--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশজুৰি চৰ্চাত থকা এটা নাম হ'ল দ্ৰৌপদী মূৰ্মু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে নিৰ্বাচিত হব দেশৰ নতুন ৰাষ্ট্ৰপতি। ইয়াৰ বাবে উত্থাপিত হৈছে কেইবাটাও নাম। তাৰেই ভিতৰত বৰ্তমানে সকলোতকৈ চৰ্চিত হোৱা নামটোৱেই হৈছে দ্ৰৌপদী মূৰ্মুৰ। শাসক আৰু বিৰোধী উভয় পক্ষই ঘোষণা কৰিলে ৰাষ্ট্ৰপতিৰ পদৰ বাবে নিজা প্ৰাৰ্থী। ইতিপূৰ্বে বিৰোধী পক্ষই জেষ্ঠ নেতা যশৱন্ত সিনহাৰ নাম ঘোষনা কৰাৰ পিছত মঙ্গলবাৰে নিশা শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ- ই জনজাতীয় নেত্ৰী দ্ৰৌপদী মূৰ্মুক ৰাষ্ট্ৰপতিৰ পদৰ বাবে মনোনীত কৰে। বিজেপিৰ সভাপতি জে পি নাড্ডাই জানিবলৈ দিয়া অনুসৰি বিজেপিৰ সংসদীয় পৰিষদে ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীৰ বাবে ২০ গৰাকী ব্যক্তিৰ নাম আলোচনা কৰিছিল। বিশেষকৈ পূব ভাৰতৰ পৰা এগৰাকী জনজাতীয় বা এগৰাকী মহিলা প্ৰাৰ্থীক মনোনীত কৰাত গুৰুত্ব দিছিল দলটোৱে।

এই ২০ গৰাকী লোকৰ মাজৰ পৰা এন ডি এৰ সম্ভাব্য ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ তালিকাত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চিত হৈ আছিল। অৱশেষত মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহিতে বিজেপিৰ শীৰ্ষ নেতাসকলৰ এখন বৈঠকত দ্ৰৌপদী মূৰ্মুৰ নাম চূড়ান্ত কৰা হয়। দ্ৰৌপদীৰ জন্ম ১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত এটা সাউতাল পৰিয়ালত হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল বিৰাঁচী নাৰায়ণ টুডু। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত, তেওঁ ভুৱনেশ্বৰৰ ৰামদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। 

তেওঁ উৰিষ্যা চৰকাৰৰ জলসিঞ্চন আৰু শক্তি বিভাগত কেৰাণী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে, তেওঁ ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্বন চেণ্টাৰত শিক্ষক হিচাপেও কাম কৰিছিল। ১৯৯৭ চনত, তেওঁ উৰিষ্যাৰ ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ হয়। তেতিয়াই তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। দ্ৰৌপদী বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ-সভাপতি আছিল। বিজেপিয়ে এই সংগঠনটো দক্ষতাৰে চম্ভালিছে বুলি দাবী কৰিছে। তেওঁৰ ৰাজনৈতিক পথ মসৃণ আছিল। দ্ৰৌপদী ২০ চনত ৰৈৰংগৰপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত নবীন পাটনায়ক নেতৃত্বাধীন বিজেডি-বিজেপি চৰকাৰৰ মন্ত্ৰী হৈছিল। প্ৰথমে, তেওঁ উদ্যোগ আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী আছিল। পিছত, তেওঁ পৰিবহন, পশুপালন আৰু মীন পালন বিভাগসমূহো চম্ভালিবলৈ আৰম্ভ কৰিছিল। তেওঁ ২০০৪ চনত সেই সমষ্টিৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

দ্ৰৌপদী মুৰ্মুৱে ২০০৭ চনত উৰিষ্যাৰ শ্ৰেষ্ঠ বিধায়কৰ নীলকণ্ঠ বঁটা লাভ কৰিছিল। কিন্তু ২০০৯ চনত উৰিষ্যাত বিজেডি-বিজেপি মিত্ৰজোঁটৰ বিচ্ছেদ হয়। অৱশ্যে, তেওঁ চেৱৰীৰ বিধানসভা নিৰ্বাচনতো জয়ী হৈছিল। দ্ৰৌপদীৰ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হোৱাৰ গৌৰৱও আছে। তেওঁ ২০১৫ চনৰ ১৮ মে'ত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল আছিল যিয়ে তেওঁৰ সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চালৈ আহিছিল। অৱশ্যে পিছত দলিত নেতা ৰামনাথ কোবিন্দক বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছিল। দ্ৰৌপদী মুৰ্মুৰ তেওঁৰ ব্যক্তিগত জীৱন যথেষ্ট বেদনাদায়ক। দ্ৰৌপদী মুৰ্মুৰ জীৱনত এনে কিছুমান ঘটনা সংঘটিত হৈছিল যাৰ পৰা ওলাই অহাটো সহজ নাছিল। কিন্তু নিজকে তীখাৰ দৰে গঢ়িছিল দ্ৰৌপদীয়ে। হাজাৰ ধুমুহায়েও টলাব নোৱাৰিলে এই ব্ৰজকঠিন মহিলাগৰাকীক। ২০১০ চনত প্ৰথমবাৰৰ বাবে প্ৰচণ্ড ধুমুহাই দ্ৰৌপদীৰ জীৱনত আঘাত হানিছিল। ৰহস্যজনক পৰিস্থিতিত তেওঁৰ বৰ পুত্ৰৰ মৃত্যু হয়। এই দুখৰ পৰা তেওঁ ওলাই আহিবলৈ চেষ্টা কৰি আছিল যদিও সময়ে চাগে তেওঁক আৰু অধিক পৰীক্ষা কৰিবলৈ বিচাৰিছিল। 

মাত্ৰ তিনি বছৰৰ পাছত অৰ্থাৎ ২০১৩ চনতো তেওঁৰ দ্বিতীয় পুত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। ইয়াৰ পাছতেই ২০১৪ চনত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ স্বামী শ্যাম চৰণ মুৰ্মুৰ মৃত্যু হয়। দ্ৰৌপদী মুৰ্মুৰ এগৰাকী বিবাহিত কন্যা আছে যি ভুৱনেশ্বৰত থাকে। নিজৰ দুখবোৰ পাহৰিবৰ বাবেই তেওঁ সামাজিক কাম-কাজত মনোনিৱেশ কৰে। আৰু তাৰেই ফলস্বৰূপে আজি দেশে এগৰাকী শক্তিশালী নেত্ৰী লাভ কৰে। দুই পুত্ৰ আৰু স্বামীৰ মৃত্যুৰ পাছত দ্ৰৌপদী মুৰ্মুয়ে সকলো মাটি স্কুলৰ বাবে দান কৰে। এটা ট্ৰাষ্টৰ অধীনত বৰ্তমান স্কুলখন পৰিচালিত হৈ আছে। উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে শাসকীয় পক্ষৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ আহিছে। এনে অৱস্থাত প্ৰতিভা পাটিলৰ পাছত দ্ৰৌপদী মুৰ্মুৰ ৰূপত দেশে আন এগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত