--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাৰ ব্লকবাষ্টাৰ ৰোমান্টিক ছবি ‘বীৰ-জাৰা’ ছবিগৃহত পুনৰ মুক্তি লাভ কৰিছে। এইবাৰ ছবিখনে ইতিহাসৰ ৰচিলে। পুনৰ মুক্তিৰ লগে লগে ছবিখনে বিশ্বজুৰি ১০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

১৩ ছেপ্টেম্বৰত (শুকুৰবাৰ) পুনৰ মুক্তি পোৱা ‘বীৰ-জাৰা’ই ভাৰতত এক খলকনিৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ মতে, ‘বীৰ-জাৰা’ই প্ৰথম দিনাই ২০ লাখ টকা উপাৰ্জন কৰে। শনিবাৰে ছবিখনে ৩২ লাখ আৰু দেওবাৰে ৩৮ লাখ টকা সংগ্ৰহ কৰে। সোমবাৰে ২০ লাখ, মঙলবাৰে ১৮ লাখ, বুধবাৰে ১৫ লাখ আৰু বৃহস্পতিবাৰে ১৪ লাখ টকা সংগ্ৰহ কৰিছে ‘বীৰ-জাৰা’ই।

veer zaara re release shah rukh khan ...


বক্স অফিচত এসপ্তাহত মুঠ ১.৫৭ কোটি টকা সংগ্ৰহ কৰে ‘বীৰ-জাৰা’ই। এই ছবিখনে বিদেশত ১.৮০ কোটি টকা উপাৰ্জন কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো ৰূপালী পৰ্দাত মুক্তি পাইছিল ‘বীৰ-জাৰা’। ২০০৫ চনৰ পৰা ২০২৪ চনলৈ কেইবাবাৰো পুনৰ মুক্তি লাভ কৰা এই ছবিখনে বিশ্বজুৰি ১০০ কোটিৰো অধিক উপাৰ্জন কৰে।



Veer Zaara Re-release: 20 साल बाद ...
যশ চোপ্ৰাৰ পৰিচালিত ‘বীৰ-জাৰা’ প্ৰথমবাৰৰ বাবে ২০০৪ চনত মুক্তি লাভ কৰিছিল। এই প্ৰেম কাহিনীত শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ভাৰতীয় ল'ৰা আৰু পাকিস্তানী ছোৱালীৰ প্ৰেম কাহিনী ছবিখনত দেখুওৱা হৈছে। যিসকলে দুখন দেশৰ শত্ৰুতাৰ বলি হয় আৰু এই কাৰনতেই তেওঁলোকৰ বিচ্ছেদ হয় তাৰ পিছত বছৰ বছৰ ধৰি অপেক্ষা কৰি পুনৰ একত্ৰিত হয়। অভিনেত্ৰী ৰাণী মুখাৰ্জী, কিৰন খেৰ, বোমন ইৰানী, অমিতাভ বচ্চন, অনুপম খেৰ আৰু দিব্য দত্তও ছবিখনৰ অংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক