--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় সেনা৷ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে বৃহস্পতিবাৰৰ পৰা অসমত অসামৰিক প্ৰশাসনৰ সহযোগেৰে কৰি বান-সাহায্য অভিযান আৰম্ভ কৰিছে।

অসমৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ পাছত বাক্সা, নলবাৰী, বজালী, দৰং, তামুলপুৰ, হোজাই আৰু কামৰূপৰ বানপীড়িতক উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ স্থানীয় প্ৰশাসনৰ সহযোগেৰে দিনে-নিশাই গজৰাজ কৰ্পচৰ নটা দলে দ্ৰুতগতিত অভিযান আৰম্ভ কৰিছে৷ 

নলবাৰীত ভাৰতীয় সেনাই ষাঠিকুচি গাঁৱত উপস্থিত হৈ বানত আৱদ্ধ ১০৫গৰাকী স্থানীয় লোকক উদ্ধাৰ কৰে৷ একেসময়তে গজৰাজ কৰ্পচৰ আন এটা দলে ধমধমাত সাহায্য অভিযান চলাইছিল আৰু স্থানীয় লোকসকলক সহায় কৰিছিল। ছখন জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে বুলি ভাৰতীয় সেনাই সদৰী কৰে৷ 

শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা অনুসৰি বানৰ ফলত অসমত আৰু নজন লোকৰ মৃত্যু হয়, যাৰ ফলত সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি পায়৷ ২৮খন জিলাৰ প্ৰায় ১৮.৯৪ লাখ লোক বান পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

এই মৃত্যুৰ খবৰ অসমৰ হোজাই, নলবাৰী, বজালী, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ পৰা পোৱা গৈছে। এই বছৰ এতিয়ালৈকে ৰাজ্যখনৰ ৫৪জন লোকে বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ৯৬টা ৰাজহ চক্ৰৰ অধীনৰ ২,৯৩০খন গাঁও বৰ্তমান পানীৰ তলত আছে।

বানৰ ফলত বানপীড়িত জিলাসমূহৰ ৪৩৩৩৮.৩৯ হেক্টৰ শস্যভূমি জলমগ্ন হৈ পৰিছে। ৰাজ্যখনৰ বহু ঠাইত বেকী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়াভৰলী, কপিলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে স্থাপন কৰা ৩৭৩টা সাহায্য শিবিৰত বৰ্তমান প্ৰায় ১,০৮,১০৪জন বানপীড়িতই আশ্ৰয় লৈ আছে।

বজালী জিলাত ৩.৫৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ পাছত দৰঙত ২.৯০ লাখ, গোৱালপাৰাত ১.৮৪ লাখ, বৰপেটাত ১.৬৯ লাখ, নলবাৰীত ১.২৩ লাখ, কামৰূপত ১.১৯ লাখ আৰু হোজাই জিলাত ১.০৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। 

ইফালে, বান নতুন অঞ্চলত প্ৰৱেশ কৰাৰ ফলত ৭০,০০০ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ পাছত অসমৰ কামৰূপ জিলাৰ বান পৰিস্থিতিৰ অৱনতি ঘটে। নেৰানেপেৰা বৰষুণৰ পাছত বৰলীয়া নদী আৰু জিলাখনৰ অন্যান্য মুখ্য নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ