--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত বিকল্পহীনতাৰ প্ৰসংগতো নতুন নহয়। বিকল্পৰ অভাৱৰ বাবেই ইখনৰ পাছত সিখন ৰাজ্যত একেটা ৰাজনৈতিক দলে ইটোৰ পাছত সিটো কাৰ্যকালৰ বাবে ক্ষমতা দখল কৰি অহা বুলি প্ৰায়েই চৰ্চা চলি আহিছে। এতিয়া কেন্দ্ৰৰ শাসনৰ ক্ষেত্ৰতো একেই কথা উচ্চাৰিত হ’বলৈ আৰম্ভ কৰিছে। শক্তিশালী বিজেপিৰ বিৰুদ্ধে এটা বিকল্প শক্তি গঢ় লৈ নুঠাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰত দলটোৱে ক্ষমতা দখল কৰি থাকিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে। এইবাৰ অনুৰূপ দাবী কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্টভাৱে কয় যে, মানুহে এটা কাৰ্যকৰী আৰু শক্তিশালী বিকল্প বিচাৰি পোৱাৰ দিনাই বিজেপি ক্ষমতাৰ পৰা অপসাৰিত হ'ব। তেওঁ লগতে কয় যে তেওঁৰ দলৰ লগতে অন্যান্য বিৰোধী শিবিৰসমূহেও একত্ৰিত হৈ সেই বিকল্প শক্তি গঠন কৰিবলৈ চেষ্টা কৰা উচিত। তাৎপৰ্যপূৰ্ণ মন্তব্যৰে তেওঁ কয় যে, বিজেপি এতিয়াও শাসনত আছে কিয়নো ইয়াৰ কোনো বিকল্প নাই। যিদিনা বিকল্পৰ সৃষ্টি হ'ব, বিজেপিক দেশৰ জনগণে বহিষ্কাৰ কৰিব। তৃণমূল কংগ্ৰেছৰ এখন সাগঠনিক সভাত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। উল্লখ্য যে যোৱা মাহত দলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বেনাৰ্জীয়ে এখন নতুন ৰাজ্যিক সমিতি গঠন কৰিছে। য’ত তেওঁৰ অনুগত লোকসকলক স্থান দিয়াত গুৰু্ত্ব আৰোপ কৰিছে। টিএমচিৰ মুৰব্বীগৰাকীয়ে সুব্ৰত বক্সীক দলৰ ৰাজ্যিক সভাপতি আৰু পাৰ্থ চেটাৰ্জীক মহাসচিব হিচাপে পুনৰ নিযুক্তি দিয়ে। বেনাৰ্জীয়ে ৰাজ্যৰ প্ৰাক্তন বিত্ত মন্ত্ৰী অমিত মিত্ৰ আৰু ১৯ জন ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি প্ৰায় ২০জন উপ-সভাপতিকো নিযুক্ত দিছে। মন কৰিবলগীয়া যে, এই বৈঠকত আনসকলৰ ভিতৰত, টিএমচিৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰশান্ত কিশোৰো উপস্থিত আছিল। উল্লেখ্য যে, কেন্দ্ৰত এক বিকল্প মহাজোঁট গঠন কৰাৰ চেষ্টা কৰি মমতা বেনাৰ্জীক ব্যৰ্থ হোৱা দেখা দেখিবলৈ পোৱা গৈছিল। তেওঁ কংগ্ৰেছক বাদ দি এটা বিকল্প শক্তি গঠনৰ চেষ্টা কৰিছিল যদিও সৰহসংখ্যক দলেই এই প্ৰক্ৰিয়াত চামিল হ’বলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। ২০১৯ চনতো এনে এটা চেষ্টা কৰি ব্যৰ্থ হ’বলগীয়া হৈছিল বিৰোধী দলসমূহ। মমতাৰ উপৰি শেহতীয়াকৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও চমুকৈ কে চি আৰ-য়েও বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে তৎপৰতা চলাই আছে। ২০২৪চনকৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক এই তৎপৰতা কিমানদূৰ সফল হয় সেয়া সময়তহে প্ৰমাণ হ’ব। মমতাই কোৱাৰ দৰে বিৰোধী দলবোৰে একত্ৰিত হৈ এটা বিকল্প শক্তি গঠন কৰিবলৈ সক্ষম হ’ব নে বিকল্পহীনতাৰ বাবে বিজেপিকে মানুহে নিৰ্বাচন কৰিব সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক