--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ পাঁচটা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে শাসক বিৰোধী দুই পক্ষই৷ অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত হোৱা বৈঠক সফল হ’ব নে সেই লৈ সম্প্ৰতি সন্দেহৰ আৱকাশ আহি পৰিছে!নিৰ্বাচনৰ পূৰ্বে সমস্যাত অসম সন্মিলিত মঞ্চ।

ইতিমধ্যে চাৰিটা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে, ২০ অক্টোবৰত কংগ্ৰেছেও চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে৷ ক্ৰমে ধলাই বিধানসভা সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী বিধানসভা সমষ্টিত সঞ্জীৱ ৱাৰী, বঙাইগাঁও বিধানসভা সমষ্টিত ব্ৰজেনজিৎ সিংহ, চামগুৰি বিধানসভা সমষ্টিত তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰিছে যদিও বিহালী আসনৰ বাবে অসম সন্মিলিত মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীক এৰি দিব নে কংগ্ৰেছে? সেয়া গুৰুত্ব পূৰ্ণ হৈ পৰিছে৷ যি সময়ত বিৰোধী শক্তিশালী হোৱাৰ প্ৰয়োজন আছিল সেই সময়তে এটা সমষ্টিৰ বাবে ভাঙোন আহিব নেকি অসম সন্মিলিত মঞ্চত। যদি সেয়ে হ’বলৈ হয়, পুনৰবাৰ শাসক পক্ষৰ বাবে বাট মুকলি কৰি দিব বিৰোধী শিবিৰে ৷

উল্লেখ্যযোগ্য যে অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত হোৱা বৈঠকত বিহালী সমষ্টিত চিপিআইএমএলৰ বিবেক দাসৰ নাম প্ৰস্তাৱ কৰিছিল কিন্তু মিত্ৰ দলক বিহালী এৰি দিব খোজা নাই কংগ্ৰেছে ইফালে মিত্ৰ দল চিপিআইএমএলে বিচাৰিছে বিহালী সমষ্টি। 

শেহতায়া খবৰ অনুসৰি ২১ অকোটোবৰ ভিতৰত বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ঘোষনা কৰাৰ দাবী জনাই চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে সংবাদ মেল সমম্বোধন কৰি কয় যে ২০ অক্টোবৰত অসম সন্মিলিত মঞ্চই ৰাজ্যৰ পাঁচটা বিধান সভা সমষ্টিৰ ভিতৰত চাৰিটাকৈ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে যদিও বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ নকৰিলে। যদি জয়ন্ত বৰাই কংগ্ৰেছৰ পৰা দলীয় টিকেত পালে বিহালীত বিজেপিৰ দুজন প্ৰাৰ্থী হ’ব বুলি মন্তব্য কৰে। 

ইফালে অখিল গগৈয়ে বিৰোধী ঐক্য মঞ্চৰ মাজত অহা সামান্য স্থবিৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংবাদ মাধ্যমে বিৰোধীৰ এখন আসনক লৈ প্ৰচাৰ চলাইছে। বিহালীত পূৰ্বৰ মন্ত্ৰী পল্লৱ লোচন দাসে খন্তি লৈ ৰৈ আছে কেনেকৈ বিজেপিক হৰুৱাব পাৰি। ৰঞ্জিত দাসৰ পক্ষৰ মানুহক বিহালীক দিয়াক লৈয়ো বিজেপিৰ মাজত প্ৰতিক্ৰিয়া হৈছে।বঙাইগাঁৱতো অগপৰ ভেটি তচ-নচ হৈ গৈছে। কিন্তু এইবোৰ কথা ভালকৈ প্ৰচাৰ হোৱা নাই। বঙাইগাঁও,বিহালী, বিটিএডিত চৰকাৰী পক্ষৰ মাজত প্ৰাৰ্থীক লৈ টনা আজোৰা চলি আছে। চামগুৰিত কংগ্ৰেছে জয়লাভ কৰাটো ১০০ শতাংশ নিশ্চিত বুলি মত প্ৰকাশ কৰে। আৰু কয় যে ২১ অক্টোবৰত বিহালী সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু