দা গাদালে নিজকে মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য বুলি দাবী কৰি ৰাজ্যপাল কোশিয়াৰীলৈ এখন পত্ৰ লিখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰিছে।

উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰ ৰাজ্যখনত চূড়ান্ত বিফল হৈছে বুলি দাবী কৰিছে গাদালে। পত্ৰখনত তেওঁ অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ৰাজ্যখনৰ সাধাৰণ জনসাধাৰণৰ সমস্যাক অৱহেলা কৰিছে। মহাৰাষ্ট্ৰৰ কৃষকসকলেও ৰাজ্য চৰকাৰৰ দ্বাৰা কোনো সহায় লাভ কৰা নাই বুলিও অভিযোগ কৰিছে গাদালে।

চৰকাৰৰ এই বিফলতাৰ তুলনাত নিজৰ যোগ্যতাৰ আভাস দি গাদালে কয় যে তেওঁ যোৱা ১০-১২ বছৰ ধৰি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত জড়িত হৈ আছে। এই সময়ছোৱাত তেওঁ কৃষক আৰু দৰিদ্ৰ লোকসকলৰ সমস্যাৰ সমাধানৰ বাবে যথেষ্ট কাম কৰিছে বুলিও দাবী কৰে।

গাদালে কয় যে পাৰিপাৰ্শ্বিক দুৰ্যোগৰ বাবে ৰাজ্যখনে তীব্ৰ লোকচানৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত চৰকাৰখনে তাৎক্ষণিক সকাহ দিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু বাস্তৱত চৰকাৰৰ দ্বাৰা তেনে কোনো সহায় লাভ কৰা নাই বুলিও গাদালে অভিযোগ কৰিছে।
 
সেয়েহে চৰকাৰৰ এই বিফলতাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জনসাধাৰণৰ উপকাৰ সাধন কৰিব পৰাকৈ কাম কৰাৰ উদ্দেশ্যে তেওঁক এটা সুযোগ দিবলৈ আহ্বান জনাইছে আৰু মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিবলৈ ৰাজ্যপাল  ভগত সিং কোশিয়াৰীক অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিলে তেওঁ ৰাজ্যখনৰ নিবনুৱা সমস্যা, কৃষক সকলৰ সমস্যা, কৃষি শ্ৰমিক আৰু কুঁহিয়াৰ খেতিয়কসকলৰ সমস্যা সমাধান কৰি তুলিব বুলিও স্পষ্টকৈ ৰাজ্যপাল গৰাকীক প্ৰতিশ্ৰুতি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য