--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিকট কিনিবলৈ শাৰী পাতি ৰৈ আছিল যাত্ৰী। হঠাতে ভাঙি পৰিল ৰে’লৱে ষ্টেচনৰ ভৱন। মধ্যপ্ৰদেশৰ গুনাস্থিত কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ ভৱনটো হঠাতে ক্ষতিগ্ৰস্ত হয়। এই দুৰ্ঘটনাত টিকট কাউণ্টাৰত থিয় হৈ থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। লগালগ তেওঁলোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। 

ৰে’লৱে ষ্টেচনৰ ভৱনটো অতি আচৰিত ধৰণেৰে দুটা ভাগত বিভক্ত হৈ পৰিল, যাৰ বাবে টিকট কাউণ্টাৰটো বন্ধ হৈ পৰিল। ভৱনটো ভাঙি যোৱাত টিকট কাউণ্টাৰত ৰখা কম্পিউটাৰ আৰু চিচিটিভি কেমেৰাৰো ক্ষতিসাধন হয়।

ৰে’ল ষ্টেচনত ঘোষণা কৰা হয় যে যাত্ৰীসকলে পৰৱৰ্তী ষ্টেচনৰ পৰা টিকট ক্ৰয় কৰিব লাগিব। আপাততঃ কুম্ভৰাজ ষ্টেচনৰ টিকট কাউণ্টাৰ বন্ধ হৈ আছে, সেয়েহে টিকট বিতৰণ সম্ভৱ নহ’ব।

৬০ বছৰ পূৰ্বে স্থাপিত হৈছিল কুম্ভৰাজ ৰে’লৱে ষ্টেচন। এই ৰে’ল ষ্টেচনৰ মাজেৰে সাবৰমতী এক্সপ্ৰেছ, কোটা ইন্দোৰ এক্সপ্ৰেছ, নাগদা বিনা যাত্ৰীবাহী ৰে’ল পাৰ হৈ যায়। পশ্চিম মধ্য ৰে’লৱেৰ অন্তৰ্গত ভোপাল জ’নত পৰা কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ মাজেৰে বহু যাত্ৰীয়ে যাত্ৰা কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰে’ল ষ্টেচনৰ এখন ছবি, য’ত গাঁথনিটোত এটা বিশাল ফাট দেখা গৈছে আৰু ইয়াৰ এটা অংশ এফালে হেলনীয়া হৈ আছে।

কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ মাষ্টৰ বিনোদ মীনাই ক'লে, এইটো বৰ পুৰণি ভৱন। এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই, তাৰ পাছত টিকট কাউণ্টাৰ বন্ধ কৰি দিয়া হৈছে।

পশ্চিম কেন্দ্ৰীয় ৰে’লৱেৰ জনসংযোগ বিষয়া হৰ্ষিত শ্ৰীবাস্তৱে জানিবলৈ দিয়া মতে, ভৱনটোৰ ক্ষতিসাধনৰ বাবে কুম্ভৰাজ ৰে’ল ষ্টেচনৰ টিকট কাউণ্টাৰ বন্ধ হৈ আছে। ক্ষতিগ্ৰস্ত ভৱনটো অতি সোনকালে মেৰামতি কৰা হ’ব।

তেওঁ কয় যে গুণাত অবিৰত বৰষুণ দি থকাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। এতিয়া এনে পুৰণি ভৱনসমূহৰ জৰীপ কৰি যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ভূপাল কেন্দ্ৰই জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাৰ পৰা দুপৰীয়া ২.৩০ বজাৰ ভিতৰত গুনা জিলাত ৩৪ মিলিমিটাৰ (৩.৪ চে.মি.) বৰষুণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ