--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুকেশ আম্বানী… নামেই যাৰ পৰিচয়। দেশৰ ভিতৰতে নহয় এচিয়া মহাদেশৰ ভিতৰতে ধনী ব্যক্তি হ'ল মুকেশ আম্বানী। মুকেশ আম্বানীৰ পৰিয়ালক অতি ভদ্ৰ আৰু নম্ৰ বুলি জনা যায়। ধনকুবেৰ হোৱা স্বত্বেও মুকেশ আম্বানী তথা তেওঁৰ পৰিয়ালে তলৰ কৰ্মচাৰীসকলক সদায় সুব্যৱহাৰ কৰি আহিছে। কোনো নিম্নবর্গৰ কর্মীকে আম্বানী দম্পতীয়ে কেতিয়াও বেয়া ব্যৱহাৰ কৰাৰ উদাহৰণ কেতিয়াও পোহৰলৈ অহা নাই৷ শেহতীয়াকৈ এজন চকীদাৰক অশোভনীয় ব্যৱহাৰ কৰাৰ বাবেই পুত্র আকাশক মুকেশ আম্বানীয়ে তিৰস্কাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ সন্তানক মূল্যবোধৰ শিক্ষা আৰু সংস্কাৰ প্ৰদান কৰি ডাঙৰ-দীঘল কৰিছে। নীতা আৰু মুকেশে সন্তান আকাশ, ঈষা আৰু অনন্তক সৰুৰে পৰা টকাৰ মূল্য বুজিবলৈ আৰু শিপা খামুচি থাকিবলৈ শিক্ষা প্ৰদান কৰি আহিছে। সমাজৰ প্রতিটো স্তৰৰ লোককে সদায় ভাল ব্যৱহাৰ তথা শিষ্টাচাৰ প্রদর্শন কৰাটো বিচাৰে আম্বানী দম্পতীয়ে। শেহতীয়াকৈ নীতা আম্বানীয়ে চিমি গাৰেৱালক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে, "তেওঁৰ স্বামীয়ে তেওঁলোকৰ সন্তানক ভাল মানুহ হোৱাটো বিচাৰে। মুকেশ আম্বানী মাটিৰ মানুহ আৰু তেওঁ বিচাৰে যে তেওঁৰ সন্তানসকল ভাল মানুহ হওক। মুকেশে সদায় বিচাৰে যে তেওঁৰ সন্তানে টকাৰ মূল্য বুজি পাওক আৰু তেওঁ কয় যে টকা গছত নালাগে। টকা উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।"

এবাৰ মোৰ ডাঙৰ পুত্ৰ আকাশে এজন চকীদাৰৰ সৈতে কিবা কথাত তৰ্ক কৰি আছিল আৰু আকাশে চকীদাৰজনক চিঞৰি চিঞৰি কথা কৈ আছিল। মুকেশে এই দৃশ্য দেখাৰ পাছত তেওঁৰ বহুত খং উঠিছিল।চকীদাৰজনক বেয়া আচৰণ কৰা বাবে আকাশক গালি পাৰিছিল মুকেশে। পুত্র আকাশ আম্বানীক এই ঘটনাৰ বাবে চকীদাৰজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ নির্দেশ দিছিল পিতৃ আম্বানীয়ে। আকাশে পিতৃৰ নিৰ্দেশত চকীদাৰজনক ক্ষমা বিচাৰিছিল।" আম্বানী পৰিয়ালৰ এই মূল্যবোধ তথা সংস্কাৰমূলক আচৰণ বৰ্তমান দেশজুৰি চৰ্চিত হৈ পৰিছে।

আৰু পঢ়কঃ খাদ্যৰ সোৱাদ পাব, গোন্ধ পাব! বিশ্ববাসীৰ সন্ত্ৰাসৰ কাৰণ হোৱা কি এই অ’মিক্ৰন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?