ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এখন আটাইতকৈ চুটি পদত্যাগ পত্ৰই ইণ্টাৰনেটৰ জগতত খলকনি তোলাৰ সময়তে একে ধৰণৰ আন এখন পত্ৰৰ কথাও পোহৰলৈ আহিছে। দ্বিতীয় খন আটাইতকৈ চুটি পদত্যাগ পত্ৰক ইউটিউব ইণ্ডিয়াই স্বীকৃতি দিয়াৰ পিছতে এতিয়া পত্ৰ খন ভাইৰেল হৈ পৰিছে।
ইউটিউব ইণ্ডিয়াই শেহতীয়াকৈ চুটি পদত্যাগ পত্ৰ খন ইণ্টাৰনেটত অনুমোদন জনাইছে। এতিয়া সেয়ে ইণ্টাৰনেটত ট্ৰেণ্ডবেণ্ড ৱাগনত থকা শেহতীয়া চাৰ্ছ হৈছে ইউটিউব ইণ্ডিয়া। কোম্পানীটোৱে অতি চুটি অথচ হাস্য ৰসৰ সৃষ্টি কৰা পদত্যাগ পত্ৰ খন আপলোড কৰাৰ পিছতে নেটিজেনসকলৰ মাজত পত্ৰ খনে জনপ্ৰিয়তা লাভ কৰিছে।
ইউটিউব ইণ্ডিয়াই ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা অতি চুটি অথচ ধেমেলীয়া পদত্যাগ পত্ৰখন শ্বেয়াৰ কৰা হৈছে ।পত্ৰখনত কোনোৱাই লিখিছে , "যিয়েই নহওঁক কিয়, চলিয়ে খতম কৰতে হে ( শেষ কৰোঁ আহক)।""সুন্দৰ পদত্যাগ পত্ৰ," পোষ্টটোৰ শিৰোনাম ইউটিউব ইণ্ডিয়াই এনেদৰেই দিছে।
পোষ্টটোৱে নেটিজেনসকলৰ পৰা বহু হাস্যকৰ প্ৰতিক্ৰিয়াৰ লাভ কৰিছে। এগৰাকী নেটিজেনে লিখিছে—অনুগ্ৰহ কৰি পদত্যাগ নকৰিব। উত্তৰত ইউটিউব ইণ্ডিয়াই কৈছে, "কেতিয়াও নহয়।"

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, "চলিয়ে সো জাতে হে (আহক কেৱল শুবলৈ যাওঁ)।আনকি বাজাজ কেপিটালেও আন এখন ৰসাল পদত্যাগ পত্ৰ শ্বেয়াৰ কৰিছে। য'ত লিখা হৈছে "ডিয়েৰ ছাৰ, মেৰি নীন্দ, মেৰা চেইন মুঝে লাউটা দো, ৱাৰ্না মেৰা হো গয়া (মৰমৰ ছাৰ, অনুগ্ৰহ কৰি মোৰ টোপনি আৰু মোৰ শান্তি ঘূৰাই দিয়ক, অন্যথা মোৰ কাম শেষ হ'ল।
আপোনাৰ— আন্তৰিকতাৰে),"
চাকৰিয়েই হওঁক বা আন কোনো কামেই হওঁক, এৰিব বিচাৰিলে পদত্যাগ পত্ৰ দিয়াটো এক সাধাৰণ নিয়ম। পদত্যাগ পত্ৰত কি কাৰণত কাম বাদ দিব বিচাৰিছে অথবা আন কোনো কথাক উল্লেখ কৰা হয়। পদত্যাগৰ কাৰণ আদি লিখোতে তেনে পত্ৰত শব্দৰ সংখ্যা বহু বেছি হৈ পৰে। কিন্তু শেহতীয়াকৈ এখন বিশেষ পদত্যাগ পত্ৰই ছ’চিয়েল মিডিয়াত খলকনি তুলিছিল। মাত্ৰ তিনিটা শব্দৰ পদত্যাগ পত্ৰ খনকলৈ বহুতে বিশেষ আমোদৰ খোৰাকো লাভ কৰিছে।
কিছুদিন আগতে কোনো এগৰাকী লোকে পদত্যাগ পত্ৰত তিনিটা শব্দ ব্যৱহাৰ কৰি চাকৰি এৰি দিছে আৰু নেটিজেনসকলে সেই পদত্যাগ পত্ৰ খন চাই আচৰিত হৈছে!
মাত্ৰ তিনিটা শব্দ ব্যৱহাৰ কৰি পদত্যাগ পত্ৰ লিখা লোকজনে হয়তো ভাবিছিল কামটো এৰিমেই যিহেতু বেছি কথা লিখি লাভ নাই। দৰকাৰী কথা খিনি লিখি কাম এৰাৰ কথা জনালেই হ’ল।
সেয়ে তেওঁ মাত্ৰ তিনিটা সৰল শব্দৰে পদত্যাগ পত্ৰ খন লিখিছিল। যি খন পত্ৰই এতিয়া সামাজিক মাধ্যমত হাঁহিৰ জোৱাৰ তুলিছে। চুটি আৰু মিঠা শব্দৰে লিখা পত্ৰৰ ছবি টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছতে পোষ্টটোৱে ২ লাখতকৈও অধিক লাইক আৰু ৫০,০০০ তকৈও অধিক ৰিটুইট হৈছিল।
কিন্তু চাকৰি এৰা লোক জনে কি লিখিছিল তেওঁৰ পদত্যাগ পত্ৰ খনত। মাত্ৰ তিনিটা শব্দ- ’বাই বাই ছাৰ’ লিখিয়েই তেওঁ তেওঁৰ কামৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ বহু সাহিত্যিকে অতি চুটি ভাষাত লিখা চিঠি আদিয়ে মানুহৰ মাজত চৰ্চা লাভ কৰিছিল যদিও ইমান কম শব্দৰ পদত্যাগ পত্ৰ হয়তো আগতে কোনেও লিখা নাছিল।