--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰত UPSCৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীৰ আত্মহত্যা। মহাৰাষ্ট্ৰৰ ছাত্ৰী অঞ্জলিয়ে পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা ভাড়া কোঠাত থাকি UPSCৰ বাবে প্ৰস্তুতি চলাইছিল। ২১ জুলাইত তেওঁ আত্মহত্যা কৰাৰ লগতে তেওঁৰ আত্মহত্যাৰ কাৰণ দৰ্শাই এখন ছুইচাইড নোট লিখি থৈ গৈছে।

ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা অঞ্জলিয়ে হতাশাৰ বাবে আত্মহত্যা কৰাৰ লগতে অসামৰিক সেৱা পৰীক্ষাৰ সন্মুখীন হোৱা পৰীক্ষাৰ্থীসকলে কি চাপৰ সন্মুখীন হ’বলগীয়া হয় সেয়া ছুইচাইড নোটত জনাইছে। তেওঁ নিজৰ দৈনন্দিন সমস্যাৰ কথাও তেওঁৰ ছুইচাইড নোটত উল্লেখ কৰিছিল। ছাত্ৰীগৰাকীয়ে লিখিছে যে পি জি আৰু হোষ্টেলসমূহে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুটি আছে। দিল্লীত থাকি প্ৰত্যেকজন প্ৰাৰ্থীয়ে কোচিঙৰ খৰচ বহন কৰিব নোৱাৰে।

ছুইচাইড নোটত অঞ্জলিয়ে মাক-দেউতাকৰ ওচৰত ক্ষমা খুজি লিখিছে, ‘‘মই ডিপ্ৰেছনৰ পৰা ওলাই আহি কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ। প্ৰথম প্ৰচেষ্টাতে ইউ পি এছ চি ক্লিয়াৰ কৰাৰ এটাই সপোন আছিল। আপোনালোক সকলোৱে মোক বহুত সমৰ্থন কৰিলে। কিন্তু মই কৰিব নোৱাৰিলোঁ। মই নিজকে বৰ অসহায় অনুভৱ কৰিছো আৰু এতিয়া মই গুচি যাম।’’

অঞ্জলিয়ে ছুইচাইড নোটত কিৰণ আণ্টিক ধন্যবাদ জনাইছে। তেওঁ লিখিছে, ‘‘কিৰণ আণ্টি তুমি সদায় মোৰ কাষত থিয় হৈ আছিলা। মই জানো আত্মহত্যা সমস্যাৰ সমাধান নহয়। পি জি আৰু হোষ্টেলৰ ভাড়া হ্ৰাস কৰিব লাগে। এইসকল লোকে ছাত্ৰ-ছাত্ৰীক লুটি আছে। বহু ছাত্ৰ-ছাত্ৰীয়ে এই বোজা সহ্য কৰিব নোৱাৰে।’’

আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ