--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নাৰী সুৰক্ষাৰ কথা কৈ থকা চৰকাৰে প্ৰকৃতাৰ্থত সুৰক্ষা দিব পাৰিছেনে নাৰীক? শাসকীয় দলৰ একাংশ পালিনেতাৰ অশ্লীল মন্তব্যই নাৰীৰ সন্মান আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷ উপ-নিৰ্বাচনৰ ৰণত একাংশ বিজেপি দলৰ পালিনেতাই বিৰোধী পক্ষক আক্ৰমণৰ লক্ষ্যৰে অতি ৰুচিহীন মন্তব্য দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ছ'চিয়েল মিডিয়াত বিজেপিৰ এজন পালিনেতাই নাৰী সমাজক লজ্জিত কৰি ‘ৰাইজৰ দল’ৰ এগৰাকী যুৱ নেত্ৰীক লৈ কৰা অৰুচিকৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷


ৰাইজৰ দলৰ উচ্চশিক্ষিত প্ৰতিনিধি তথা 'ৰাইজৰ দল' মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে এজন বিজেপি পালিনেতাই কৰা অশ্লীল মন্তব্যৰ পাছতে নাৰী সুৰক্ষা তথা সন্মানৰ দিশটোৰ প্ৰতি সৃষ্টি হৈছে প্ৰশ্নবোধকৰ৷ ৰসায়ন বিজ্ঞান বিষয়ত গৱেষণা কৰি থকা তথা যুৱ বিজ্ঞানী হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা জ্ঞানশ্ৰী বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা ‘ৰাইজৰ দল’ত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল৷

নিজৰ বাকপটুতা আৰু যুক্তিনিষ্ঠতাৰ বাবে অতি কম সময়ৰ ভিতৰতে চৰ্চিত হৈ পৰা জ্ঞানশ্ৰী বৰাক যুক্তি আৰু জ্ঞানেৰে বলে নোৱাৰি এতিয়া একাংশ তথাকথিত ৰাজনীতিকে কুৰুচিপূৰ্ণ মন্তব্যৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনকেন্দ্ৰিক উত্তেজনা, আলোড়নৰ মাজতে বিজেপিৰ পালিনেতা ৰঞ্জন কুমাৰ বৰাই ফেচবুকৰ জৰিয়তে অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে৷ পাছলৈ বিভিন্নজনৰ ৰোষৰ বলি হৈ তেওঁ সেই পোষ্ট ডিলিট কৰে৷ এই মন্তব্যৰ পাছতে বিজেপিৰ পালিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰাই৷ কিন্তু এইক্ষেত্ৰত আৰক্ষী তথা চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷


ইফালে, এই অবাঞ্চিত ঘটনা সম্পৰ্কত মুখ খুলিছে জ্ঞানশ্ৰীয়ে। এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘অশ্লীল মন্ত্যবই মোক স্তব্ধ কৰিব নোৱাৰে। নাৰী কেৱল সতী নহয়, সময়ত ধাৰণ কৰে কালী, দুৰ্গাৰ ৰূপ।’ বিজেপিক প্ৰত্যাহ্বান জনাই জ্ঞানশ্ৰীয়ে কয় যে 'বিজেপিক সমালোচনা কৰাৰ বাবেই যদি এনে কৰিছে তেনে অনাগত দিনত আৰু কটু সমালোচনা কৰিম৷ মোক এইবোৰ কাৰ্যৰে বাধা দিব নোৱাৰে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু