--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বহু প্ৰতীক্ষিত বিধানসভা উপ-নিৰ্বাচনৰ ৫সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ এই ৫ সমষ্টি ক্ৰমে থাওৰা, মৰিয়নি, তামুলপুৰ আৰু ভৱানীপুৰ৷ কোকৰাঝাৰৰ গোসাইগাঁও সমষ্টিতো হ’ব ভোটগ্ৰহণ৷ পুৱা ৭ বজাৰপৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব বিয়লি ৫ বজালৈ৷

ইতিমধ্যে ৰাজনৈতিক দলসমূহে ভোট বিচাৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছিল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই সমষ্টিকেইটাত বিজেপিৰ হৈ চলাইছিল অভিযান৷ পিছ পৰা নাছিল বিৰোধী দলো৷ অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৫ সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ হ’ল ১,১৭৬টা৷ সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে৷

২৮ নম্বৰ ছয়গাঁও সমষ্টিত আছে মুঠ ২৮৫টা ভোটকেন্দ্ৰ৷ ৪১ নং ভৱানীপুৰ সমষ্টিত আছে মুঠ ২১৩টা ভোটকেন্দ্ৰ৷ ৫৮ নং তামুলপুৰ সমষ্টিত আছে মুঠ ৩২২টা ভোটকেন্দ্ৰ৷ ১০১ নং মৰিয়নি সমষ্টিত আছে ১৮৩টা ভোটকেন্দ্ৰ৷ ১০৭ নং থাওৰা সমষ্টিত আছে ১৭৩টা ভোটকেন্দ্ৰ৷ ৯,৯৮৯টা মূল ভোটকেন্দ্ৰ আৰু ১৮৭ সহযোগী কেন্দ্ৰত হ’ব ভোটগ্ৰহণ৷ উপ-নিৰ্বাচনত মুঠ ভোটাৰ ৭ লাখ ৯৬ হাজাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ