--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক আন্তঃ ৰাষ্ট্ৰীয় জৰীপে মালয়েছিয়াৰ ৰাজধানী কুয়ালালামপুৰক তেওঁলোকৰ এক্সপেট চিটি ৰেংকিং ২০২১ ত পৰ্যটকৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠ আৰু সুন্দৰ চহৰ হিচাপে স্থান দিছে। দক্ষিণ স্পেইনৰ বন্দৰ চহৰ মালাগা দ্বিতীয় আৰু তৃতীয় ডুবাই স্থানত আছে। এই তিনিওখন চহৰ ভৌগোলিকভাৱে বৈচিত্ৰ্যপূৰ্ণ আৰু পৰ্যটকৰ বাবেও আৰ্কষণৰ কেন্দ্ৰবিন্দু৷

ইণ্টাৰনেটৰ মাধ্যমেৰে চলা এই জৰীপত পৃথিৱীৰ ৪ নিযুততকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য যে, কুয়ালালামপুৰত বাস কৰা অধিকাংশ লোকেই হৈছে প্ৰবাসী৷ শীৰ্ষত থকা তিনিওখন চহৰে তিনিখন শীৰ্ষ চহৰৰ বাসিন্দাসকলে কয় যে আমি বসবাস কৰা স্থানত থিতাপি লোৱা সকলো লোকৰে লগত বন্ধু গঢ়টো সহজ। কুয়ালালামপুৰ আৰু মালাগাত বিদেশী বাসিন্দাসকলে জীৱনধাৰণৰ বাবে সুলভ ব্যয় আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা খুবেই ভাৰসাম্য৷ আনহাতে মালাগা আৰু ডুবাই দুয়োদেশৰ প্ৰবাসীসকলে উচ্চ মানদণ্ডৰ জীৱনৰ ওপৰত গুৰুত্ব দিয়ে।

শীৰ্ষস্থান দখল কৰা কুয়ালালামপুৰ চহৰৰ বিষয়ে জৰীপত প্ৰকাশ পোৱা তথ্যসমূহ এনেধৰণৰ-
৮৫% সাধাৰণতে জীৱনৰ সৈতে সুখী
৭৮% জীৱন ধাৰণৰ ব্যয়ত সুখী
৬৫% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৭১% তেওঁলোকৰ চাকৰিত সুখী
৭২% তেওঁলোকৰ কৰ্ম-জীৱনৰ সৈতে সুখী
৭৮% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

শীৰ্ষস্থান দখল কৰা কুয়ালালামপুৰ চহৰ

দ্বিতীয় স্থান দখল কৰা স্পেইনৰ মালাগা চহৰৰ তথ্যসমূহ এনেধৰণৰ-
৮৬% সাধাৰণতে জীৱনৰ সৈতে সুখী
৮৬% জীৱন ধাৰণৰ ব্যয়ত সুখী
৬৯% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৪৮% তেওঁলোকৰ কামত সুখী
৬২% তেওঁলোকৰ কৰ্মজীৱনৰ সৈতে সুখী
৮১% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

দ্বিতীয় স্থান দখল কৰা স্পেইনৰ মালাগা চহৰ

তৃতীয় স্থান দখল কৰা ডুবাই চহৰৰ তথ্যসমূহ এনেধৰণৰ-

৭২% সাধাৰণতে জীৱনৰ সৈতে সুখী
৩১% জীৱন ধাৰণৰ ব্যয়ত সুখী
৫০% লোকে কয় যে নতুন বন্ধু গঢ়াত সহজ
৬৫% তেওঁলোকৰ কামত সুখী
৫৬% তেওঁলোকৰ কৰ্মজীৱনৰ সৈতে সুখী
৮১% চিকিৎসা সেৱাৰ মানদণ্ডত সুখী

তৃতীয় স্থান দখল কৰা ডুবাই চহৰ

আনহাতে, শীৰ্ষ ১০ সংখ্যক স্থান লাভ কৰা আন চহৰবোৰ আছিল: চিডনী, অষ্ট্ৰেলিয়া (চতুৰ্থ); ছিংগাপুৰ (পঞ্চম); হো চি মিন চিটি, ভিয়েটনাম (ষষ্ঠ); প্ৰাগ, চেক গণৰাজ্য (সপ্তম); মেক্সিকো চিটি, মেক্সিকো (অষ্টম); বাছেল, চুইজাৰলেণ্ড (নৱম); মাদ্ৰিদ, স্পেইন (দশম)।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ