--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘যদি ঘৰ এখনক গ্ৰাস কৰা ৰোগ আঁতৰি যায় তেতিয়া আমি উৎসৱ উদযাপন কৰোঁ জানো? বা ঘৰত চোৰ সোমালে তাৰ পাছত আমি উৎসৱ পাতো নেকি? আমি বিচাৰ কৰোঁ যে, চোৰে কি কি লৈ গ’ল আৰু কিমান ক্ষতিসাধণ কৰিলে? এই চোৰে ভালেমান ক্ষতিসাধন কৰিলে আৰু বহু লোকৰ প্ৰাণ ল’লে।’ দুয়োখন সদনতে কৃষি আইন বাতিলৰ বিধেয়ক গৃহীত হোৱাৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাকেশ টিকাইটে। কৃষি আইন বাতিলৰ পাছতো কিন্তু আনন্দত উত্ৰাৱল হৈ পৰা নাই কৃষক বিদ্ৰোহৰ মূল নেতৃবৰ্গ। তেওঁলোকে বৰং তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব তাক লৈ সুচিন্তিত পৰিকল্পনা আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য কৰি ৰাকেশ টিকাইটে কয়, ৪ ডিচেম্বৰত আমি পৰৱৰ্তী কাৰ্যক্ৰমণিকাৰ বাবে কৌশল নিৰ্ধাৰণ কৰিম। তেতিয়ালৈ আমি এই স্থানতে থাকিম আৰু আমাৰ যুঁজ অব্যাহত ৰাখিম।

উল্লেখ্য যে, কৃষি আইন বাতিল বিধেয়ক ২০২১ আজি কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত উত্থাপন কৰে। কোনো আচোলনা নোহোৱাকৈ বিৰোধী দলৰ সদস্যসকলৰ তীব্ৰ হট্টগোলৰ মাজৰে এই বিধেয়ক গৃহীত হয়। ৰাজ্যসভাতো গৃহীত হৈছে বিধেয়কখন। কিন্তু তাৰ পাছতো কৃষকসকলে এই বিষয় সন্দৰ্ভত যি ধীৰ-স্থিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়া নিসন্দেহে প্ৰশংসাৰ যোগ্য। আইন বাতিলৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছত কৃষক নেতা ৰাকেশ টিকাইটে প্ৰকাশ কৰা মন্তব্য হৈছে যে, এই বিধেয়ক, আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া ৭৫০জন কৃষকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। এমএছপিকে ধৰি আন ভালেমান দাবীক লৈ আন্দোলন চলাই যোৱাৰ কথাও প্ৰকাশ কৰিলে টিকাইটে। টিকাইটৰ এই স্থিতি তথা পৰিপক্ব পদক্ষেপে প্ৰমাণ কৰি দিছে যে, কিদৰে এই আন্দোলন সফল হৈছে। কিয় কৃষকৰ প্ৰতিবাদৰ ওচৰত ইমানদিনে অনমনীয়তাৰ পৰিচয় দাঙি ধৰা কেন্দ্ৰীয় চৰকাৰে শিৰনত কৰিবলগীয়া হৈছে। নীতি আৰু নৈতিকতাৰ দিশৰ পৰা এখোজো লৰচৰ নোহোৱা কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিভিন্ন সময়ত হোৱা আলোচনাৰ সময়ত আনকি চৰকাৰী আহাৰো গ্ৰহণ কৰা নাছিল।

বৰং আলোচনাৰ মাজৰ বিৰতিত তেওঁলোক মাটিতে বহি নিজৰ লগত লৈ যোৱা খাদ্য গ্ৰহণ কৰি অতুলনীয় দৃঢ়তা আৰু নীতিনিষ্ঠতাৰ নিদৰ্শন দাঙি ধৰিছিল। কৃষকৰ এই নিৰন্ধ্ৰ মনোবলেই কেন্দ্ৰীয় চৰকাৰৰ শিৰনত কৰিবলৈ বাধ্য কৰালে। এতিয়া পৰৱৰ্তী পদক্ষেপো যে, কৃষকৰ আঙুলিৰ ঠাৰতে চৰকাৰে ল’বলৈ বাধ্য হ’ব সেইকথা একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। এই আন্দোলনৰ সময়ত এগৰাকী শিল্পীৰ পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছিল। পঞ্জাৱী অভিনেতা, গায়ত দিলজিৎ দোছাঞ্জ। দিলজিতে এই আন্দোলনত চামিল হোৱাই নহয়, এক কোটি টকাৰ বৰঙণিও আগবঢ়াইছিল কৃষকসকললৈ। ৰাকেশ টিকাইট আৰু দিলজিতৰ দৃঢ়তা আৰু মনোবলৰ কাষত অসমৰ আন্দোলনকাৰীৰ কিছুমান কাৰ্য মনত পেলাই দিয়ে।

অসমতো বিগত বৰ্ষত ‘কা’বিৰোধী আন্দোলনে তীব্ৰ গতি লাভ কৰিছিল। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ‘কা’বিৰোধী আন্দোলনকাৰীয়ে স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেয়া এটা পৰ্যায়লৈহে আছিল। যেতিয়াই এই আন্দোলন একাংশ ‘পেচাদাৰী’ আন্দোলনকাৰীৰ হাতলৈ হ’ল তেতিয়াই এই আন্দোলন যেন বিপথগামী হৈ পৰিল। এই আন্দোলনৰ মূল গুৰি ধৰোঁতা আছিল আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু শিল্পীসমাজক প্ৰতিনিধিত্ব কৰি এই আন্দোলনত চামিল হৈছিল জুবিন গাৰ্গ। তাৰ পাছতে এই আন্দোলন খুব সোনকালেই পৰিণত হৈছিল একধৰণৰ ‘সাংস্কৃতিক কাৰ্যসূচী’লৈ। নাচ-গান, হাঁহি-ধেমালি সকলো চলিল কিন্তু আন্দোলনটোৰ মূল উদ্দেশ্য যেন কৰ’বাতে পৰি থাকিল। ৰাকেশ টিকাইট বা দিলজিৎ দোছাঞ্জৰ দৃঢ়তা আৰু সুচিন্তিত পদক্ষেপ এইক্ষেত্ৰত পৰিলক্ষিত হ’ল জানো? এই প্ৰশ্ন এতিয়া সকলো সচেতন লোকেই কৰিবলৈ আৰম্ভ কৰিছে। যদি তুলনা কৰা যায় ৰাকেশ টিকাইট-দিলজিৎ বনাম সমুজ্জ্বল-জুবিন তেন্তে কাৰ স্থান কি হ’ব সেয়া সহজেই অনুমেয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি