--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰজোৰা কৃষক আন্দোলনৰ ওচৰত সেও মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি তিনিখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ সেই ঘোষণাক দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকে আদৰণি জনাইছিল যদিও কৃষক সংগ্ৰামৰ নেতৃবৃন্দই প্ৰধানমন্ত্ৰীৰ মৌখিক প্ৰতিশ্ৰুতিত পতিয়ন যোৱা নাছিল৷ তাৰ দুদিন পাছতেই পঞ্জাৱত অনুষ্ঠিত হৈছিল কৃষক মহাপঞ্চায়ত৷ আৰু আজি সংসদৰ শীতকালীন অধিৱেশনত মৌখিক ভোটত তিনিখন কৃষি আইন বাতিলৰ বাবে গৃহীত কৰা হ’ল বিধেয়ক৷ কৃষক বিদ্ৰোহ, প্ৰধানমন্ত্ৰীৰ আশ্বাসৰ বিশ্বাসহীনতাৰ পৰা আৰু সংসদত কৃষি আইন তিনিখন বাতিলৰ বাবে বিধেয়ক গৃহীত কৰালৈ এই পৰিক্ৰমাটোৱে উন্মোচন কৰিছে কেতবোৰ নতুন দিশ৷


সংসদৰ শীতকালীন অধিৱেশনত আজি কৃষি আইন তিনিখন প্ৰত্যাহাৰ হ'ল যদিও যোৱা বছৰ লোকসভা আৰু ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ দুয়োখন সদনতে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছিল কৃষি আইন তিনিখন৷ কৃষকৰ প্ৰতিবাদ, বিৰোধীৰ আপত্তিক নস্যাৎ কৰি কেৱল সংখ্যাৰ জোৰতেই প্ৰধানমন্ত্ৰীয়ে কৃষি আইন তিনিখন সংসদত গৃহীত কৰোৱাৰ বাবে বাট মোকলাই দিছিল৷ আনকি, সেই সময়তে সংসদৰ অধিৱেশনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক আন্দোলনক চূড়ান্ত উপলুঙা কৰি আন্দোলনকাৰী কৃষকক 'আন্দোলনজীৱী' বুলি মন্তব্য কৰিছিল৷


ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাৰ প্ৰৱল আপত্তিৰ পাছতো বহুকেইটা সিদ্ধান্ত অকলেই গ্ৰহণ কৰিছিল৷ পৰৱৰ্তী সময়ত যাৰ কুফল ভোগ কৰিবলগীয়া হৈছে নাগৰিকে৷ দেশৰ অৰ্থনৈতিক ভেটিত বিৰূপ প্ৰভাৱ পেলোৱা বিমুদ্ৰাকৰণো আছিল প্ৰধানমন্ত্ৰীৰ একক সিদ্ধান্ত৷ তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ কাৰ্যকালতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ একাধিক গৱৰ্ণৰ সলনি হৈছিল। পদ এৰিছিল উৰ্জিত পেটেলে। বিমুদ্ৰাকৰণে ভাৰতৰ অৰ্থনীতিক কোঙা কৰি পেলোৱা বুলি বিশ্বৰ বহু অৰ্থনীতিবিদে ইতিমধ্যে মতপোষণ কৰিছে। ঠিক একেদৰে ভুলভাৱে জিএছটি আৰোপ কৰা বুলিও প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আছে। বিমুদ্ৰাকৰণৰ সময়ছোৱাত দেশত ৩৩লাখ লোক মৃত্যুমুখত পৰিছে। কোটি কোটি নাগৰিকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে। এই সিদ্ধান্তবোৰ গ্ৰহণ কৰোঁতে প্ৰধানমন্ত্ৰীয়ে দেশৰ বিৰোধী দল অথবা বিশিষ্ট নাগৰিকৰ মতামতক কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল। আনহে নালাগে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনতে ক্ৰমশ: সংকুচিত হৈ আহিবলৈ ধৰিলে গণতন্ত্ৰৰ চৰিত্ৰ। নাগৰিকে হেৰুৱালে বাক-স্বাধীনতা। সংবাদ মাধ্যমৰ নিৰপেক্ষতাতো আহি পৰিল প্ৰশ্নবোধক। আনকি দেশৰ একাংশ সংবাদ প্ৰতিষ্ঠানে পুঁজিপতি আৰু বিজেপিক সন্তুষ্ট কৰিবলৈ নাগৰিকৰ মনৰ পৰা আঁতৰি আহিল বহুযোজন বাট৷ ‘গোডী মিডিয়া’বুলিও অভিহিত কৰা হৈছে তেনে সংবাদ প্ৰতিষ্ঠানক৷


এনে এক প্ৰেক্ষাপটতে আৰম্ভ হৈছিল বিশ্বৰ দৃষ্টি নিবদ্ধ হোৱা ভাৰতৰ কৃষি বিদ্ৰোহ৷ যি বিদ্ৰোহৰ অগ্নিশিখাই ভেটি কঁপাই তুলিলে বিজেপিৰ৷ যাৰ ফলত আসন্ন উত্তৰ প্ৰদেশ, পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজয়ৰ শংকাত বাতিল কৰিবলৈ বাধ্য হ'ল কৃষি আইন তিনিখন৷ আজি সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছতো কৃষক আন্দোলনৰ গুৰি ধৰোঁতা ৰাকেশ টিকাইটে মন্তব্য কৰিছে যে কৃষক আন্দোলনত অংশ লোৱা কৃষকসকলৰ ওপৰত জাপি দিয়া সকলো গোচৰ প্ৰত্যাহাৰ নকৰাপৰ্যন্ত এই আন্দোলন বন্ধ নকৰে ভাৰতীয় কিষাণ ইউনিয়নে৷ ৰাকেশ টিকাইটৰ দৃঢ় মত আৰু স্থিতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী প্ৰতিগৰাকী নাগৰিককে মুগ্ধ কৰিছে৷ উত্তৰ প্ৰদেশ, পঞ্জাৱৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে কৃষি আইন তিনিখন বাতিল কৰা বুলি সন্দেহ ব্যক্ত কৰিছে বহুজনে৷ হয়তো, ছমাহ পাছত নতুন সাজেৰে কৃষি আইন তিনিখন পুনৰ উত্থাপন হ'ব পাৰে৷ এনে পৰিপ্ৰেক্ষিতত ৰাকেশ টিকাইট আৰু কৃষক বিদ্ৰোহত অংশ লোৱা লক্ষাধিক কৃষকৰ আপোচহীন স্থিতি আৰু অবিচলিত দৃষ্টিভংগী দেশৰ গণতন্ত্ৰৰ বাবেই শুভ লক্ষণ বুলি বহুতে ক'ব খোজে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি