--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ পাঁচটা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে শাসক বিৰোধী দুই পক্ষই৷ অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত হোৱা বৈঠক সফল হ’ব নে সেই লৈ সম্প্ৰতি সন্দেহৰ আৱকাশ আহি পৰিছে!নিৰ্বাচনৰ পূৰ্বে সমস্যাত অসম সন্মিলিত মঞ্চ।

ইতিমধ্যে চাৰিটা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে, ২০ অক্টোবৰত কংগ্ৰেছেও চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে৷ ক্ৰমে ধলাই বিধানসভা সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী বিধানসভা সমষ্টিত সঞ্জীৱ ৱাৰী, বঙাইগাঁও বিধানসভা সমষ্টিত ব্ৰজেনজিৎ সিংহ, চামগুৰি বিধানসভা সমষ্টিত তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰিছে যদিও বিহালী আসনৰ বাবে অসম সন্মিলিত মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীক এৰি দিব নে কংগ্ৰেছে? সেয়া গুৰুত্ব পূৰ্ণ হৈ পৰিছে৷ যি সময়ত বিৰোধী শক্তিশালী হোৱাৰ প্ৰয়োজন আছিল সেই সময়তে এটা সমষ্টিৰ বাবে ভাঙোন আহিব নেকি অসম সন্মিলিত মঞ্চত। যদি সেয়ে হ’বলৈ হয়, পুনৰবাৰ শাসক পক্ষৰ বাবে বাট মুকলি কৰি দিব বিৰোধী শিবিৰে ৷

উল্লেখ্যযোগ্য যে অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত হোৱা বৈঠকত বিহালী সমষ্টিত চিপিআইএমএলৰ বিবেক দাসৰ নাম প্ৰস্তাৱ কৰিছিল কিন্তু মিত্ৰ দলক বিহালী এৰি দিব খোজা নাই কংগ্ৰেছে ইফালে মিত্ৰ দল চিপিআইএমএলে বিচাৰিছে বিহালী সমষ্টি। 

শেহতায়া খবৰ অনুসৰি ২১ অকোটোবৰ ভিতৰত বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ঘোষনা কৰাৰ দাবী জনাই চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে সংবাদ মেল সমম্বোধন কৰি কয় যে ২০ অক্টোবৰত অসম সন্মিলিত মঞ্চই ৰাজ্যৰ পাঁচটা বিধান সভা সমষ্টিৰ ভিতৰত চাৰিটাকৈ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে যদিও বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ নকৰিলে। যদি জয়ন্ত বৰাই কংগ্ৰেছৰ পৰা দলীয় টিকেত পালে বিহালীত বিজেপিৰ দুজন প্ৰাৰ্থী হ’ব বুলি মন্তব্য কৰে। 

ইফালে অখিল গগৈয়ে বিৰোধী ঐক্য মঞ্চৰ মাজত অহা সামান্য স্থবিৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংবাদ মাধ্যমে বিৰোধীৰ এখন আসনক লৈ প্ৰচাৰ চলাইছে। বিহালীত পূৰ্বৰ মন্ত্ৰী পল্লৱ লোচন দাসে খন্তি লৈ ৰৈ আছে কেনেকৈ বিজেপিক হৰুৱাব পাৰি। ৰঞ্জিত দাসৰ পক্ষৰ মানুহক বিহালীক দিয়াক লৈয়ো বিজেপিৰ মাজত প্ৰতিক্ৰিয়া হৈছে।বঙাইগাঁৱতো অগপৰ ভেটি তচ-নচ হৈ গৈছে। কিন্তু এইবোৰ কথা ভালকৈ প্ৰচাৰ হোৱা নাই। বঙাইগাঁও,বিহালী, বিটিএডিত চৰকাৰী পক্ষৰ মাজত প্ৰাৰ্থীক লৈ টনা আজোৰা চলি আছে। চামগুৰিত কংগ্ৰেছে জয়লাভ কৰাটো ১০০ শতাংশ নিশ্চিত বুলি মত প্ৰকাশ কৰে। আৰু কয় যে ২১ অক্টোবৰত বিহালী সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ