--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় সেনা৷ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে বৃহস্পতিবাৰৰ পৰা অসমত অসামৰিক প্ৰশাসনৰ সহযোগেৰে কৰি বান-সাহায্য অভিযান আৰম্ভ কৰিছে।

অসমৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ পাছত বাক্সা, নলবাৰী, বজালী, দৰং, তামুলপুৰ, হোজাই আৰু কামৰূপৰ বানপীড়িতক উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ স্থানীয় প্ৰশাসনৰ সহযোগেৰে দিনে-নিশাই গজৰাজ কৰ্পচৰ নটা দলে দ্ৰুতগতিত অভিযান আৰম্ভ কৰিছে৷ 

নলবাৰীত ভাৰতীয় সেনাই ষাঠিকুচি গাঁৱত উপস্থিত হৈ বানত আৱদ্ধ ১০৫গৰাকী স্থানীয় লোকক উদ্ধাৰ কৰে৷ একেসময়তে গজৰাজ কৰ্পচৰ আন এটা দলে ধমধমাত সাহায্য অভিযান চলাইছিল আৰু স্থানীয় লোকসকলক সহায় কৰিছিল। ছখন জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে বুলি ভাৰতীয় সেনাই সদৰী কৰে৷ 

শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা অনুসৰি বানৰ ফলত অসমত আৰু নজন লোকৰ মৃত্যু হয়, যাৰ ফলত সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি পায়৷ ২৮খন জিলাৰ প্ৰায় ১৮.৯৪ লাখ লোক বান পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

এই মৃত্যুৰ খবৰ অসমৰ হোজাই, নলবাৰী, বজালী, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ পৰা পোৱা গৈছে। এই বছৰ এতিয়ালৈকে ৰাজ্যখনৰ ৫৪জন লোকে বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ৯৬টা ৰাজহ চক্ৰৰ অধীনৰ ২,৯৩০খন গাঁও বৰ্তমান পানীৰ তলত আছে।

বানৰ ফলত বানপীড়িত জিলাসমূহৰ ৪৩৩৩৮.৩৯ হেক্টৰ শস্যভূমি জলমগ্ন হৈ পৰিছে। ৰাজ্যখনৰ বহু ঠাইত বেকী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়াভৰলী, কপিলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে স্থাপন কৰা ৩৭৩টা সাহায্য শিবিৰত বৰ্তমান প্ৰায় ১,০৮,১০৪জন বানপীড়িতই আশ্ৰয় লৈ আছে।

বজালী জিলাত ৩.৫৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ পাছত দৰঙত ২.৯০ লাখ, গোৱালপাৰাত ১.৮৪ লাখ, বৰপেটাত ১.৬৯ লাখ, নলবাৰীত ১.২৩ লাখ, কামৰূপত ১.১৯ লাখ আৰু হোজাই জিলাত ১.০৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। 

ইফালে, বান নতুন অঞ্চলত প্ৰৱেশ কৰাৰ ফলত ৭০,০০০ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ পাছত অসমৰ কামৰূপ জিলাৰ বান পৰিস্থিতিৰ অৱনতি ঘটে। নেৰানেপেৰা বৰষুণৰ পাছত বৰলীয়া নদী আৰু জিলাখনৰ অন্যান্য মুখ্য নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ