--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিকট কিনিবলৈ শাৰী পাতি ৰৈ আছিল যাত্ৰী। হঠাতে ভাঙি পৰিল ৰে’লৱে ষ্টেচনৰ ভৱন। মধ্যপ্ৰদেশৰ গুনাস্থিত কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ ভৱনটো হঠাতে ক্ষতিগ্ৰস্ত হয়। এই দুৰ্ঘটনাত টিকট কাউণ্টাৰত থিয় হৈ থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। লগালগ তেওঁলোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। 

ৰে’লৱে ষ্টেচনৰ ভৱনটো অতি আচৰিত ধৰণেৰে দুটা ভাগত বিভক্ত হৈ পৰিল, যাৰ বাবে টিকট কাউণ্টাৰটো বন্ধ হৈ পৰিল। ভৱনটো ভাঙি যোৱাত টিকট কাউণ্টাৰত ৰখা কম্পিউটাৰ আৰু চিচিটিভি কেমেৰাৰো ক্ষতিসাধন হয়।

ৰে’ল ষ্টেচনত ঘোষণা কৰা হয় যে যাত্ৰীসকলে পৰৱৰ্তী ষ্টেচনৰ পৰা টিকট ক্ৰয় কৰিব লাগিব। আপাততঃ কুম্ভৰাজ ষ্টেচনৰ টিকট কাউণ্টাৰ বন্ধ হৈ আছে, সেয়েহে টিকট বিতৰণ সম্ভৱ নহ’ব।

৬০ বছৰ পূৰ্বে স্থাপিত হৈছিল কুম্ভৰাজ ৰে’লৱে ষ্টেচন। এই ৰে’ল ষ্টেচনৰ মাজেৰে সাবৰমতী এক্সপ্ৰেছ, কোটা ইন্দোৰ এক্সপ্ৰেছ, নাগদা বিনা যাত্ৰীবাহী ৰে’ল পাৰ হৈ যায়। পশ্চিম মধ্য ৰে’লৱেৰ অন্তৰ্গত ভোপাল জ’নত পৰা কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ মাজেৰে বহু যাত্ৰীয়ে যাত্ৰা কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰে’ল ষ্টেচনৰ এখন ছবি, য’ত গাঁথনিটোত এটা বিশাল ফাট দেখা গৈছে আৰু ইয়াৰ এটা অংশ এফালে হেলনীয়া হৈ আছে।

কুম্ভৰাজ ৰে’লৱে ষ্টেচনৰ মাষ্টৰ বিনোদ মীনাই ক'লে, এইটো বৰ পুৰণি ভৱন। এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই, তাৰ পাছত টিকট কাউণ্টাৰ বন্ধ কৰি দিয়া হৈছে।

পশ্চিম কেন্দ্ৰীয় ৰে’লৱেৰ জনসংযোগ বিষয়া হৰ্ষিত শ্ৰীবাস্তৱে জানিবলৈ দিয়া মতে, ভৱনটোৰ ক্ষতিসাধনৰ বাবে কুম্ভৰাজ ৰে’ল ষ্টেচনৰ টিকট কাউণ্টাৰ বন্ধ হৈ আছে। ক্ষতিগ্ৰস্ত ভৱনটো অতি সোনকালে মেৰামতি কৰা হ’ব।

তেওঁ কয় যে গুণাত অবিৰত বৰষুণ দি থকাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। এতিয়া এনে পুৰণি ভৱনসমূহৰ জৰীপ কৰি যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ভূপাল কেন্দ্ৰই জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাৰ পৰা দুপৰীয়া ২.৩০ বজাৰ ভিতৰত গুনা জিলাত ৩৪ মিলিমিটাৰ (৩.৪ চে.মি.) বৰষুণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু