--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘লিজেণ্ড অৱ মৌলা জাট’ ভাৰতত অতি সোনকালে মুক্তি পাবলৈ ওলাইছে। ইফালে মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰে এই ছবিখন কোনো কাৰণতে মহাৰাষ্ট্ৰত মুক্তিৰ অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে। তেওঁ কয় যে পাকিস্তানী শিল্পীৰ ছবি ভাৰতত কিয় মুক্তি দিয়া হয়?

তেওঁ নিজৰ ছ’চিয়েল মিডিয়া  এক্সত লিখিছে, ‘‘শিল্পৰ কোনো ৰাষ্ট্ৰীয় সীমা নাই, যিটো আন ক্ষেত্ৰত ঠিকেই আছে, কিন্তু পাকিস্তানৰ বাবে ই একেবাৰেই অচল ৷ ভাৰতৰ প্ৰতি থকা ঘৃণাৰ বিষয়টোক লৈ দেশৰ অভিনেতাসকলক বিভাজিত কৰি নৃত্য, গান আৰু নিজৰ ছবি প্ৰদৰ্শন কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? চৰকাৰে এই ছবিখন দেশৰ কোনো ৰাজ্যত মুক্তি দিবলৈ দিয়া উচিত নহয়, মহাৰাষ্ট্ৰৰ কথা বাদেই দিয়ক।’’

Trailer Review: The Legend of Maula Jatt (2022) – Amna R. Ali

লগতে তেওঁ প্ৰশ্ন কৰে -"বাকী ৰাজ্যসমূহে কি কৰা উচিত? বৰ্তমান সময়ত এই ছবিখন যে মহাৰাষ্ট্ৰত মুক্তি পাবলৈ দিয়া নহ'ব সেয়া নিশ্চিত। ইয়াৰ আগতেও যেতিয়া এনে ঘটনা সংঘটিত হৈছিল, তেতিয়াও মহাৰাষ্ট্ৰই দিয়া আঘাতৰ কথা সকলোৰে মনত আছে।" নৱনিৰ্মান সেনাৰ তৰফৰ পৰা এতিয়া ছবিগৃহৰ মালিকসকললৈ বিনম্ৰ অনুৰোধ যে ছবি প্ৰদৰ্শনৰ বাবে অনুমতি নিদিয়ে যেন।"

The Legend of Maula Jatt: Fawad Khan, Mahira Khan film to only release in  Punjab in India - India Today


তেওঁ কয় যে, "এই ছবিখন মুক্তিৰ সময়ত নৱৰাত্ৰি উৎসৱ আৰম্ভ হ'ব। মই মহাৰাষ্ট্ৰত কোনো ধৰণৰ সংঘাত নিবিচাৰো আৰু এইটো ৰাজ্যৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ লক্ষ্য। গতিকে আমি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিম যাতে এই ছবিখন আমাৰ দেশত মুক্তি নহয়।"


The Legend of Maula Jatt' becomes highest grossing Punjabi film


উল্লেখ্য যে ফাৱাদ খানৰ ‘লিজেণ্ড অৱ মৌলা জাট’ পাকিস্তানৰ লগতে আন দেশত মুক্তি লাভ কৰি পাকিস্তানৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ গঢ়িছে । শেহতীয়াকৈ ভাৰতত জি ষ্টুডিঅ’ই ইয়াৰ কপি ৰাইট ক্ৰয় কৰিছে, ছবিখন আনুষ্ঠানিকভাৱে ২ অক্টোবৰত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু