--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক আন্তঃ ৰাষ্ট্ৰীয় জৰীপে মালয়েছিয়াৰ ৰাজধানী কুয়ালালামপুৰক তেওঁলোকৰ এক্সপেট চিটি ৰেংকিং ২০২১ ত পৰ্যটকৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠ আৰু সুন্দৰ চহৰ হিচাপে স্থান দিছে। দক্ষিণ স্পেইনৰ বন্দৰ চহৰ মালাগা দ্বিতীয় আৰু তৃতীয় ডুবাই স্থানত আছে। এই তিনিওখন চহৰ ভৌগোলিকভাৱে বৈচিত্ৰ্যপূৰ্ণ আৰু পৰ্যটকৰ বাবেও আৰ্কষণৰ কেন্দ্ৰবিন্দু৷

ইণ্টাৰনেটৰ মাধ্যমেৰে চলা এই জৰীপত পৃথিৱীৰ ৪ নিযুততকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য যে, কুয়ালালামপুৰত বাস কৰা অধিকাংশ লোকেই হৈছে প্ৰবাসী৷ শীৰ্ষত থকা তিনিওখন চহৰে তিনিখন শীৰ্ষ চহৰৰ বাসিন্দাসকলে কয় যে আমি বসবাস কৰা স্থানত থিতাপি লোৱা সকলো লোকৰে লগত বন্ধু গঢ়টো সহজ। কুয়ালালামপুৰ আৰু মালাগাত বিদেশী বাসিন্দাসকলে জীৱনধাৰণৰ বাবে সুলভ ব্যয় আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা খুবেই ভাৰসাম্য৷ আনহাতে মালাগা আৰু ডুবাই দুয়োদেশৰ প্ৰবাসীসকলে উচ্চ মানদণ্ডৰ জীৱনৰ ওপৰত গুৰুত্ব দিয়ে।

শীৰ্ষস্থান দখল কৰা কুয়ালালামপুৰ চহৰৰ বিষয়ে জৰীপত প্ৰকাশ পোৱা তথ্যসমূহ এনেধৰণৰ-
৮৫% সাধাৰণতে জীৱনৰ সৈতে সুখী
৭৮% জীৱন ধাৰণৰ ব্যয়ত সুখী
৬৫% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৭১% তেওঁলোকৰ চাকৰিত সুখী
৭২% তেওঁলোকৰ কৰ্ম-জীৱনৰ সৈতে সুখী
৭৮% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

শীৰ্ষস্থান দখল কৰা কুয়ালালামপুৰ চহৰ

দ্বিতীয় স্থান দখল কৰা স্পেইনৰ মালাগা চহৰৰ তথ্যসমূহ এনেধৰণৰ-
৮৬% সাধাৰণতে জীৱনৰ সৈতে সুখী
৮৬% জীৱন ধাৰণৰ ব্যয়ত সুখী
৬৯% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৪৮% তেওঁলোকৰ কামত সুখী
৬২% তেওঁলোকৰ কৰ্মজীৱনৰ সৈতে সুখী
৮১% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

দ্বিতীয় স্থান দখল কৰা স্পেইনৰ মালাগা চহৰ

তৃতীয় স্থান দখল কৰা ডুবাই চহৰৰ তথ্যসমূহ এনেধৰণৰ-

৭২% সাধাৰণতে জীৱনৰ সৈতে সুখী
৩১% জীৱন ধাৰণৰ ব্যয়ত সুখী
৫০% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৬৫% তেওঁলোকৰ কামত সুখী
৫৬% তেওঁলোকৰ কৰ্মজীৱনৰ সৈতে সুখী
৮১% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

তৃতীয় স্থান দখল কৰা ডুবাই চহৰ

আনহাতে, শীৰ্ষ ১০ সংখ্যক স্থান লাভ কৰা আন চহৰবোৰ আছিল: চিডনী, অষ্ট্ৰেলিয়া (চতুৰ্থ); ছিংগাপুৰ (পঞ্চম); হো চি মিন চিটি, ভিয়েটনাম (ষষ্ঠ); প্ৰাগ, চেক গণৰাজ্য (সপ্তম); মেক্সিকো চিটি, মেক্সিকো (অষ্টম); বাছেল, চুইজাৰলেণ্ড (নৱম); মাদ্ৰিদ, স্পেইন (দশম)।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু