--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লটাৰী ফুলায় বহু লোকৰ ভাগ্য। ব্ৰিটেইনত মাতৃ আৰু পুত্ৰ দুয়োৱে ৩০-৩০ লাখ টকাৰ লটাৰী কৰে। এই খবৰে আনন্দিত কৰি তুলিছে মাতৃ-পুত্ৰ দুয়োকে। আশ্বৰ্যকৰ কথাটো হ'ল মাতৃগৰাকীয়ে জীৱনত আগতে কেতিয়াও লটাৰীৰ টিকট কিনা নাছিল। জীৱনৰ প্ৰথম লটাৰীত তেওঁ ৩০ লাখ টকা পাবলৈ সক্ষম হ'ল। পুত্ৰৰ অনুৰোধ ৰক্ষা কৰিহে মহিলাগৰাকীয়ে লটাৰীৰ টিকট ক্ৰয় কৰিছিল।

ব্ৰিটেইন মাৰ্চিচাইডৰ ৬০ বছৰীয়া কেথলিন মিলাৰে তেওঁৰ ৩৫ বছৰীয়া পুত্ৰ পলৰ জোৰত এটা লটাৰী টিকট কিনিছিল।লটাৰীৰ খেলখনত কেথলিন আৰু তেওঁৰ পুত্ৰ পলে দুয়োজনে ৩০-৩০ লাখ টকাৰ লটাৰী পাই সকলোকে আচৰিত কৰি তোলে। কেথলিনৰ ভাগ্য জিলিকি উঠাৰ সন্দৰ্ভত কয় যে মই লটাৰীৰ টিকট কেতিয়াও কিনি পোৱা নাছিলোঁ। মোৰ পুত্ৰই জোৰ দি ধৰাতহে মই লটাৰীৰ টিকটটো কিনিছিলো। পিপলছ পোষ্টকোড লটাৰী খেলিবলৈ মোৰ পুত্ৰই উৎসাহ যোগালে। জীৱনৰ প্ৰথম লটাৰীত ইমান টকা পাই সঁচাই মই ভাগ্যশালী বুলি অনুভৱ কৰিছোঁ। ভাগ্য নিজেই মোৰ ওচৰলৈ আগবাঢ়ি আহিল..সেয়ে ভগৱানক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আৰু পঢ়কঃ ‘মোৰ মৃত্যুৰ বাবে শাহু দায়ী’! হাতৰ তলুৱাত এনেদৰে লিখি আত্মহত্যা বোৱাৰীৰ

পুত্ৰ পলেও নিজৰ লগতে মাকৰ ভাগ্য দেখি আনন্দত আত্মহাৰা হৈ পৰিছে। পিপলছ পোষ্টকোড লটাৰী এম্বেচাডৰ মেট জনছনে কেথলিনৰ গ ঘৰলৈ গৈ টকাৰ চেক প্ৰদান কৰে। মেট জনছনে কয় যে পিপলছ পোষ্টকোড লটাৰী খেলখন খ্ৰীষ্টমাছৰ বিশেষ অভিযানৰ অংশ আছিল।ইয়াৰে প্ৰতিটো টিকটৰ কমেও ৩৩% দাতব্য প্ৰতিষ্ঠানলৈ যায় আৰু দাতব্য ধন সংগ্ৰহ কৰা হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ