--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৱাকাফ আইনৰ দৰে ভাৰতবৰ্ষত দ্বিতীয় এনে এখন আইন নাই। ইছলাম ধৰ্মৰ বাদে হিন্দু, খ্ৰীষ্টান, শিখ ধৰ্মৰ বাবে এনে কোনো আইন দেখিবলৈ পোৱা নাযায়। ইয়াৰ বিপৰীতে ১৯৯১ চনৰ উপাসনাস্থলী আইনৰ অধীনত ভাৰতৰ স্বাধীনতাৰ সময়ত ধৰ্মীয় স্থানসমূহ যিদৰে আছিল সেইদৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

সংসদৰ অধিবেশনত কেন্দ্ৰীয় চৰকাৰে ৱাকাফ সংশোধনী আইন উত্থাপন কৰে। আৰু ইয়াৰ লগে লগে ৱাকাফ আইনক লৈ হঠাতে সৰৱ হৈ উঠা দেখা গৈছে বিৰোধী পক্ষ। বিধেয়কখনে মুছলিম সংগঠনসমূহৰ মাজতো সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ।

সংসদীয় অধিবেশনত উত্থাপন কৰা 'ৱাকফ সংশোধনী বিধেয়ক ২০২৪' ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতত ৱাকাফৰ সম্পত্তিৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুল পৰিৱৰ্তনৰ আকাংক্ষা কৰিছে । 
বিধেয়কখনৰ মূল লক্ষ্য হৈছে- এটা কেন্দ্ৰীয় পৰ্টেলৰ জৰিয়তে ৱাকফৰ সম্পত্তিৰ পঞ্জীয়ন সুশৃংখলিত কৰা লগতে স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি কৰা।

ৱাকাফ আইন ১৯৫৫ ক নতুন নামেৰে নামাকৰণ কৰি 'একত্ৰিত ৱাকাফ পৰিচালনা,সৱলীকৰণ,দক্ষতা আৰু উন্নয়ন আইন'(Unified Wakf Management, Empowerment, Efficiency, Development Act)লৈ পৰিৱৰ্তন কৰাৰ লগতে মুছলমান মহিলা আৰু অমুছলমানক বাধ্যতামূলকভাৱে ৱাকাফ ব'ৰ্ড আৰু কাউন্সিলত অন্তৰ্ভুক্ত কৰা। কোনো সম্পত্তি ৱাকফৰ নে চৰকাৰী মাটি সেই সম্পৰ্কে বিবাদৰ মধ্যস্থতা কৰাৰ কৰ্তৃত্ব জিলা উপায়ুক্তসকলৰ থাকিব, যি পূৰ্বতে ৱাকফ ন্যায়াধিকৰণে এই ভূমিকা গ্ৰহণ কৰিছিল। ন্যস্ত স্বাৰ্থৰ অপব্যৱহাৰ ৰোধ কৰাই হৈছে ইয়াৰ উদ্দেশ্য।

বিধেয়কখনত বহৰা আৰু আঘাখানীৰ দৰে বিভিন্ন মুছলমান সম্প্ৰদায়ৰ বাবে পৃথক ব’ৰ্ড গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, আৰু ছিয়া, চুন্নী আৰু অন্যান্য গোটৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা হৈছে।

বিধেয়কখন উত্থাপন হোৱাৰ পিছতে বিভিন্ন মুছলমান সংগঠন আৰু ৰাজনৈতিক দলৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।   
বিধেয়কখনে ৱাকফ ব’ৰ্ডৰ স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰাৰ লগতে প্ৰশাসনিক বিশৃংখলতাৰো সৃষ্টি কৰিব পাৰে বুলি ভিন্ন জনে মত প্ৰকাশ কৰে। এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছি আৰু অন্যান্য বিৰোধী পক্ষৰ সদস্যসকলে বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে স্থায়ী সমিতিৰ দ্বাৰা পৰ্যালোচনা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰিও ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে নিযুক্তি দিয়া নিৰীক্ষকসকলে ৱাকফৰ সম্পত্তিৰ নিৰীক্ষণ কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে।লগতে আইন অনুসৰি সম্পত্তিৰ অনুদানৰ বাবে বৈধ ৱাকফনামাৰ প্ৰয়োজন হ’ব আৰু মৌখিক চুক্তিৰ বাবে বৰ্তমানৰ ভাট্টা সলনি হ’ব।

সংশোধিত আইনখনে ভাৰতত ৱাকফ ব’ৰ্ডৰ স্বায়ত্তশাসন আৰু কাৰ্য্যকলাপৰ ওপৰত গুৰুত্বপূ্ৰ্ণ প্ৰভাৱ পেলোৱাৰ লগতে ৰাজনৈতিক লাভা লাভ আহি পৰিব নে নাই সেয়া সময়ে নিৰ্ধাৰণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ