--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নাৰী সুৰক্ষাৰ কথা কৈ থকা চৰকাৰে প্ৰকৃতাৰ্থত সুৰক্ষা দিব পাৰিছেনে নাৰীক? শাসকীয় দলৰ একাংশ পালিনেতাৰ অশ্লীল মন্তব্যই নাৰীৰ সন্মান আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷ উপ-নিৰ্বাচনৰ ৰণত একাংশ বিজেপি দলৰ পালিনেতাই বিৰোধী পক্ষক আক্ৰমণৰ লক্ষ্যৰে অতি ৰুচিহীন মন্তব্য দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ছ'চিয়েল মিডিয়াত বিজেপিৰ এজন পালিনেতাই নাৰী সমাজক লজ্জিত কৰি ‘ৰাইজৰ দল’ৰ এগৰাকী যুৱ নেত্ৰীক লৈ কৰা অৰুচিকৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷


ৰাইজৰ দলৰ উচ্চশিক্ষিত প্ৰতিনিধি তথা 'ৰাইজৰ দল' মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে এজন বিজেপি পালিনেতাই কৰা অশ্লীল মন্তব্যৰ পাছতে নাৰী সুৰক্ষা তথা সন্মানৰ দিশটোৰ প্ৰতি সৃষ্টি হৈছে প্ৰশ্নবোধকৰ৷ ৰসায়ন বিজ্ঞান বিষয়ত গৱেষণা কৰি থকা তথা যুৱ বিজ্ঞানী হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা জ্ঞানশ্ৰী বৰাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা ‘ৰাইজৰ দল’ত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল৷

নিজৰ বাকপটুতা আৰু যুক্তিনিষ্ঠতাৰ বাবে অতি কম সময়ৰ ভিতৰতে চৰ্চিত হৈ পৰা জ্ঞানশ্ৰী বৰাক যুক্তি আৰু জ্ঞানেৰে বলে নোৱাৰি এতিয়া একাংশ তথাকথিত ৰাজনীতিকে কুৰুচিপূৰ্ণ মন্তব্যৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনকেন্দ্ৰিক উত্তেজনা, আলোড়নৰ মাজতে বিজেপিৰ পালিনেতা ৰঞ্জন কুমাৰ বৰাই ফেচবুকৰ জৰিয়তে অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে৷ পাছলৈ বিভিন্নজনৰ ৰোষৰ বলি হৈ তেওঁ সেই পোষ্ট ডিলিট কৰে৷ এই মন্তব্যৰ পাছতে বিজেপিৰ পালিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰাই৷ কিন্তু এইক্ষেত্ৰত আৰক্ষী তথা চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷


ইফালে, এই অবাঞ্চিত ঘটনা সম্পৰ্কত মুখ খুলিছে জ্ঞানশ্ৰীয়ে। এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘অশ্লীল মন্ত্যবই মোক স্তব্ধ কৰিব নোৱাৰে। নাৰী কেৱল সতী নহয়, সময়ত ধাৰণ কৰে কালী, দুৰ্গাৰ ৰূপ।’ বিজেপিক প্ৰত্যাহ্বান জনাই জ্ঞানশ্ৰীয়ে কয় যে 'বিজেপিক সমালোচনা কৰাৰ বাবেই যদি এনে কৰিছে তেনে অনাগত দিনত আৰু কটু সমালোচনা কৰিম৷ মোক এইবোৰ কাৰ্যৰে বাধা দিব নোৱাৰে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ