--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত বিকল্পহীনতাৰ প্ৰসংগতো নতুন নহয়। বিকল্পৰ অভাৱৰ বাবেই ইখনৰ পাছত সিখন ৰাজ্যত একেটা ৰাজনৈতিক দলে ইটোৰ পাছত সিটো কাৰ্যকালৰ বাবে ক্ষমতা দখল কৰি অহা বুলি প্ৰায়েই চৰ্চা চলি আহিছে। এতিয়া কেন্দ্ৰৰ শাসনৰ ক্ষেত্ৰতো একেই কথা উচ্চাৰিত হ’বলৈ আৰম্ভ কৰিছে। শক্তিশালী বিজেপিৰ বিৰুদ্ধে এটা বিকল্প শক্তি গঢ় লৈ নুঠাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰত দলটোৱে ক্ষমতা দখল কৰি থাকিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে। এইবাৰ অনুৰূপ দাবী কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্টভাৱে কয় যে, মানুহে এটা কাৰ্যকৰী আৰু শক্তিশালী বিকল্প বিচাৰি পোৱাৰ দিনাই বিজেপি ক্ষমতাৰ পৰা অপসাৰিত হ'ব। তেওঁ লগতে কয় যে তেওঁৰ দলৰ লগতে অন্যান্য বিৰোধী শিবিৰসমূহেও একত্ৰিত হৈ সেই বিকল্প শক্তি গঠন কৰিবলৈ চেষ্টা কৰা উচিত। তাৎপৰ্যপূৰ্ণ মন্তব্যৰে তেওঁ কয় যে, বিজেপি এতিয়াও শাসনত আছে কিয়নো ইয়াৰ কোনো বিকল্প নাই। যিদিনা বিকল্পৰ সৃষ্টি হ'ব, বিজেপিক দেশৰ জনগণে বহিষ্কাৰ কৰিব। তৃণমূল কংগ্ৰেছৰ এখন সাগঠনিক সভাত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। উল্লখ্য যে যোৱা মাহত দলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বেনাৰ্জীয়ে এখন নতুন ৰাজ্যিক সমিতি গঠন কৰিছে। য’ত তেওঁৰ অনুগত লোকসকলক স্থান দিয়াত গুৰু্ত্ব আৰোপ কৰিছে। টিএমচিৰ মুৰব্বীগৰাকীয়ে সুব্ৰত বক্সীক দলৰ ৰাজ্যিক সভাপতি আৰু পাৰ্থ চেটাৰ্জীক মহাসচিব হিচাপে পুনৰ নিযুক্তি দিয়ে। বেনাৰ্জীয়ে ৰাজ্যৰ প্ৰাক্তন বিত্ত মন্ত্ৰী অমিত মিত্ৰ আৰু ১৯ জন ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি প্ৰায় ২০জন উপ-সভাপতিকো নিযুক্ত দিছে। মন কৰিবলগীয়া যে, এই বৈঠকত আনসকলৰ ভিতৰত, টিএমচিৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰশান্ত কিশোৰো উপস্থিত আছিল। উল্লেখ্য যে, কেন্দ্ৰত এক বিকল্প মহাজোঁট গঠন কৰাৰ চেষ্টা কৰি মমতা বেনাৰ্জীক ব্যৰ্থ হোৱা দেখা দেখিবলৈ পোৱা গৈছিল। তেওঁ কংগ্ৰেছক বাদ দি এটা বিকল্প শক্তি গঠনৰ চেষ্টা কৰিছিল যদিও সৰহসংখ্যক দলেই এই প্ৰক্ৰিয়াত চামিল হ’বলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। ২০১৯ চনতো এনে এটা চেষ্টা কৰি ব্যৰ্থ হ’বলগীয়া হৈছিল বিৰোধী দলসমূহ। মমতাৰ উপৰি শেহতীয়াকৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও চমুকৈ কে চি আৰ-য়েও বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে তৎপৰতা চলাই আছে। ২০২৪চনকৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক এই তৎপৰতা কিমানদূৰ সফল হয় সেয়া সময়তহে প্ৰমাণ হ’ব। মমতাই কোৱাৰ দৰে বিৰোধী দলবোৰে একত্ৰিত হৈ এটা বিকল্প শক্তি গঠন কৰিবলৈ সক্ষম হ’ব নে বিকল্পহীনতাৰ বাবে বিজেপিকে মানুহে নিৰ্বাচন কৰিব সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য