--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাকেশ টিকাইট আৰু এক বিদ্ৰোহ। বিশ্বৰ দৃষ্টি নিবদ্ধ হোৱা ভাৰতৰ কৃষি বিদ্ৰোহ৷ যি বিদ্ৰোহৰ অগ্নিশিখাই ভেটি কঁপাই তুলিলে বিজেপিৰ৷ যাৰ ফলত আসন্ন উত্তৰ প্ৰদেশ, পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজয়ৰ শংকাত বাতিল কৰিবলৈ বাধ্য হ’ল কৃষি আইন তিনিখন৷ সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছতো কৃষক আন্দোলনৰ গুৰি ধৰোঁতা ৰাকেশ টিকাইটে মন্তব্য কৰিছে যে কৃষক আন্দোলনত অংশ লোৱা কৃষকসকলৰ ওপৰত জাপি দিয়া সকলো গোচৰ প্ৰত্যাহাৰ নকৰাপৰ্যন্ত এই আন্দোলন বন্ধ নকৰে ভাৰতীয় কিষাণ ইউনিয়নে৷ ৰাকেশ টিকাইটৰ দৃঢ় মত আৰু স্থিতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী প্ৰতিগৰাকী নাগৰিককে মুগ্ধ কৰিছে৷

ভাৰতীয়া কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় প্ৰবক্তা ৰাকেশ টকাইটৰ নাম অন্তৰ্ভুক্ত হৈছে লণ্ডনৰ '২১ শতিকাৰ আইকন' বঁটাৰ অন্তিম তালিকাত। ভাৰতীয় কিষাণ ইউনিয়নৰ উত্তৰ প্ৰদেশৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে জনায় যে, এই বঁটা ১০ ডিচেম্বৰত আগবঢ়োৱা হ'ব। এক সংবাদ মাধ্যমে জনোৱা অনুসৰি টিকাইট প্ৰতিবাদত ব্যস্ত থকা বাবে উক্ত বঁটা প্ৰদান অনুষ্ঠানলৈ যাব নোৱাৰে। কৃষকৰ দাবী মানি ল'লেহে তেওঁ পুৰষ্কাৰ গ্ৰহণ কৰিব বুলিও জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু