--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ধুমুহাই সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰি উদ্ধৱ ঠাকৰেৰ চৰকাৰক থৰক-বৰক কৰি তোলা কেবিনেট মন্ত্ৰী তথা শিৱসেনাৰ জেষ্ঠ নেতা একনাথ সিন্দেসহ বিসম্বাদী শিবিৰৰ বিধায়ক সকলে এতিয়া আশ্ৰয় লৈ আছে গুৱাহাটীত। ৰাজ্যখনৰ এই জটিল ৰাজনৈতিক সংকটৰ মাজতে সম্প্ৰতি আন এক খবৰে লাভ কৰিছে বিশেষ চৰ্চা। 

বিসম্বাদে জুৰুলা কৰা ৰাজ্যখনৰ ৰাজনৈতিক স্থিতিত অতিষ্ঠ হৈ এইবাৰ ৰাজ্যখনৰ এজন সাধাৰণ নাগৰিকে এক অদ্ভুত আহ্বান জনাইছে। বিড জিলাৰ এই ব্যক্তি গৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ নিজকে মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাবলৈ ৰাজ্যপালগৰাকীক আহ্বান জনাইছে। 

নিজকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰা এই ব্যক্তিগৰাকীৰ নাম হৈছে শ্ৰীকান্ত গাদাল। বিড জিলাৰ কেজ তহচিলৰ অন্তৰ্গত দহিফাল অঞ্চলৰ বাসিন্দা গাদালে নিজকে মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য বুলি দাবী কৰি ৰাজ্যপাল কোশিয়াৰীলৈ এখন পত্ৰ লিখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰিছে।

উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰ ৰাজ্যখনত চূড়ান্ত বিফল হৈছে বুলি দাবী কৰিছে গাদালে। পত্ৰখনত তেওঁ অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ৰাজ্যখনৰ সাধাৰণ জনসাধাৰণৰ সমস্যাক অৱহেলা কৰিছে। মহাৰাষ্ট্ৰৰ কৃষকসকলেও ৰাজ্য চৰকাৰৰ দ্বাৰা কোনো সহায় লাভ কৰা নাই বুলিও অভিযোগ কৰিছে গাদালে।

চৰকাৰৰ এই বিফলতাৰ তুলনাত নিজৰ যোগ্যতাৰ আভাস দি গাদালে কয় যে তেওঁ যোৱা ১০-১২ বছৰ ধৰি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত জড়িত হৈ আছে। এই সময়ছোৱাত তেওঁ কৃষক আৰু দৰিদ্ৰ লোকসকলৰ সমস্যাৰ সমাধানৰ বাবে যথেষ্ট কাম কৰিছে বুলিও দাবী কৰে।

গাদালে কয় যে পাৰিপাৰ্শ্বিক দুৰ্যোগৰ বাবে ৰাজ্যখনে তীব্ৰ লোকচানৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত চৰকাৰখনে তাৎক্ষণিক সকাহ দিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু বাস্তৱত চৰকাৰৰ দ্বাৰা তেনে কোনো সহায় লাভ কৰা নাই বুলিও গাদালে অভিযোগ কৰিছে।
 
সেয়েহে চৰকাৰৰ এই বিফলতাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জনসাধাৰণৰ উপকাৰ সাধন কৰিব পৰাকৈ কাম কৰাৰ উদ্দেশ্যে তেওঁক এটা সুযোগ দিবলৈ আহ্বান জনাইছে আৰু মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিবলৈ ৰাজ্যপাল  ভগত সিং কোশিয়াৰীক অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিলে তেওঁ ৰাজ্যখনৰ নিবনুৱা সমস্যা, কৃষক সকলৰ সমস্যা, কৃষি শ্ৰমিক আৰু কুঁহিয়াৰ খেতিয়কসকলৰ সমস্যা সমাধান কৰি তুলিব বুলিও স্পষ্টকৈ ৰাজ্যপাল গৰাকীক প্ৰতিশ্ৰুতি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি