--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুকেশ আম্বানী… নামেই যাৰ পৰিচয়। দেশৰ ভিতৰতে নহয় এচিয়া মহাদেশৰ ভিতৰতে ধনী ব্যক্তি হ'ল মুকেশ আম্বানী। মুকেশ আম্বানীৰ পৰিয়ালক অতি ভদ্ৰ আৰু নম্ৰ বুলি জনা যায়। ধনকুবেৰ হোৱা স্বত্বেও মুকেশ আম্বানী তথা তেওঁৰ পৰিয়ালে তলৰ কৰ্মচাৰীসকলক সদায় সুব্যৱহাৰ কৰি আহিছে। কোনো নিম্নবর্গৰ কর্মীকে আম্বানী দম্পতীয়ে কেতিয়াও বেয়া ব্যৱহাৰ কৰাৰ উদাহৰণ কেতিয়াও পোহৰলৈ অহা নাই৷ শেহতীয়াকৈ এজন চকীদাৰক অশোভনীয় ব্যৱহাৰ কৰাৰ বাবেই পুত্র আকাশক মুকেশ আম্বানীয়ে তিৰস্কাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ সন্তানক মূল্যবোধৰ শিক্ষা আৰু সংস্কাৰ প্ৰদান কৰি ডাঙৰ-দীঘল কৰিছে। নীতা আৰু মুকেশে সন্তান আকাশ, ঈষা আৰু অনন্তক সৰুৰে পৰা টকাৰ মূল্য বুজিবলৈ আৰু শিপা খামুচি থাকিবলৈ শিক্ষা প্ৰদান কৰি আহিছে। সমাজৰ প্রতিটো স্তৰৰ লোককে সদায় ভাল ব্যৱহাৰ তথা শিষ্টাচাৰ প্রদর্শন কৰাটো বিচাৰে আম্বানী দম্পতীয়ে। শেহতীয়াকৈ নীতা আম্বানীয়ে চিমি গাৰেৱালক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে, "তেওঁৰ স্বামীয়ে তেওঁলোকৰ সন্তানক ভাল মানুহ হোৱাটো বিচাৰে। মুকেশ আম্বানী মাটিৰ মানুহ আৰু তেওঁ বিচাৰে যে তেওঁৰ সন্তানসকল ভাল মানুহ হওক। মুকেশে সদায় বিচাৰে যে তেওঁৰ সন্তানে টকাৰ মূল্য বুজি পাওক আৰু তেওঁ কয় যে টকা গছত নালাগে। টকা উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।"

এবাৰ মোৰ ডাঙৰ পুত্ৰ আকাশে এজন চকীদাৰৰ সৈতে কিবা কথাত তৰ্ক কৰি আছিল আৰু আকাশে চকীদাৰজনক চিঞৰি চিঞৰি কথা কৈ আছিল। মুকেশে এই দৃশ্য দেখাৰ পাছত তেওঁৰ বহুত খং উঠিছিল।চকীদাৰজনক বেয়া আচৰণ কৰা বাবে আকাশক গালি পাৰিছিল মুকেশে। পুত্র আকাশ আম্বানীক এই ঘটনাৰ বাবে চকীদাৰজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ নির্দেশ দিছিল পিতৃ আম্বানীয়ে। আকাশে পিতৃৰ নিৰ্দেশত চকীদাৰজনক ক্ষমা বিচাৰিছিল।" আম্বানী পৰিয়ালৰ এই মূল্যবোধ তথা সংস্কাৰমূলক আচৰণ বৰ্তমান দেশজুৰি চৰ্চিত হৈ পৰিছে।

আৰু পঢ়কঃ খাদ্যৰ সোৱাদ পাব, গোন্ধ পাব! বিশ্ববাসীৰ সন্ত্ৰাসৰ কাৰণ হোৱা কি এই অ’মিক্ৰন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক