--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত পুনৰ উত্থাপন হৈছে নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰসংগ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কালি দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) কাৰ্যকৰী নকৰে। কেৰালা
চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ সমাপ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, নাগৰিকত্ব সংশোধনী আইন (চিএএ) সন্দৰ্ভত চৰকাৰৰ স্পষ্ট স্থিতি আছে। আৰু সেই স্থিতি অব্যাহত থাকিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানত উল্লেখ কৰা অনুসৰি আমাৰ দেশ ধৰ্মনিৰপেক্ষতাৰ নীতিৰ আধাৰত পৰিচালিত৷ আজিকালি ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰাৰ চেষ্টা চলাই থকা হৈছে। দেশৰ এটা নিৰ্দিষ্ট গোট এই বিষয়ে যথেষ্ট চিন্তিত। শেহতীয়া এটা ঘটনাত, কিছুমান লোকে ধৰ্মৰ আধাৰত নাগৰিকত্ব নিৰ্ধাৰণ কৰি আছিল। কেৰালা চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে।

তেওঁ লগতে কয়, নাগৰিকৰ মাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও প্ৰচেষ্টা চলিছে৷ কিন্তু ইয়াত, আমাৰ সমাজৰ আটাইতকৈ দৰিদ্ৰ পৰিয়ালবোৰ চিনাক্ত কৰিবলৈ এটা জৰীপ সম্পূৰ্ণ কৰা হৈছে। এই জৰীপৰ অংশ হিচাপে পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব৷

এলডিএফ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনত ভাষণ প্ৰদান কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে পুনৰ কয় যে ৰাজ্যখনে নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী নকৰে৷ ৰাজ্য চৰকাৰে এক দৃঢ় স্থিতি গ্ৰহণ কৰিছে যে ধৰ্মৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব নিৰ্ধাৰণ কৰা নহ’ব৷ 

যোৱা মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ শিলিগুৰিত কৈছিল যে ক’ভিড-১৯ মহামাৰী সমাপ্ত হোৱাৰ পাছত আইনখন কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰিছিল৷ 
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল৷ কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই৷ এই আইনৰ উদ্দেশ্য হৈছে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত উৎপীড়নৰ সন্মুখীন হোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক নাগৰিকত্ব প্ৰদান কৰা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প