--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া কংগ্ৰেছ শাসনৰ অভিজ্ঞতা আছে। বিগত দিনত ৰাইজে বিজেপিকো শাসনত অধিষ্ঠিত কৰিছে।কিন্তু ৰাইজে আশা কৰা দৰে উন্নয়ন হোৱা নাই।ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা পৰা বঞ্চিত হৈছে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা পুতৌজনক। বৰ্তমানৰ চৰকাৰৰ দিনত ৮ হাজাৰতকৈ অধিক চৰকাৰী স্কুল বন্ধ হৈছে।পঞ্চায়তৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। দিল্লী আৰু পঞ্জাৱত আপৰ চৰকাৰৰ উন্নয়নৰ মডেল আমি অসমতো প্ৰৱৰ্তনৰ পোষকতা কৰিছে। 

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ শিলিখা চাহ বাগিচা প্ৰেক্ষাগৃহত আম আদমি পাৰ্টীৰ এখন যোগদান সভাত উপস্থিত থাকি এইদৰে কয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আপৰ নেতা দিব্যজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত হৰিদাস বাউৰী আৰু মহাবীৰ বাস্কেৰ তৎপৰতাত তিনি শতাধিক লোকে আপত যোগদান কৰে৷ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হাতত ঝাড়ু লৈ সকলোকে গাঁৱে গাঁৱে, পঞ্চায়তে পঞ্চায়ত সোমাই যাবলৈ আহ্বান জনায়৷ ধানোৱাৰে কয় যে আম আদমি পাৰ্টীৰ ঝাড়ুয়েহে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি দলৰ চৰকাৰে এৰি যোৱা লেতেৰাবোৰ নিকা কৰিব পাৰিব৷ 

সভাত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দল সলনা সলনিকৈ ক্ষমতালৈ আহিবৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু এই দুটা দলৰ চৰকাৰ শাসনত থাকিলে ৰাইজৰ মৌলিক সমস্যা সমাধান নহয়৷ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হ'লেহে ৰাইজ সমস্যাৰ পৰা মুক্ত হ'ব বুলি তেওঁ বক্তব্যত প্ৰকাশ কৰে৷ 

আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমুহ আপৰ দখললৈ আনিবৰ বাবে দলক আঁকোৱালি ল'বলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ ২০২৬ ৰ নিৰ্বাচনত মৰিয়নি বিধানসভা সমষ্টিৰ পৰা যাতে আপৰ বিধায়ক নিৰ্বাচিত কৰি পথাব পাৰি তাৰ বাবে তেওঁ ৰাইজৰ আৰ্শীবাদ বিচাৰে৷ সভাত আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতিয়া, আপৰ নেতা সূৰ্যমোহন দাস, ছাহিল হাজৰিকা, নিজু দিহিঙ্গীয়া, পল্লৱ শইকীয়া, সুদীপ্ত ছেও, উদয় বৰা আদি উপস্থিত আছিল৷ সভাৰ আৰম্ভণিতে অঞ্চলটোৰ স্থানীয় যুৱক-যুৱতীসকলে ছাওৰা আৰু উৰিয়া নৃত্য প্ৰদৰ্শন কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ