--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনতাৰ মূৰত ইটোৰ পিছত সিটোকৈ কৰৰ বোজা জাপি দিয়া কেন্দ্ৰীয় চৰকাৰে পুনৰ জনতাক ৰামটাঙোন শোধাবলৈ আগবাঢ়িছে। আন এক হঠকাৰী সিদ্ধান্তৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ জনসাধাৰণৰ পৰা পুনৰ ধন সৰকোৱাৰ ফন্দী পাতিছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা আৰু বিনামূলীয়া নহ'ব আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ লিংক ব্যৱস্থা। কিন্তু ইয়াৰ বাবে এতিয়াৰ পৰা দেশৰ জনসাধাৰণে পৰিশোধ কৰিব লাগিব নিৰ্দিষ্ট পৰিমাণৰ ধন।

উল্লেখ্য যে আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ ইতিমধ্যে চলিত বৰ্ষৰ ৩১ মাৰ্ছৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। প্ৰাথমিক অৱস্থাত এই প্ৰক্ৰিয়াৰ বাবে জনসাধাৰণে কোনো ব্যয় কৰিবলগীয়া হোৱা নাছিল যদিও শেহতীয়া সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰে ১ এপ্ৰিলৰ পিছত আধাৰ-পেন লিংকৰ বাবে ধন পৰিশোধ কৰিবলগীয়া হৈছে। 

যোৱা ২৯ মাৰ্চত এখন অধিসূচনা ঘোষণা কৰি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ(CBDT)- এ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৩০ মাৰ্চত জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই সিদ্ধান্ত সম্পৰ্কে উল্লেখ কৰা হৈছিল।

চিডিডিটি- ৰ সিদ্ধান্ত অনুসৰি, ৩০ জুন বা তাৰ পূৰ্বে পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰিবলৈ দেশৰ জনতাই ৫০০ টকা পৰিশোধ কৰিব লাগিব।  এইদৰে ১ জুলাই বা তাৰ পিছত পেন-আধাৰ লিংক কৰিলে পৰিশোধ কৰিব লাগিব ১০০০ টকাকৈ।  

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে এক বিজ্ঞপ্তি জাৰি কৰি কৈছে যে আয়কৰ আইন, ১৯৬১ ৰ ধাৰা ২৩৪ এইচ-ৰ অধীনত নিৰ্ধাৰিত মাচুল সম্পৰ্কে আয়কৰ নিয়ম, ১৯৬২ সংশোধন কৰা হৈছে। সংশোধনীৰ পিছত যিসকল নাগৰিকে ২০২২ চনৰ ৩১ মাৰ্চলৈকে আধাৰ আৰু পেন লিংক নকৰে, তেওঁলোকে ২০২৩ চনৰ ৩১ মাৰ্চলৈকে আন এটা সুযোগ পাব। কিন্তু এই সুযোগ গ্ৰহণৰ বাবে জৰিমনা ভৰিব লাগিব।

চিবিডিটিৰ মতে, যিসকল কৰদাতাই  লিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত পেন কাৰ্ড আধাৰৰ সৈতে লিংক নকৰে, তেওঁলোকে ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে জৰিমনা পৰিশোধ কৰিব লাগিব। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে, তিনি মাহৰ বাবে জৰিমনাৰ পৰিমাণ হ’ব ৫০০ টকা। ইয়াৰ পিছত অহা বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত পেন আৰু আধাৰ লিংক কৰাৰ বাবে ১,০০০ টকা মাচুল পৰিশোধ কৰিব লাগিব।

আনহাতে চিবিডিটি- এ উল্লেখ কৰে যে ২০২৩ চনৰ ৩১ মাৰ্চলৈকে আধাৰ-পেন কাৰ্ড লিংক নকৰিলেও পেন কাৰ্ডৰ ব্যৱহাৰ অব্যাহত ৰাখিব পাৰিব। অৰ্থাৎ আধাৰৰ সৈতে লিংক নকৰিলেও পেন কাৰ্ড ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব তথা ধন ঘূৰাই দিবও পাৰিব। 

কিন্তু ৩১ মাৰ্চৰ পিছত যদি পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰা নহয়, তেতিয়া পেন কাৰ্ডটো নিষ্ক্ৰিয় হৈ পৰিব। যদি কোনো ব্যক্তিৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰে, তেতিয়াও ব্যক্তি গৰাকীৰ ওপৰত জৰিমনা আৰোপ কৰা হ’ব বুলি চিবিডিটি- এ বিবৃতিটোত উল্লেখ কৰিছে। 

চিবিডিটি- এ প্ৰকাশ কৰা মতে যদি কোনো ব্যক্তিৰ পেন কাৰ্ডখন নিষ্ক্ৰিয় হয়, তেতিয়া আয়কৰ আইনৰ ধাৰা ২৭২ বি- ৰ অধীনত ১০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ