--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰত UPSCৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীৰ আত্মহত্যা। মহাৰাষ্ট্ৰৰ ছাত্ৰী অঞ্জলিয়ে পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা ভাড়া কোঠাত থাকি UPSCৰ বাবে প্ৰস্তুতি চলাইছিল। ২১ জুলাইত তেওঁ আত্মহত্যা কৰাৰ লগতে তেওঁৰ আত্মহত্যাৰ কাৰণ দৰ্শাই এখন ছুইচাইড নোট লিখি থৈ গৈছে।

ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা অঞ্জলিয়ে হতাশাৰ বাবে আত্মহত্যা কৰাৰ লগতে অসামৰিক সেৱা পৰীক্ষাৰ সন্মুখীন হোৱা পৰীক্ষাৰ্থীসকলে কি চাপৰ সন্মুখীন হ’বলগীয়া হয় সেয়া ছুইচাইড নোটত জনাইছে। তেওঁ নিজৰ দৈনন্দিন সমস্যাৰ কথাও তেওঁৰ ছুইচাইড নোটত উল্লেখ কৰিছিল। ছাত্ৰীগৰাকীয়ে লিখিছে যে পি জি আৰু হোষ্টেলসমূহে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুটি আছে। দিল্লীত থাকি প্ৰত্যেকজন প্ৰাৰ্থীয়ে কোচিঙৰ খৰচ বহন কৰিব নোৱাৰে।

ছুইচাইড নোটত অঞ্জলিয়ে মাক-দেউতাকৰ ওচৰত ক্ষমা খুজি লিখিছে, ‘‘মই ডিপ্ৰেছনৰ পৰা ওলাই আহি কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ। প্ৰথম প্ৰচেষ্টাতে ইউ পি এছ চি ক্লিয়াৰ কৰাৰ এটাই সপোন আছিল। আপোনালোক সকলোৱে মোক বহুত সমৰ্থন কৰিলে। কিন্তু মই কৰিব নোৱাৰিলোঁ। মই নিজকে বৰ অসহায় অনুভৱ কৰিছো আৰু এতিয়া মই গুচি যাম।’’

অঞ্জলিয়ে ছুইচাইড নোটত কিৰণ আণ্টিক ধন্যবাদ জনাইছে। তেওঁ লিখিছে, ‘‘কিৰণ আণ্টি তুমি সদায় মোৰ কাষত থিয় হৈ আছিলা। মই জানো আত্মহত্যা সমস্যাৰ সমাধান নহয়। পি জি আৰু হোষ্টেলৰ ভাড়া হ্ৰাস কৰিব লাগে। এইসকল লোকে ছাত্ৰ-ছাত্ৰীক লুটি আছে। বহু ছাত্ৰ-ছাত্ৰীয়ে এই বোজা সহ্য কৰিব নোৱাৰে।’’

আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু